প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি 'সামাজিক অন্তৰ্ভুক্তি আৰু ক্ষুধা আৰু দৰিদ্ৰতাৰ বিৰুদ্ধে যুঁজ' সন্দৰ্ভত জি-২০ সন্মিলনৰ উদ্বোধনী অধিৱেশনত ভাষণ দিয়ে। ব্ৰাজিলৰ ৰাষ্ট্ৰপতি মহামহিম শ্ৰীযুত লুইছ ইনাচিও লুলা দা ছিলভাক সন্মিলনখন আয়োজন কৰাৰ বাবে আৰু তেওঁৰ আন্তৰিকতাপূৰ্ণ আতিথ্যৰ বাবে প্ৰধানমন্ত্ৰীয়ে ধন্যবাদ জ্ঞাপন কৰে। বহনক্ষম উন্নয়ন লক্ষ্যত গুৰুত্ব দিয়া ব্ৰাজিলিয়ান জি-২০ কাৰ্যসূচীৰ প্ৰশংসা কৰি তেওঁ কয় যে এই পদ্ধতিয়ে ‘গোলকীয় দক্ষিণ’ৰ উদ্বেগৰ প্ৰসংগত আলোকপাত কৰিছে আৰু নতুন দিল্লী জি-২০ সন্মিলনৰ জনকেন্দ্ৰিক সিদ্ধান্তসমূহক আগুৱাই নিছে। তেওঁ লগতে উল্লেখ কৰে যে ভাৰতীয় জি-২০ প্ৰেচিডেন্সিৰ "এক পৃথিৱী, এক পৰিয়াল, এক ভৱিষ্যত"ৰ আহ্বান ৰিঅ'ৰ আলোচনাত প্ৰতিধ্বনিত হৈছে।

 

ক্ষুধা আৰু দৰিদ্ৰতাৰে মোকাবিলাৰ বাবে ভাৰত গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতে যোৱা দহ বছৰত ২৫০ নিযুত লোকক দৰিদ্ৰতাৰ গ্ৰাসৰ পৰা উলিয়াই আনিছে আৰু দেশৰ ৮০০ নিযুত লোকক বিনামূলীয়া খাদ্যদ্ৰব্য বিতৰণ কৰি আছে। খাদ্য সুৰক্ষাৰে মোকাবিলা কৰাত ভাৰতৰ সফলতাৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰে যে 'বেক টু বেচিক্স এণ্ড মাৰ্চ টু ফিউচাৰ' আধাৰিত দৃষ্টিভংগীয়ে ফলাফল প্ৰদান কৰিছে। তেওঁ মহিলাৰ নেতৃত্বত উন্নয়নৰ বাবে ভাৰতে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে অধিক বৰ্ণনা কৰে।

 

প্ৰধানমন্ত্ৰীয়ে আফ্ৰিকা আৰু আন ঠাইসমূহত খাদ্য সুৰক্ষা শক্তিশালী কৰাৰ বাবে ভাৰতে গ্ৰহণ কৰা পদক্ষেপসমূহৰ প্ৰসংগতো আলোকপাত কৰে। এই সন্দৰ্ভত তেওঁ ক্ষুধা আৰু দৰিদ্ৰতাৰ বিৰুদ্ধে এক গোলকীয় মিত্ৰতা স্থাপনৰ বাবে ব্ৰাজিলৰ পদক্ষেপক আদৰণি জনাই কয় যে চলিত সংঘৰ্ষৰ ফলত সৃষ্টি হোৱা খাদ্য, ইন্ধন আৰু সাৰৰ সংকটৰ ফলত ‘বিশ্ব দক্ষিণ’ গুৰুতৰভাৱে প্ৰভাৱিত হৈছে আৰু সেয়েহে তেওঁলোকৰ উদ্বেগক প্ৰাধান্য দিয়া উচিত।

 

প্ৰধানমন্ত্ৰীৰ সম্পূৰ্ণ মন্তব্য ইয়াত চাব পাৰিব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
‘Shortcuts will cut you short’: PM Modi’s message for youngsters at former President Kovind’s autobiography launch

Media Coverage

‘Shortcuts will cut you short’: PM Modi’s message for youngsters at former President Kovind’s autobiography launch
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 13 আগষ্ট 2026
August 13, 2026

Aatmanirbhar in Motion: Solar Homes, Made-in-India Containers, Record Exports & a Rising Global Footprint Under the Leadership of PM Modi