"বাজেটত আত্মনিৰ্ভৰ ভাৰত আৰু মেক ইন ইণ্ডিয়াৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ ব্যৱস্থা আছে"
"যুৱক-যুৱতী আৰু প্ৰতিভাশালী জনসংখ্যাৰ জনগাঁথনিগত লাভাংশ, গণতান্ত্ৰিক ব্যৱস্থা, প্ৰাকৃতিক সম্পদৰ দৰে ইতিবাচক কাৰকৰ জোৰত আমি দৃঢ়তাৰে মেক ইন ইণ্ডিয়াৰ দিশত অগ্ৰসৰ হ'বলৈ অনুপ্ৰাণিত হোৱা উচিত"
"যদি আমি ৰাষ্ট্ৰীয় সুৰক্ষাৰ দিশলৈ চাওঁ তেন্তে আত্মনিৰ্ভৰতা অধিক গুৰুত্বপূৰ্ণ"
"সমগ্ৰ পৃথিৱীয়ে ভাৰতক মেনুফেকচাৰিং পাৱাৰহাউছৰ ৰূপত চাই আছে"
"নিজৰ কোম্পানীৰ সামগ্ৰীক লৈ গৌৰৱ কৰক আৰু নিজৰ ভাৰতীয় গ্ৰাহকৰ মাজতো গৌৰৱৰ ভাব সৃষ্টি কৰক"
"আপোনালোকে বৈশ্বিক মানদণ্ড অটুট ৰাখিব লাগিব আৰু আপোনালোকে বিশ্ব স্তৰত প্ৰতিযোগিতাত আগবাঢ়িব লাগিব"

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উদ্যোগ আৰু আভ্যন্তৰীণ বাণিজ্য সংবৰ্ধন বিভাগ (ডিপিআইআইটি)ৰ দ্বাৰা আয়োজিত বাজেট-পৰৱৰ্তী ৱেবিনাৰত ভাষণ দিয়ে। এয়া প্ৰধানমন্ত্ৰীৰ দ্বাৰা সম্বোধিত অষ্টম বাজেট-পৰৱৰ্তী ৱেবিনাৰ। ৱেবিনাৰৰ থীম 'মেক ইন ইণ্ডিয়া ফৰ দ্য ৱৰ্ল্ড' আছিল।

 

প্ৰধানমন্ত্ৰীয়ে কয় যে বাজেটত আত্মনিৰ্ভৰ ভাৰত আৰু মেক ইন ইণ্ডিয়াৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ ব্যৱস্থা আছে। তেওঁ কয় যে এই কথা স্বীকাৰ্য নহয় যে ভাৰতৰ দৰে দেশে কেৱল এখন বজাৰ হৈ থাকিব। তেওঁ মেক ইন ইণ্ডিয়াৰ অত্যধিক মহত্বৰ ওপৰত জোৰ দি মহামাৰী আৰু অন্য অনিশ্চয়তাৰ সময়ত যোগান শৃংখলাত ব্যৱধানৰ দিশে ইংগিত দিয়ে। আনহাতে, প্ৰধানমন্ত্ৰীয়ে কয় যে যুৱক-যুৱতীসকল আৰু প্ৰতিভাশালী জনসংখ্যাৰ জনগাঁথনিগত লাভাংশ, গণতান্ত্ৰিক ব্যৱস্থা, প্ৰাকৃতিক সম্পদৰ দৰে ইতিবাচক কাৰকৰ জোৰত আমি দৃঢ়তাৰে মেক ইন ইণ্ডিয়াৰ দিশত অগ্ৰসৰ হ'বলৈ অনুপ্ৰাণিত হোৱা উচিত। তেওঁ জিৰ' ডিফেক্ট-জিৰ' এফেক্ট মেনুফেকচাৰিঙৰ নিজৰ আহ্বানৰ কথাও দোহাৰে যাৰ ঘোষণা তেওঁ লাল কিলাৰ প্ৰাচীৰৰ পৰা কৰিছিল। তেওঁ কয় যে যদি আমি ৰাষ্ট্ৰীয় সুৰক্ষাৰ দিশলৈ চাওঁ তেন্তে আত্মনিৰ্ভৰ ভাৰত অধিক গুৰুত্বপূৰ্ণ।

 

প্ৰধানমন্ত্ৰীয়ে কয় যে পৃথিৱীয়ে ভাৰতক এক মেনুফেকচাৰিং পাৱাৰহাউছৰ ৰূপত চাই আছে। তেওঁ কয় যে বিনিৰ্মাণ, ভাৰতৰ সকলো ঘৰুৱা উৎপাদনৰ ১৫ শতাংশ, কিন্তু মেক ইন ইণ্ডিয়াৰ পূৰ্বে অনন্ত সম্ভাৱনা আছে আৰু আমি ভাৰতত এক মজবুত বিনিৰ্মাণ আধাৰ গঢ়ি তুলিবলৈ সম্পূৰ্ণ শক্তিৰে কাম কৰা উচিত।

 

প্ৰধানমন্ত্ৰীয়ে ছেমি-কণ্ডাক্টৰ আৰু ইলেক্ট্ৰিক বাহনৰ দৰে ক্ষেত্ৰত নতুন চাহিদা আৰু সুযোগৰ উদাহৰণ দিয়ে, য'ত নিৰ্মাতাসকল বিদেশী স্ৰোতৰ ওপৰত নিৰ্ভৰতা আঁতৰোৱাৰ ভাবনাৰে আগবঢ়া উচিত। তেওঁ কয় যে এনেকৈয়ে, ষ্টিল আৰু চিকিৎসা উপকৰণৰ দৰে ক্ষেত্ৰতো স্বদেশী বিনিৰ্মাণৰ বাবে মনোযোগ দিয়াৰ দৰকাৰ আছে।

প্ৰধানমন্ত্ৰীয়ে বজাৰত সামগ্ৰীৰ উপলব্ধতা আৰু তাৰ তুলনাত ভাৰতত হোৱা সামগ্ৰীৰ উপলব্ধতাৰ মাজত পাৰ্থক্যৰ বিষয়ে আলোচনা কৰে। তেওঁ নিজৰ নিৰাশাৰ কথা দোহাৰি কয় যে ভাৰতৰ বিভিন্ন উৎসৱৰ সময়ত বিদেশী উৎপাদকৰ দ্বাৰা সামগ্ৰীৰ যোগান ধৰা হয়। যিবিলাক স্থানীয় নিৰ্মাতাসকলৰ দ্বাৰা সহজেই প্ৰদান কৰিব পৰা যায়। তেওঁ এই কথাৰ ওপৰতো জোৰ দিয়ে যে 'ভোকেল ফৰ লোকেল'ৰ পৰিসৰ দীপাৱলীত 'চাকি' কিনিলে বহুত আগবাঢ়ি যায়। তেওঁ ব্যক্তিগত ক্ষেত্ৰক নিজৰ মাৰ্কেটিং আৰু ব্ৰেণ্ডিং প্ৰয়াসত ভোকেল ফৰ লোকেল আৰু আত্মনিৰ্ভৰ ভাৰতৰ দৰে কাৰকক আগবঢ়াই নিবলৈ কয়। তেওঁ কয়, "নিজৰ কোম্পানীৰ সামগ্ৰীক লৈ গৌৰৱ কৰক আৰু নিজৰ ভাৰতীয় গ্ৰাহকৰ মাজতো গৌৰৱৰ ভাবনা সৃষ্টি কৰক। ইয়াৰ বাবে কিছুমান উমৈহতীয়া ব্ৰেণ্ডিঙৰ ওপৰতো চিন্তা কৰিব পাৰি।"

 

প্ৰধানমন্ত্ৰীয়ে স্থানীয় সামগ্ৰীৰ বাবে নতুন গন্তব্য সন্ধান কৰাৰ আৱশ্যকতাৰ ওপৰত আলোকপাত কৰে। তেওঁ ব্যক্তিগত ক্ষেত্ৰক গৱেষণা আৰু বিকাশৰ ওপৰত খৰচ বঢ়োৱা আৰু নিজৰ সামগ্ৰীৰ পৰ্টফলিঅ'ত বিবিধতা অনা আৰু আপগ্ৰেড কৰাৰ আহ্বান জনায়। ২০২৩ক আন্তঃৰাষ্ট্ৰীয় বজাৰ বৰ্ষ ঘোষণা কৰাৰ বিষয়ে, প্ৰধানমন্ত্ৰীয়ে কয়, "পৃথিৱীত বজাৰৰ চাহিদা বাঢ়ি আছে। বিশ্ব বজাৰৰ অধ্যয়ন কৰি, আমি নিজৰ মিলবিলাকক অধিকতম উৎপাদন আৰু পেকেজিঙৰ বাবে আগৰে পৰা সাজু কৰা দৰকাৰ।"

 

প্ৰধানমন্ত্ৰীয়ে খনন, কয়লা আৰু প্ৰতিৰক্ষাৰ দৰে ক্ষেত্ৰসমূহ মুকলি হোৱাত নতুন সম্ভাৱনাৰ কথা উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে প্ৰতিযোগীসকলক নতুন ৰণনীতি প্ৰস্তুত কৰিবলৈ কয়। তেওঁ কয়, "আপোনালোকে বৈশ্বিক মানদণ্ড অটুট ৰাখিব লাগিব আৰু আপোনালোকে বিশ্ব স্তৰত প্ৰতিযোগিতাত আগবাঢ়িব লাগিব।"

এই বাজেটত ঋণ সুবিধা আৰু প্ৰযুক্তিগত উন্নয়নৰ মাধ্যমত এমএছএমইক অত্যন্ত গুৰুত্ব দিয়া হৈছে। চৰকাৰে এমএছএমইৰ কাৰণে ৬,০০০ কোটি টকাৰ কাৰ্যক্ৰমৰো ঘোষণা কৰিছে। বাজেটত বৃহৎ উদ্যোগ আৰু এমএছএমইৰ বাবে কৃষকৰ বাবে নতুন লজিষ্টিক সামগ্ৰীৰ বিকশিত কৰাৰ ওপৰতো ধ্যান দিয়া হৈছে। ডাক আৰু ৰে'লৱে নেটৱৰ্কৰ একীকৰণেৰে ক্ষুদ্ৰ উদ্যম আৰু দূৰ-দূৰণিৰ ক্ষেত্ৰসমূহত কানেক্টিভিটীৰ সমস্যাৰ সমাধান হ'ব। তেওঁ কয় যে পূৰ্বোত্তৰ ক্ষেত্ৰৰ বাবে ঘোষিত পিএম ডিভাইনৰ মডেলৰ ব্যৱহাৰ কৰি ক্ষেত্ৰীয় বিনিৰ্মাণ ইকো-ছিষ্টেমক শক্তিশালী কৰিব পৰা যায়। এনেকৈ, বিশেষ অৰ্থনৈতিক ক্ষেত্ৰ অধিনিয়মত সংশোধনৰ ফলত ৰপ্তানি উৎসাহিত হ'ব।

 

শ্ৰী মোদীয়ে সংশোধনৰ প্ৰভাৱৰ বিষয়েও বিস্তাৰিতভাৱে কয়। তেওঁ কয় যে পিএলআইত ব্যাপক হাৰত ইলেক্ট্ৰনিকছ নিৰ্মাণৰ বাবে ডিচেম্বৰ ২০২১ত ১ লাখ কোটি টকাৰ উৎপাদনৰ লক্ষ্য আহৰণ কৰা হৈছে। আন কেইবাটাও পিএলআই ৰূপায়নৰ গুৰুত্বপূৰ্ণ পৰ্যায়ত আছে।

 

প্ৰধানমন্ত্ৰীয়ে ২৫ হাজাৰ অনুপালনক আঁতৰোৱা আৰু লাইচেঞ্চৰ স্বতঃ নবীকৰণৰ বিষয়ে আলোচনা কৰে, যাৰ ফলত অনুপালন সম্পৰ্কীয় বোজাত উল্লেখযোগ্য হ্ৰাস হৈছে। এনেকৈ, ডিজিটেলীকৰণ নিয়ামক আন্তঃগাঁথনিগত গতি আৰু পাৰদৰ্শিতা অনা হৈছে। তেওঁ কয়, "কমন স্পাইছ ফাৰ্মৰ পৰা আৰম্ভ কৰি নেচনেল ছিংগল উইণ্ড' ছিষ্টেমৰ পৰা আৰম্ভ কৰি কোম্পানী স্থাপন কৰালৈকে, এতিয়া আপুনি প্ৰতি খোজতে আমাৰ বিকাশৰ অনুকূল দৃষ্টিকোণ অনুভৱ কৰি আছে।"

প্ৰধানমন্ত্ৰীয়ে বিনিৰ্মাণ ক্ষেত্ৰৰ দিগ্গজসকলক কিছুমান ক্ষেত্ৰক নিজৰ হাতত লৈ তাত বিদেশী নিৰ্ভৰশীলতা দূৰ কৰিবলৈ কাম কৰাৰ আহ্বান জনায়। তেওঁ দোহাৰে যে এনেধৰণৰ ৱেবিনাৰ বাজেট ব্যৱস্থাৱলীৰ উন্নত পৰিণামৰ বাবে উচিত, সময়োপযোগী আৰু বাধাহীন ৰূপায়নৰ বাবে নীতিসমূহ বলৱৎ কৰাত হিতধাৰকৰ কণ্ঠ অন্তৰ্ভুক্ত কৰা আৰু এক সামূহিক দৃষ্টিকোণ বিকশিত কৰাৰ দিশত চৰকাৰৰ এক অভূতপূৰ্ব পদক্ষেপ।

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi Lauds PV Sindhu For Japan Open, Women's Cricket Team On Lord's Win

Media Coverage

PM Modi Lauds PV Sindhu For Japan Open, Women's Cricket Team On Lord's Win
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares a Sanskrit Subhashitam, highlights noble character as the foundation of respect, trust, and effective leadership
July 27, 2026

Prime Minister Shri Narendra Modi shared a Sanskrit Subhashitam today, highlighting how a person of noble character earns respect in society and is regarded as worthy of every responsibility.

The Prime Minister wrote on X;

"शीलवान् पूजितो लोके शीलवान् साधुसम्मतः।

शीलवान् सर्वकर्मार्हः शीलवान् प्रियदर्शनः॥"

A person of noble character earns respect in society and the esteem of the virtuous. Through integrity, humility and disciplined conduct, such an individual is regarded as worthy of every responsibility. Their personality is admirable, inspiring and worthy of emulation. In truth, noble character is the true foundation of lasting success, effective leadership, and enduring trust.