From the plants to your plate, from matters of physical strength to mental well-being, the impact and influence of Ayurveda and traditional medicine is immense: PM
People are realising the benefits of Ayurveda and its role in boosting immunity: PM Modi
The strongest pillar of the wellness tourism is Ayurveda and traditional medicine: PM Modi

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰ্চুৱেল ব্যৱস্থাৰে চতুৰ্থ গোলকীয় আয়ুৰ্বেদ মহোৎসৱ সম্বোধন কৰে।

অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে আয়ুৰ্বেদৰ প্ৰতি ক্ৰমবৰ্ধিত গোলকীয় আগ্ৰহৰ কথা উল্লেখ কৰে আৰু আয়ুৰ্বেদক লৈ বিশ্বজুৰি কাম কৰি থকা সকলো লোকৰ প্ৰচেষ্টাৰ শলাগ লয়। তেওঁ কয়, ‘আয়ুৰ্বেদক সঠিক অৰ্থত এক সামগ্ৰিক মানৱ বিজ্ঞান হিচাপে অভিহিত কৰিব পাৰি। শাৰিৰীক শক্তিৰ পৰা আৰম্ভ কৰি মানসিক শান্তিলৈকে আয়ুৰ্বেদ আৰু পৰম্পৰাগত ঔষধৰ প্ৰভাৱ অতি ব্যাপক।’

ক’ভিড-১৯ মহামাৰীৰ প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে কয় যে আয়ুৰ্বেদিক সামগ্ৰীৰ গোলকীয় চাহিদা দিনক দিনে বৃদ্ধি হৈ আছে। জনসাধাৰণে আয়ুৰ্বেদৰ উপযোগিতা আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত ইয়াৰ ভূমিকা ভালকৈ উপলব্ধি কৰিব পাৰিছে।

ভাৰতত স্বাস্থ্য পৰ্যটন উদ্যোগৰ সম্ভাৱনীয়তা সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয় যে এই পৰ্যটনৰ মূল কেন্দ্ৰবিন্দু হ’ল-ৰোগৰ চিকিৎসা কৰা আৰু সুস্থতা প্ৰসাৰিত কৰা। সেয়ে, স্বাস্থ্য পৰ্যটনৰ শক্তিশালী ভেঁটি হ’ল আয়ুৰ্বেদ আৰু পৰম্পৰাগত চিকিৎসা।

প্ৰধানমন্ত্ৰীয়ে আয়ুৰ্বেদ আৰু পৰম্পৰাগত চিকিৎসা পদ্ধতিক লৈ গভীৰ গৱেষণা কৰিবলৈ শিক্ষাবিদসকলক আহ্বান জনায়। তেওঁ ষ্টাৰ্ট-আপ সমূদায়ক আয়ুৰ্বেদ সামগ্ৰীৰ ওপৰত বিশেষভাৱে নজৰ ৰাখিবলৈ আহ্বান জনাইছে।

চৰকাৰৰ ফালৰ পৰা প্ৰধানমন্ত্ৰীয়ে আয়ুৰ্বেদলৈ পূৰ্ণ সমৰ্থন আগবঢ়োৱাৰ নিশ্চয়তা দিছে। তেওঁ জানিবলৈ দিয়ে যে ৰাষ্ট্ৰীয় আয়ুস মিছনে সূলভ মূল্যৰ আয়ুস সেৱাৰ জৰিয়তে আয়ুস চিকিৎসা পদ্ধতি প্ৰসাৰৰ কাম আৰম্ভ কৰিছে। বিশ্ব স্বাস্থ্য সংস্থাইও ভাৰতত পৰম্পৰাগত ঔষধৰ গোলকীয় কেন্দ্ৰ স্থাপনৰ কথা ঘোষণা কৰিছে বুলি প্ৰধানমন্ত্ৰীয়ে কয়।

বিভিন্ন দেশৰ পৰা শিক্ষাৰ্থীসকলে আয়ুৰ্বেদ আৰু পৰম্পৰাগত ঔষধৰ বিষয়ে অধ্যয়ন কৰিবলৈ ভাৰতলৈ আহে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে গোলকীয় সুস্থতাৰ বিষয়ে চিন্তা কৰাৰ এয়া উপযুক্ত সময়। তেওঁ বিশ্বজোৰা সুস্থতাক লৈ এক গোলকীয় সন্মিলন আয়োজনৰো পৰামৰ্শ আগবঢ়ায়।

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Defence ministry inks Rs 5,083 cr pact for acquisition of six Mk-III light helicopters and missiles

Media Coverage

Defence ministry inks Rs 5,083 cr pact for acquisition of six Mk-III light helicopters and missiles
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 4 মাৰ্চ 2026
March 04, 2026

Citizens Celebrate Colours of Confidence: PM Modi's Vision Powers Holi Joy, Jobs, Security, and Global Trust