আজি প্ৰভাৱশালী ৰাষ্ট্ৰই হওঁক বা গোলকীয় মঞ্চই হওঁক ভাৰতৰ ওপৰত আস্থা আগতকৈ সুদৃঢ় হৈছে: প্ৰধানমন্ত্ৰী
‘বিকশিত ভাৰত’ৰ বিকাশৰ গতি লক্ষণীয় হৈছে: প্ৰধানমন্ত্ৰী
বহুতো ‘উচ্চাকাংক্ষী জিলা’ এতিয়া দেশৰ ‘অনুপ্ৰেৰণাদায়ক জিলা’লৈ ৰূপান্তৰিত হৈছে: প্ৰধানমন্ত্ৰী
বেঙ্ক বিহীনক বেঙ্কিং, অসুৰক্ষিতক সুৰক্ষিত কৰা আৰু পুঁজি বিহীনক পুঁজি প্ৰদান কৰাটো হৈছে আমাৰ ৰণনীতি: প্ৰধানমন্ত্ৰী
আমি ব্যৱসায় কৰাৰ ভয়ক ব্যৱসায় কৰাৰ সহজতালৈ ৰূপান্তৰিত কৰিছোঁ: প্ৰধানমন্ত্ৰী
ভাৰত প্ৰথম তিনিটা ঔদ্যোগিক বিপ্লৱৰ পৰা বঞ্চিত হৈছিল কিন্তু চতুৰ্থটোত বিশ্বৰ সৈতে আগবাঢ়িবলৈ সাজু হৈছে: প্ৰধানমন্ত্ৰী
‘বিকশিত ভাৰত’ হোৱাৰ দিশত ভাৰতৰ যাত্ৰাত আমাৰ চৰকাৰে ব্যক্তিগত খণ্ডক এক গুৰুত্বপূৰ্ণ অংশীদাৰ হিচাপে গ্ৰহণ কৰিছে: প্ৰধানমন্ত্ৰী
মাত্ৰ ১০ বছৰত ২৫ কোটি ভাৰতীয় দৰিদ্ৰতাৰ পৰা ওলাই আহিছে: প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত অনুষ্ঠিত ‘ইটি নাও গ্লোবেল বিজনেছ ছামিট ২০২৫’ত উপস্থিত সকলক সম্বোধন কৰি স্মৰণ কৰে যে ‘ইটি নাও সন্মিলন’ৰ অন্তিম সংস্কৰণত তেওঁ বিনয়ৰে কৈছিল যে তেওঁলোকৰ তৃতীয়টো কাৰ্যকালত ভাৰতে এক নতুন গতিত কাম কৰিব। তেওঁ সন্তুষ্টি ব্যক্ত কৰে যে এই গতি এতিয়া স্পষ্ট হৈ উঠিছে আৰু দেশৰ পৰা সমৰ্থন লাভ কৰিছে। তেওঁ উৰিষ্যা, মহাৰাষ্ট্ৰ, হাৰিয়ানা আৰু নতুন দিল্লীৰ জনসাধাৰণক ‘বিকশিত ভাৰত’ৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ প্ৰতি অপৰিসীম সমৰ্থন দেখুওৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। তেওঁ ইয়াক এক উন্নত ভাৰতৰ লক্ষ্যৰ দিশত দেশৰ নাগৰিকসকলে কেনেদৰে কান্ধত কান্ধ মিলাই আগবাঢ়িছে তাৰ স্বীকৃতি বুলিয়ে স্বীকাৰ কৰে।

ফ্ৰান্স আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণৰ পৰা কালি উভতি অহা শ্ৰী মোদীয়ে কয়, "আজি প্ৰভাৱশালী ৰাষ্ট্ৰই হওঁক বা গোলকীয় মঞ্চই হওঁক, ভাৰতৰ ওপৰত আস্থা আগতকৈ অধিক সুদৃঢ় হৈছে"। তেওঁ লগতে কয় যে পেৰিছত অনুষ্ঠিত ‘এআই একচন সন্মিলন’তো এই অনুভূতি প্ৰতিফলিত হৈছে। প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে, "আজি ভাৰতে বিশ্ব-ভৱিষ্যত আলোচনাৰ কেন্দ্ৰত অৱস্থান গ্ৰহণ কৰিছে আৰু কিছুমানৰ ক্ষেত্ৰত নেতৃত্বও প্ৰদান কৰি আহিছে"। তেওঁ লগতে কয় যে এয়া হৈছে ২০১৪ চনৰ পৰা ভাৰতত অব্যাহত সংস্কাৰৰ এক নতুন বিপ্লৱৰ পৰিণাম। শ্ৰী মোদীয়ে উল্লেখ কৰে যে ভাৰতে বিগত দশকটোত বিশ্বৰ শীৰ্ষ ৫টা বৃহৎ অৰ্থনীতিৰ তালিকাত প্ৰৱেশ কৰিছে আৰু বিকশিত ভাৰতৰ উন্নয়নৰ গতিক প্ৰতীয়মান কৰিছে। তেওঁ লগতে কয় যে মানুহে শীঘ্ৰেই ভাৰতক বছৰচেৰেকৰ ভিতৰতে বিশ্বৰ ‘তৃতীয় বৃহত্তম অৰ্থনীতি’ হিচাপে পৰিগণিত হোৱাটো দেখিবলৈ। তেওঁ জোৰ দি কয় যে ভাৰতৰ দৰে যুৱ ৰাষ্ট্ৰ এখনৰ বাবে এইটোৱেই প্ৰয়োজনীয় গতি আৰু ভাৰতে এই গতিবেগেৰেই আগবাঢ়ি আছে।

 

প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে পূৰ্বৰ ব্যৱস্থাসমূহে কঠোৰ পৰিশ্ৰম কৰিব নিবিচৰাৰ মানসিকতাৰ লগতে সংস্কাৰ পৰিহাৰ কৰিছিল। তেওঁ লগতে কয় যে আজি ভাৰতত কৰা সংস্কাৰসমূহ সম্পূৰ্ণ দৃঢ়তাৰে কৰা হৈছে। তেওঁ উল্লেখ কৰে যে গুৰুত্বপূৰ্ণ সংস্কাৰে দেশখনত কেনেকৈ গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আনিব পাৰে সেই বিষয়ে খুব কম আলোচনা হৈছে। তেওঁ আঙুলিয়াই দি কয় যে ঔপনিৱেশিকতাৰ বোজাৰ তলত বাস কৰাটো ভাৰতত এটা অভ্যাস হৈ পৰিছিল। স্বাধীনতাৰ পাছতো ব্ৰিটিছ যুগৰ অৱশিষ্টক আগুৱাই নিয়াৰ প্ৰৱণতা অব্যাহত আছিল। তেওঁ এটা উদাহৰণ দাঙি ধৰি কয় যে 'ন্যায় বিলম্বিত হৈছে ন্যায় অস্বীকাৰ কৰা হৈছে' আদি বাক্যাংশ দীৰ্ঘদিন ধৰি শুনি অহা হৈছিল, কিন্তু এই সমস্যাটোৰ সমাধানৰ বাবে কোনো দৃঢ় পদক্ষেপ লোৱা হোৱা নাছিল। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে সময়ৰ লগে লগে মানুহে এই বিষয়সমূহত ইমানেই অভ্যস্ত হৈ পৰিছিল যে তেওঁলোকে পৰিৱৰ্তনৰ প্ৰয়োজনীয়তাকো লক্ষ্য কৰা নাছিল। তেওঁ যোগ দি কয় যে এনে এক পৰিস্থিতিতন্ত্ৰ আছিল যিয়ে ভাল কথাবোৰৰ আলোচনা হ'বলৈ নিদিছিল আৰু এনে আলোচনা প্ৰতিৰোধ কৰিবলৈ শক্তিহে প্ৰয়োগ কৰিছিল। শ্ৰী মোদীয়ে গুৰুত্ব আৰোপ কৰে যে গণতন্ত্ৰত ইতিবাচক বিষয়ৰ আলোচনা আৰু বিতৰ্ক কৰাটো হৈছে অতি গুৰুত্বপূৰ্ণ। অৱশ্যে, তেওঁ লগতে কয় যে নেতিবাচক কথা কোৱা বা নেতিবাচকতা বিয়পোৱাক গণতান্ত্ৰিক বুলি গণ্য কৰা হৈছিল, আনহাতে যদি ইতিবাচক বিষয়বোৰ আলোচনা কৰা হৈছিল, গণতন্ত্ৰক দুৰ্বল বুলি ‘লেবেল’ লগোৱাৰহে প্ৰয়াস কৰা হৈছিল। তেওঁ জোৰ দি কয় যে এই মানসিকতাৰ পৰা ওলাই অহাটো অতিকে অৱশ্যক।

এই পৰ্যন্ত ভাৰতত ঔপনিৱেশিক শাসন শক্তিশালী কৰা আৰু ভাৰতীয় নাগৰিকসকলক শাস্তি দিয়াৰ লক্ষ্যৰে নিৰ্ধাৰিত দণ্ডবিধি ১৮৬০ চনৰ বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে মূলত শাস্তিৰ অভিপ্ৰায় থকা ব্যৱস্থাই ন্যায় প্ৰদান কৰিব নোৱাৰে, যাৰ ফলত দীৰ্ঘম্যাদী বিলম্বৰ হুজুগ সৃষ্টি হয়। তেওঁ মন্তব্য কৰে যে ৭-৮ মাহ পূৰ্বে নতুন ‘ভাৰতীয় ন্যায়িক বিধি’ ৰূপায়ণ কৰাৰ পিছৰে পৰা লক্ষণীয় পৰিৱৰ্তন ঘটিছে। উদাহৰণ স্বৰূপে, এজাহাৰ দাখিল পৰাৰ পৰা শাস্তি পৰ্যন্ত মাত্ৰ ১৪ দিনৰ ভিতৰতে তিনিটীয়া হত্যাৰ গোচৰৰ ৰায়দান কৰা হৈছিল, য’ত আজীৱন কাৰাবাসৰ দণ্ড বিহা হৈছিল। একেদৰে, নাবালক হত্যাৰ এটা গোচৰ প্ৰক্ৰিয়া ২০ দিনৰ ভিতৰতে সমাপ্ত কৰা হৈছিল।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে গুজৰাটত ২০২৪ চনৰ ৯ অক্টোবৰত পঞ্জীয়ন কৰা দলবদ্ধ ধৰ্ষণৰ এটা গোচৰত ২৬ অক্টোবৰৰ ভিতৰত অভিযোগপত্ৰ দাখিল কৰা হৈছিল আৰু আজি আদালতে অভিযুক্তক দোষী সাব্যস্ত কৰিছে। তেওঁ অন্ধ্ৰ প্ৰদেশৰ আন এটা উদাহৰণ দাঙি ধৰে, য'ত এটা ৫ মাহীয়া শিশুৰ সৈতে জড়িত অপৰাধত আদালতে অপৰাধীক ২৫ বছৰৰ বাবে দণ্ডিত কৰিছিল, ডিজিটেল প্ৰমাণে ইয়াত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। আন এটা ক্ষেত্ৰত, ‘ই-কাৰাগাৰ মডিউল’-য়ে ধৰ্ষণ আৰু হত্যাৰ সন্দেহত জড়িত ব্যক্তিক বিচাৰি উলিওৱাত সহায় কৰিছিল যি আগতে আন এখন ৰাজ্যত কৰা অপৰাধৰ বাবে কাৰাবাস খাটিবলগীয়া হৈছিল, যিয়ে তাত্ক্ষণিক গ্ৰেপ্তাৰ সম্ভৱ কৰিছিল। তেওঁ কয় যে এনে বহুতো উদাহৰণ আছে য'ত মানুহে এতিয়া সময়োচিত ন্যায় লাভ কৰিছে।

 

সম্পত্তিৰ অধিকাৰ সম্পৰ্কীয় এক গুৰুত্বপূৰ্ণ সংস্কাৰৰ কথা উল্লেখ কৰা শ্ৰী মোদীয়ে ৰাষ্ট্ৰসংঘৰ এক অধ্যয়নৰ কথা উল্লেখ কৰি কয় যে এখন দেশত সম্পত্তিৰ অধিকাৰৰ অভাৱ হৈছে এক গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বান। তেওঁ উল্লেখ কৰে যে সমগ্ৰ পৃথিৱীখনতে লাখ লাখ লোকৰ সম্পত্তিৰ আইনী নথিপত্ৰৰ অভাৱ আছে আৰু সম্পত্তিৰ অধিকাৰ থকা কথাই দৰিদ্ৰতা হ্ৰাস কৰাত সহায় কৰে। তেওঁ উল্লেখ কৰে যে পূৰ্বৰ চৰকাৰসমূহ এই জটিলতাবোৰৰ বিষয়ে অৱগত আছিল যদিও এনে প্ৰত্যাহ্বানমূলক কামবোৰ পৰিহাৰ কৰি চলিছিল। তেওঁ জোৰ দি কয় যে এই পদ্ধতিয়ে এখন দেশ গঢ়িব বা চলাব নোৱাৰে। শ্ৰী মোদীয়ে কয় যে ‘স্বামিত্ব যোজনা’ আৰম্ভ কৰা হৈছে, য'ত দেশৰ ৩ লাখতকৈয়ো অধিক গাঁৱত ‘ড্ৰোন’ৰে জৰীপ কৰা হৈছিল আৰু ২.২৫ কোটিৰো অধিক লোকে ‘সম্পত্তি কাৰ্ড’ লাভ কৰিছে। তেওঁ মন্তব্য কৰে যে ‘স্বামিত্ব যোজনা’ৰ ফলত গ্ৰাম্যাঞ্চলসমূহত ১০০ লাখ কোটি টকাৰ সম্পত্তি উন্মুক্ত কৰা হৈছে। এই সম্পত্তিবোৰ আগতেও বিদ্যমান আছিল কিন্তু সম্পত্তিৰ অধিকাৰৰ অভাৱৰ বাবেই অৰ্থনৈতিক বিকাশৰ বাবে ব্যৱহাৰ কৰিব পৰা নগৈছিল, তেওঁ লগতে কয়। শ্ৰী মোদীয়ে উল্লেখ কৰে যে সম্পত্তিৰ অধিকাৰ নথকাৰ বাবেই গাঁওবাসীয়ে বেংকৰ পৰা ঋণ লাভ কৰিব পৰা নাছিল। তেওঁ লগতে কয় যে এই সমস্যাটোৰ এতিয়া স্থায়ীভাৱে সমাধান কৰা হৈছে আৰু আজি সমগ্ৰ দেশত ‘স্বামিত্ব যোজনা’ৰ ‘সম্পত্তি কাৰ্ড’ৰ পৰা মানুহ কেনেদৰে লাভান্বিত হৈছে সেই সন্দৰ্ভত বহুতো প্ৰতিবেদন আহিবলৈ ধৰিছে। প্ৰধানমন্ত্ৰীয়ে এই আঁচনিৰ অধীনত ‘সম্পত্তি কাৰ্ড’ লাভ কৰা ৰাজস্থানৰ এগৰাকী মহিলাৰ সৈতে শেহতীয়াকৈ কৰা বাৰ্তালাপ সহভাগ কৰি কয় যে তেওঁৰ পৰিয়ালে ২০ বছৰ ধৰি এটা সৰু ঘৰত বাস কৰি আছিল আৰু ‘সম্পত্তি কাৰ্ড’ লাভ কৰাৰ পিছত তেওঁ বেংকৰ পৰা প্ৰায় ৮ লাখ টকাৰ ঋণ লাভ কৰিছিল। এই টকাৰে তেওঁ এখন দোকান আৰম্ভ কৰিছিল, আৰু উপাৰ্জনে এতিয়া তেওঁৰ সন্তানৰ উচ্চ শিক্ষাত সহায় কৰিছে। আন এখন ৰাজ্যৰ পৰা আন এটা উদাহৰণ উল্লেখ কৰি তেওঁ কয় যে এজন গাঁওবাসীয়ে বেংকৰ পৰা ৪.৫ লাখ টকা ঋণ লাভ কৰিবলৈ তেওঁৰ ‘সম্পত্তি কাৰ্ড’ ব্যৱহাৰ কৰিছিল আৰু পৰিবহন ব্যৱসায় আৰম্ভ কৰিবলৈ এখন গাড়ী কিনিছিল। আন এখন গাঁৱত, এজন কৃষকে তেওঁৰ ভূমিত আধুনিক জলসিঞ্চন সুবিধাৰ ব্যৱস্থা  কৰিবলৈ তেওঁৰ ‘সম্পত্তি কাৰ্ড’ৰ বিপৰীতে লোৱা ঋণ ব্যৱহাৰ কৰিছিল। প্ৰধানমন্ত্ৰীয়ে এনে বহুতো উদাহৰণ দাঙি ধৰে য'ত এই সংস্কাৰৰ ফলত গাঁও আৰু দৰিদ্ৰসকলে উপাৰ্জনৰ নতুন পথ বিচাৰি পাইছে। তেওঁ এইবোৰক সংস্কাৰ, প্ৰদৰ্শন আৰু পৰিৱৰ্তনৰ প্ৰকৃত কাহিনী বুলি অভিহিত কৰে যি সাধাৰণতে বাতৰি কাকত আৰু টিভি চেনেলত শিৰোনাম দখল নকৰে।

স্বাধীনতাৰ পিছত দেশৰ অসংখ্য জিলা দুৰ্বল শাসনৰ বাবে উন্নয়নৰ ক্ষেত্ৰত অস্পৃশ্য হ’বলগীয়া হৈছিল বুলি মন্তব্য কৰি শ্ৰী মোদীয়ে কয় যে এই জিলাসমূহৰ ওপৰত গুৰুত্ব দিয়াৰ পৰিৱৰ্তে সেইসমূহ জিলাক ‘পিছপৰা’ বুলি চিহ্নিত কৰিছিল আৰু তেওঁলোকক তেওঁলোকৰ ভাগ্যৰ ওপৰত এৰি দিয়া হৈছিল। কোনেও তেওঁলোকৰ সমস্যা সমাধান কৰিবলৈ আগবাঢ়ি অহা নাছিল, আৰু চৰকাৰী বিষয়াসকলক শাস্তিমূলক নিযুক্তি হিচাপেহে তালৈ প্ৰেৰণ কৰা হৈছিল বুলি তেওঁ উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে কয়, "আমি ১০০ খনতকৈয়ো অধিক জিলাক ‘উচ্চাকাংক্ষী জিলা’ হিচাপে ঘোষণা কৰি এই পদ্ধতি সলনি কৰিছো"। তেওঁ লগতে কয় যে ক্ষুদ্ৰ পৰ্যায়ত শাসন ব্যৱস্থা উন্নত কৰাৰ বাবে যুৱ বিষয়াসকলক এই জিলাসমূহলৈ প্ৰেৰণ কৰা হৈছিল, যিসকলে সূচকসমূহক লক্ষ্য কৰি কাম কৰিবলৈ লৈছিল য'ত এই জিলাসমূহ পিছ পৰি আছিল আৰু ‘মিছন মোড’ত চৰকাৰী ধ্বজাবাহী আঁচনিসমূহ ৰূপায়ণ কৰিবলৈ ধৰিছিল। তেওঁ কয়, "আজি এই ‘উচ্চাকাংক্ষী জিলা’সমূহৰ বহুতো ‘অনুপ্ৰেৰণাদায়ক জিলা’ হৈ উঠিছে"। এটা উদাহৰণ দাঙি ধৰি শ্ৰী মোদীয়ে কয় যে ২০১৮ চনত অসমৰ বৰপেটা জিলাৰ মাত্ৰ ২৬% প্ৰাথমিক বিদ্যালয়তহে শিক্ষাৰ্থী-শিক্ষকৰ অনুপাত সঠিক আছিল, যি এতিয়া ১০০% হৈছে, সেইদৰে তেওঁ লগতে কয় যে বিহাৰৰ বেগুচৰাইত পৰিপূৰক পুষ্টি লাভ কৰা গৰ্ভৱতী মহিলাৰ শতকৰা হাৰ আছিল ২১%, আৰু উত্তৰ প্ৰদেশৰ চান্দৌলীত এই পৰিমাণ আছিল ১৪%, আনহাতে আজি দুয়োখন জিলাই ১০০% অৰ্জন কৰিছে। প্ৰধানমন্ত্ৰীয়ে শিশু টিকাকৰণ অভিযানৰ উল্লেখযোগ্য উন্নতিৰ প্ৰসংগও উল্লেখ কৰে। উত্তৰ প্ৰদেশৰ শ্ৰাৱস্তিত ৪৯% ৰ পৰা ৮৬% লৈ বৃদ্ধি হৈছে, আনহাতে তামিলনাডুৰ ৰামনাথপুৰমত ই ৬৭% ৰ পৰা ৯৩% লৈ বৃদ্ধি হৈছে। তেওঁ উল্লেখ কৰে যে এনে ধৰণৰ সফলতা দেখি দেশৰ ৫০০টা উন্নয়ণ খণ্ডক এতিয়া ‘উচ্চাকাংক্ষী খণ্ড’ বুলি ঘোষণা কৰা হৈছে আৰু এই ক্ষেত্ৰসমূহত দ্ৰুত গতিত কাম চলি আছে।

 

সন্মিলনত উদ্যোগৰ নেতৃবৃন্দৰ ব্যৱসায়ৰ ক্ষেত্ৰত থকা দশকজোৰা অভিজ্ঞতাৰ কথা স্বীকাৰ কৰি প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ ব্যৱসায়িক পৰিৱেশ কেনেদৰে তেওঁলোকৰ ইচ্ছাৰ তালিকাৰ অংশ আছিল সেয়া স্মৰণ কৰে আৰু বিগত ১০ বছৰত হোৱা অগ্ৰগতি সন্দৰ্ভত গুৰুত্ব আৰোপ কৰে। তেওঁ উল্লেখ কৰে যে এটা দশকৰ আগতে ভাৰতীয় বেংকসমূহ সংকটত আছিল আৰু বেংকিং ব্যৱস্থা বিধ্বস্ত হৈ পৰিছিল, লাখ লাখ ভাৰতীয় লোক বেংকিং ব্যৱস্থাৰ বাহিৰত আছিল। তেওঁ লগতে কয়, "ঋণৰ আটাইতকৈ প্ৰত্যাহ্বানপূৰ্ণ প্ৰৱেশানুকূলতা থকা দেশসমূহৰ ভিতৰত ভাৰতো আছিল"। "বেংকিং খণ্ডক শক্তিশালী কৰাৰ বাবে চৰকাৰৰ ৰণনীতি: বেংকৰ সেৱা বিহীনক বেংকিং সেৱা, অসুৰক্ষিত লোকসকলক সুৰক্ষিত কৰা, আৰু পুঁজি বিহীনসকলক পুঁজিৰ যোগান ধৰা", শ্ৰী মোদীয়ে উল্লেখ কৰে। তেওঁ উল্লেখ কৰে যে বিত্তীয় অন্তৰ্ভুক্তিৰ স্থিতি যথেষ্ট উন্নত হৈছে, প্ৰায় প্ৰতিখন গাঁৱতে এতিয়া ৫ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত বেংকৰ শাখা বা বেঙ্কিংসেৱাৰ প্ৰতিনিধি আছে। তেওঁ ‘মুদ্ৰা যোজনা’ৰ উদাহৰণ দাঙি ধৰি কয়, যিয়ে পুৰণি বেংকিং ব্যৱস্থাৰ অধীনত ঋণ লাভ কৰিব নোৱাৰা ব্যক্তিসকলক প্ৰায় ৩২ লাখ কোটি টকা প্ৰদান কৰিছে। তেওঁ উল্লেখ কৰে যে ‘এমএছএমই’সমূহৰ বাবে ঋণ বহুত সহজ হৈ উঠিছে আৰু আনকি পথৰ দাঁতিত বেহা-বেপাৰ কৰা বিক্ৰেতাসকলকো সহজ ঋণৰ সৈতে সংযুক্ত কৰা হৈছে। আনহাতে কৃষকসকলক দিয়া ঋণ দুগুণতকৈয়ো অধিক হৈছে। প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে চৰকাৰে বৃহৎ সংখ্যক ঋণ আৰু পৰিমাণৰ ঋণ প্ৰদান কৰি থকাৰ সময়ত বেংকসমূহৰ লাভো বৃদ্ধি পাইছে। তেওঁ ইয়াক ১০ বছৰ আগৰ পৰিস্থিতিৰ বিপৰীত কৰি তুলিছিল, যেতিয়া অভিলেখ পৰিমাণত হোৱা বেংকৰ লোকচানৰ বাতৰি আৰু ‘এনপিএ’ সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰি বাতৰি কাকতৰ সম্পাদকীয় লিখাৰ কথাটো সততে সংঘটিত হৈছিল। তেওঁ লগতে কয় যে আজিৰ তাৰিখত এপ্ৰিলৰ পৰা ডিচেম্বৰ মাহ পৰ্যন্ত ৰাজহুৱা খণ্ডৰ বেংকসমূহে ১.২৫ লাখ কোটিতকৈয়ো অধিক লাভ নথিভুক্ত কৰিছে। শ্ৰী মোদীয়ে গুৰুত্ব আৰোপ কৰে যে এয়া কেৱল শিৰোনামৰ পৰিৱৰ্তনেই নহয়, বৰং বেংকিং সংস্কাৰৰ মূলত হোৱা এক প্ৰণালীবদ্ধ পৰিৱৰ্তন, যি অৰ্থনীতিৰ শক্তিশালী স্তম্ভকে প্ৰদৰ্শিত কৰে।

"যোৱা এক দশকত আমাৰ চৰকাৰে 'ব্যৱসায়ৰ ভয়'ক 'ব্যৱসায় কৰাৰ সহজতা'লৈ ৰূপান্তৰিত কৰিছে বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে। তেওঁ ‘জিএছটি’-ৰ জৰিয়তে একক বৃহৎ বজাৰ স্থাপনৰ পৰা উদ্যোগসমূহে লাভ কৰা সুফলৰ কথা উল্লেখ কৰে। তেওঁ গুৰুত্ব আৰোপ কৰে যে বিগত এটা দশকত আন্তঃগাঁথনিৰ ক্ষেত্ৰত অভূতপূৰ্ব উন্নয়ন সম্ভৱ হৈছে, যাৰ ফলত লজিষ্টিক ব্যয় হ্ৰাস পাইছে আৰু দক্ষতা বৃদ্ধি পাইছে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে চৰকাৰে শ শ অনুপালন নাইকিয়া কৰিছে আৰু এতিয়া জন বিশ্বাস ২.০ ৰ জৰিয়তে অনুপালনৰ সংখ্যা আৰু হ্ৰাস কৰিছে। সমাজত চৰকাৰী হস্তক্ষেপ হ্ৰাস কৰিবলৈ এক নিয়ন্ত্ৰণমুক্তকৰণ আয়োগ-ও গঠন কৰা হৈছে বুলি তেওঁ কয়। ভাৰতে ভৱিষ্যতৰ প্ৰস্তুতিৰ সৈতে সম্পৰ্কিত এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ ব্যৱস্থা কৰিছে বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে মন্তব্য কৰে যে প্ৰথম ঔদ্যোগিক বিপ্লৱৰ সময়ত ভাৰত ঔপনিৱেশিক শাসনৰ কবলত আছিল। তেওঁ লগতে কয় যে দ্বিতীয় ঔদ্যোগিক বিপ্লৱৰ সময়ত বিশ্বজুৰি নতুন আৱিষ্কাৰ আৰু কাৰখানাৰ উদ্ভৱ হোৱাৰ সময়ত ভাৰতৰ স্থানীয় উদ্যোগসমূহ ধ্বংস কৰি পেলোৱা হৈছিল আৰু কেঁচামালসমূহ দেশৰ বাহিৰলৈ লৈ যোৱা হৈছিল। তেওঁ উল্লেখ কৰে যে স্বাধীনতাৰ পাছতো পৰিস্থিতিৰ বিশেষ পৰিৱৰ্তন হোৱা নাছিল। যেতিয়া পৃথিৱীখন কম্পিউটাৰ বিপ্লৱৰ দিশে আগবাঢ়ি গৈছিল, ভাৰতত, কম্পিউটাৰ কিনিবলৈ অনুজ্ঞাপত্ৰ প্ৰাপ্ত কৰিব লগা হৈছিল, তেওঁ উল্লেখ কৰে। "যদিও প্ৰথম তিনিটা ঔদ্যোগিক বিপ্লৱৰ পৰা ভাৰত বিশেষ লাভান্বিত হোৱা নাছিল, দেশখন এতিয়া চতুৰ্থ ঔদ্যোগিক বিপ্লৱত বিশ্বৰ সৈতে পদক্ষেপ মিলাবলৈ সাজু হৈছে", প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰে।

 

"আমাৰ চৰকাৰে ব্যক্তিগত খণ্ডক বিকশিত ভাৰতৰ দিশে অব্যাহত যাত্ৰাত এক গুৰুত্বপূৰ্ণ অংশীদাৰ বুলি বিবেচনা কৰে", প্ৰধানমন্ত্ৰীয়ে কয়। তেওঁ উল্লেখ কৰে যে ব্যক্তিগত খণ্ডৰ বাবে বহুতো নতুন খণ্ড মুকলি কৰা হৈছে, যেনে ‘মহাকাশ খণ্ড’, য'ত বহুতো যুৱ আৰু ষ্টাৰ্টআপে গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই আছে। তেওঁ উল্লেখ কৰে যে শেহতীয়াকৈ ৰাইজৰ বাবে বন্ধ হৈ থকা ‘ড্ৰোন খণ্ড’ই এতিয়া যুৱসকলৰ বাবে বিশাল সুযোগ প্ৰদান কৰিছে। বাণিজ্যিক কয়লা খনন খণ্ড ব্যক্তিগত প্ৰতিষ্ঠানসমূহৰ বাবে মুকলি কৰা হৈছে আৰু ব্যক্তিগত কোম্পানীসমূহৰ বাবে নিলামব্যৱস্থা উদাৰ কৰাৰি তোলা হৈছে, তেওঁ লগতে কয়। প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে দেশৰ নৱীকৰণযোগ্য শক্তিৰ সাফল্যত ব্যক্তিগত খণ্ডই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে আৰু দক্ষতা বৃদ্ধিৰ বাবে চৰকাৰে বিদ্যুৎ বিতৰণ খণ্ডত ব্যক্তিগত খণ্ডৰ অংশগ্ৰহণক উৎসাহিত কৰি আছে। তেওঁ লগতে উল্লেখ কৰে যে শেহতীয়া বাজেটত ব্যক্তিগত অংশগ্ৰহণৰ বাবে পাৰমাণৱিক খণ্ড মুকলি কৰাটো হৈছে গ্ৰহণ কৰা এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তন।

প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে আজিৰ ৰাজনীতি প্ৰদৰ্শনমুখী হৈ উঠিছে আৰু ভাৰতৰ জনসাধাৰণে স্পষ্টকৈ কৈছে যে কেৱল মাটিৰ সৈতে সম্পৰ্কিত আৰু ফলাফল প্ৰদান কৰাসকলেহ বাহাল থাকিব। তেওঁ জোৰ দি কয় যে চৰকাৰ জনসাধাৰণৰ সমস্যাৰ প্ৰতি সংবেদনশীল হ'ব লাগিব আৰু উল্লেখ কৰে যে পূৰ্বৰ নীতি নিৰ্মাতাসকলৰ সংবেদনশীলতা আৰু ইচ্ছাশক্তিৰ অভাৱ আছিল। তেওঁ লগতে কয় যে তেওঁলোকৰ চৰকাৰে সংবেদনশীলতাৰে মানুহৰ সমস্যাসমূহ বুজি পাইছে আৰু সেইবোৰ সমাধান কৰিবলৈ আবেগ আৰু উৎসাহেৰে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিছে। শ্ৰী মোদীয়ে গোলকীয় অধ্যয়নৰ উদ্ধৃতি দি কয় যে বিগত এটা দশকত মৌলিক সা-সুবিধা আৰু সৱলীকৰণৰ ব্যৱস্থাই ২৫ কোটি ভাৰতীয়ক দৰিদ্ৰতাৰ পৰা ওলাই অহাত সহায় কৰিছে। তেওঁ লগতে কয় যে এই বৃহৎ গোটটো ‘নৱ-মধ্যবিত্ত শ্ৰেণী’ৰ অংশ হৈ পৰিছে, যি এতিয়া তেওঁলোকে প্ৰথমখন দুচকীয়া বাহন, প্ৰথমখন গাড়ী আৰু প্ৰথমটো ঘৰৰ সপোন দেখিছে। তেওঁ লগতে কয় যে মধ্যবিত্ত শ্ৰেণীক সমৰ্থন কৰিবলৈ শেহতীয়া বাজেটে শূন্য কৰৰ সীমা ৭ লাখ টকাৰ পৰা ১২ লাখ টকালৈ বৃদ্ধি কৰে, সমগ্ৰ মধ্যবিত্ত শ্ৰেণীক শক্তিশালী কৰাৰ লগতে অৰ্থনৈতিক কাৰ্যকলাপ বৃদ্ধি কৰে। "এক সক্ৰিয় আৰু সংবেদনশীল চৰকাৰৰ বাবে এই সাফল্যসমূহ সম্ভৱ", শ্ৰী মোদীয়ে কয়।

 

"উন্নত ভাৰতৰ প্ৰকৃত ভেটি হৈছে বিশ্বাস আৰু এই উপাদানটো প্ৰতিগৰাকী নাগৰিক, প্ৰতিখন চৰকাৰ আৰু প্ৰতিগৰাকী ব্যৱসায়িক নেতাৰ বাবে অপৰিহাৰ্য", শ্ৰী মোদীয়ে গুৰুত্ব আৰোপ কৰে। তেওঁ উল্লেখ কৰে যে নাগৰিকসকলৰ মাজত আত্মবিশ্বাস জাগ্ৰত কৰাৰ বাবে চৰকাৰে সম্পূৰ্ণ শক্তিৰে কাম কৰি আছে। তেওঁ লগতে কয় যে উদ্ভাৱকসকলক এনে এক পৰিৱেশ প্ৰদান কৰা হৈছে য'ত তেওঁলোকে তেওঁলোকৰ ধাৰণাবোৰ আগবঢ়াই নিব পাৰে, আনহাতে ব্যৱসায়সমূহক স্থিৰ আৰু সহায়ক নীতিৰ আশ্বাস দিয়া হৈছে। ইটি নাও সন্মিলনে এই আস্থা আৰু অধিক শক্তিশালী কৰিব বুলি আশা প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে ভাষণ সামৰে।

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

 

 

 

 

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India Post posts Rs 15,296 crore revenue in FY26, up 16%: Scindia

Media Coverage

India Post posts Rs 15,296 crore revenue in FY26, up 16%: Scindia
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister pays homage to Adi Shankaracharya
April 21, 2026

The Prime Minister, Shri Narendra Modi, paid tributes to one of India’s greatest spiritual luminaries, Adi Shankaracharya, on his Jayanti today. Shri Modi remarked that his profound teachings, thoughts and philosophy of Advaita Vedanta continue to guide innumerable people globally. And his efforts to revitalise spiritual thought and establish spiritual centres across the nation remain a lasting inspiration."May his wisdom continue to illuminate our path and strengthen our commitment to truth, compassion and collective well-being", Shri Modi added.

The Prime Minister posted on X:

"On the sacred occasion of Adi Shankaracharya Jayanti, paying homage to one of India’s greatest spiritual luminaries. His profound teachings, thoughts and philosophy of Advaita Vedanta continue to guide innumerable people globally. He emphasised harmony, discipline and the oneness of all existence. His efforts to revitalise spiritual thought and establish spiritual centres across the nation remain a lasting inspiration. May his wisdom continue to illuminate our path and strengthen our commitment to truth, compassion and collective well-being."