প্ৰধানমন্ত্ৰীয়ে আজি জি-২০ শীৰ্ষ সন্মিলনৰ তৃতীয় অধিৱেশনত "সকলোৰে বাবে এক স্বচ্ছ আৰু ন্যায়সংগত ভৱিষ্যত - জটিল খনিজ; মান্য কাম; কৃত্ৰিম বুদ্ধিমত্তা" শীৰ্ষক বিষয়ত ভাষণ প্ৰদান কৰে। প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভাষণত জটিল প্ৰযুক্তিৰ প্ৰচাৰৰ ধৰণত মৌলিক পৰিৱৰ্তন আনিবলৈ আহ্বান জনায়। তেওঁ উল্লেখ কৰে যে  প্ৰযুক্তিৰ প্ৰয়োগ ‘বিত্তকেন্দ্ৰিক’তকৈ ‘মানৱকেন্দ্ৰিক’, ‘ৰাষ্ট্ৰীয়’তকৈ ‘গোলকীয়’ হ’ব লাগিব আৰু ‘একচেটিয়া’ আৰ্হিৰ পৰিৱৰ্তে ‘মুক্ত উৎস’ৰ ওপৰত ভিত্তি কৰি হ’ব লাগিব। তেওঁ   কয় যে এই দৃষ্টিভংগী ভাৰতৰ প্ৰযুক্তিগত পৰিৱেশ তন্ত্ৰৰ সৈতে সংযুক্ত কৰা হৈছে আৰু ইয়াৰ  ফলত উল্লেখযোগ্য ফলাফল দেখিবলৈ পোৱা গৈছে,  সেয়া মহাকাশৰ ক্ষেত্ৰত কৰা  প্ৰয়োগেই হওক, এআইয়েই হওক বা ডিজিটেল পেমেণ্টৰ বিষয়তেই  হওক।

 

কৃত্ৰিম বুদ্ধিমত্তাৰ বিষয়ত  ভাষণ দি প্ৰধানমন্ত্ৰীয়ে ন্যায্য প্ৰৱেশ, জনসংখ্যা ভিত্তিক  দক্ষতা  আৰু দায়িত্বশীল নিয়োগৰ বিষয়ত  ভিত্তি কৰি ভাৰতৰ পদ্ধতিৰ ৰূপৰেখা দাঙি ধৰে। তেওঁ উল্লেখ কৰে যে ভাৰত-এআই মিছনৰ অধীনত এআইৰ সুবিধাসমূহ যাতে দেশৰ সকলোৰে মাজলৈ যায় সেই উদ্দেশ্যেৰে সুলভ উচ্চ-কাৰ্য্যক্ষম কম্পিউটিং ক্ষমতা গঢ়ি তোলা হৈছে। এআইয়ে বিশ্বজুৰি  হিতসাধনকাৰীলৈ   ৰূপান্তৰিত হ’ব লাগিব বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে স্বচ্ছতা, মানৱ তদাৰকী, ডিজাইন অনুসৰি সুৰক্ষা তথা অপব্যৱহাৰ প্ৰতিৰোধৰ নীতিৰ বিষয়ত ভিত্তি কৰি এক বিশ্বব্যাপী চুক্তিৰ আহ্বান জনায়। তেওঁ  কয় যে এআইয়ে মানুহৰ সামৰ্থ্যক সম্প্ৰসাৰিত কৰিব লাগিব যদিও চূড়ান্ত সিদ্ধান্ত মানুহে নিজেই ল’ব লাগে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ভাৰতে ২০২৬ চনৰ ফেব্ৰুৱাৰী মাহত ‘সৰ্বজনম হিতায়া, সৰ্বজনম সুখায়া’ [সকলোৰে কল্যাণ, সকলোৰে বাবে সুখ] শীৰ্ষক বিষয়বস্তুৰে এআই ইমপেক্ট সন্মিলন আয়োজন কৰিব। তেওঁ  জি-২০ৰ সকলো দেশকে এই প্ৰচেষ্টাত যোগদান কৰিবলৈ আমন্ত্ৰণ জনায়।

 

প্ৰধানমন্ত্ৰীয়ে  কয় যে এআইৰ যুগত আমাৰ দৃষ্টিভংগীক ‘আজিৰ চাকৰি’ৰ পৰা ‘কাইলৈৰ সামৰ্থ্য’লৈ দ্ৰুতগতিত স্থানান্তৰিত কৰাৰ প্ৰয়োজন আছে। নতুন দিল্লী জি-২০ সন্মিলনত প্ৰতিভাৰ গতিশীলতাৰ বিষয়ত  হোৱা অগ্ৰগতিৰ কথা স্মৰণ  কৰি তেওঁ প্ৰস্তাৱ আগবঢ়ায় যে গোটটোৱে অনাগত বছৰবোৰত প্ৰতিভাৰ গতিশীলতাৰ বাবে গ্ল’বেল ফ্ৰেমৱৰ্ক প্ৰস্তুত কৰিব লাগে।

 

বিশ্ব মংগলৰ বাবে ভাৰতৰ বাৰ্তা আৰু দায়বদ্ধতাক স্পষ্ট কৰি প্ৰধানমন্ত্ৰীয়ে কয় – যিটোৰ বাবে ভাৰতে  থিয় দিছে সেয়া হৈছে বহনক্ষম উন্নয়ন, বিশ্বাসযোগ্য বাণিজ্য, ন্যায্য বিত্ত আৰু সকলোকে সমৃদ্ধিশালী কৰিব পৰা প্ৰগতি।

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
In 2019, India launched its first Vande Bharat Express; seven years later came the sleeper version, and Railways now plans 260 Vande sleeper rakes with world-class features

Media Coverage

In 2019, India launched its first Vande Bharat Express; seven years later came the sleeper version, and Railways now plans 260 Vande sleeper rakes with world-class features
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 3 ছেপ্টেম্বৰ 2026
September 03, 2026

A- Rating to Third-Largest Wind Producer: How Modi’s Policies Are Rewriting India’s Global Rank