সৃজনশীলতা আৰু জ্ঞানৰ কোনো সীমা নাইঃ প্রধানমন্ত্রী
ৰবীন্দ্রনাথ ঠাকুৰ বংগৰ সমান্তৰালভাৱে ভাৰতৰ বৈচিত্র্যক লৈও গৌৰৱ কৰিছিলঃ প্রধানমন্ত্রী
দেশত সকলো দৃষ্টিভংগী সমাধানৰ দিশত হ’ব লাগিবঃ প্ৰধানমন্ত্রী
বংগ এক ভাৰত, শ্রেষ্ঠ ভাৰতৰ প্রেৰণাঃ প্রধানমন্ত্রী
আত্মনির্ভৰ ভাৰত গঠনত ৰাষ্ট্ৰীয় শিক্ষা নীতি এক গুৰুত্বপূর্ণ মাইলৰ খুঁটিঃ প্রধানমন্ত্রী

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সৰ দ্বাৰা বিশ্ব ভাৰতী বিশ্ববিদ্যালয়ৰ সমাৱর্তন অনুষ্ঠানত ভাষণ আগবঢ়ায়৷ এই উপলক্ষে পশ্চিমবংগৰ ৰাজ্যপাল তথা বিশ্ব ভাৰতীৰ উপাচাৰ্য শ্রী জগদীপ ধনকৰ, কেন্দ্রীয় শিক্ষা মন্ত্রী শ্রী ৰমেশ পোখৰিয়াল ‘নিশাংক’ আৰু শিক্ষা বিভাগৰ ৰাজ্যিক মন্ত্রী শ্রী সঞ্জয় ধোত্রেও উপস্থিত থাকে৷


সমাৱর্তন অনুষ্ঠানত আগবঢ়োৱা ভাষণত প্রধানমন্ত্রীয়ে বীৰ শিৱাজীক লৈ গুৰুদেৱ ৰবীন্দ্রনাথ ঠাকুৰৰ কবিতাৰ উদ্ধৃতি যিয়ে যি অখণ্ড ভাৰতৰ ক্ষেত্ৰত গুৰুদেৱক অনুপ্রাণিত কৰিছিল। প্রধানমন্ত্রীয়ে সজোৰে কয় যে ছাত্র-ছাত্রী আৰু শিক্ষক-শিক্ষয়ত্ৰীসকল কেৱল বিশ্ববিদ্যালয়ৰ অভিন্ন অংশই নহয়, বৰঞ্চ তেওঁলোক সকলোৱেই এক প্রাণৱন্ত ঐতিহ্যৰ বাহক। তেওঁ কয় যে গুৰুদেৱে এই বিশ্ববিদ্যালয়ৰ নাম বিশ্ব ভাৰতী বুলি নামকৰণ কৰিছিল৷ আচলতে তেওঁ বিচাৰিছিল এই প্রতিষ্ঠানত যিসকলে অধ্যয়নৰ বাবে আহিব, তেওঁলোক সকলোৱেই যেন ভাৰত আৰু ভাৰতীয়ত্বৰ দৃষ্টিভংগীৰ পৰা সমগ্র বিশ্বক চাব। সেয়েহে তেওঁ বিশ্ব ভাৰতীক শিক্ষাৰ এনে এক স্থান কৰি তুলিছিল, যি ভাৰতৰ সমৃদ্ধ ঐতিহ্যক প্ৰতিফলিত কৰে৷ গুৰুদেৱ ৰবীন্দ্রনাথে ভাৰতীয় ঐতিহ্যক লৈ আৰু অধিক অন্বেষণৰ আহ্বান জনাইছিল আৰু দৰিদ্রতম লোকসকলৰ সমস্যা সমাধানত নিজকে ব্রতী কৰিছিল। প্রধানমন্ত্রীয়ে লগতে কয় যে গুৰুদেৱৰ বাবে বিশ্ব ভাৰতী কেৱল জ্ঞান বিতৰণৰ প্রতিষ্ঠানেই নাছিল, বৰঞ্চ তেওঁ বিচাৰিছিল এই প্রতিষ্ঠান ভাৰতীয় সংস্কৃতিৰ শীর্ষত উপনীত হওক৷

প্রধানমন্ত্রীয়ে কয় যে ভিন ভিন মতবাদ আৰু আদর্শৰ পৰা নিজৰ স্বতন্ত্রতাক বিচাৰি উলিওৱাটো বিশ্বাস কৰিছিল গুৰুদেৱে৷ বংগক লৈ গুৰুদেৱে গৌৰৱবোধ কৰিছিল। একেদৰে, ভাৰতৰ বৈচিত্র্যক লৈও তেওঁ সমানেই গৌৰৱান্বিত আছিল৷ সেই কাৰণে শান্তি নিকেতন মুকলি আকাশৰ তলত মানৱতাবাদৰ প্রসাৰ ঘটোৱাই আছিল গুৰুদেৱৰ উদ্দেশ্য৷ প্রধানমন্ত্রীয়ে বিশ্ব ভাৰতী বিশ্ববিদ্যালয়ৰ প্রশংসা কৰি কয় যে এই প্রতিষ্ঠান জ্ঞানৰ এক অসীম সাগৰ আৰু অভিজ্ঞতাভিত্তিক অধ্যয়নৰ কেন্দ্র হিচাপে প্রতিষ্ঠানটোক গঢ়ি তোলা হৈছিল। প্রধানমন্ত্রীয়ে লগতে কয় যে সৃজনশীলতা আৰু জ্ঞানৰ কোনো সীমা নাই।এই ভাৱনাৰ ওপৰত ভিত্তি কৰিয়েই গুৰুদেৱে এই অসাধাৰণ বিশ্ববিদ্যালয় প্রতিষ্ঠা কৰিছিল। প্রধানমন্ত্রীয়ে ছাত্র-ছাত্রীসকলক কৈছিল জ্ঞান, চিন্তাধাৰা আৰু দক্ষতা অর্জন কোন স্থিৰ প্রক্রিয়া নহয়, বৰঞ্চ এক ধাৰাবাহিক পদ্ধতি। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে জ্ঞান আৰু ক্ষমতাৰ জৰিয়তেই দায়িত্ববোধৰ বিকাশ ঘটে। সেয়েহে, ক্ষমতাত থকাৰ সময়ত এজনক যিমান আনৰ প্রতি সংবেদনশীল হ’ব লাগে, সিমানেই প্রত্যেক বিদ্বান ব্যক্তিয়েও আনক জ্ঞানৰ আলোকেৰে আলোকিত কৰাৰ প্রয়াস ল’ব লাগে৷

ছাত্র-ছাত্রীসকলক উদ্দেশ্যি প্রধানমন্ত্রীয়ে কয় যে তেওঁলোকৰ অর্জিত জ্ঞান কেৱল নিজৰ বাবে নহয়, বৰঞ্চ সেয়া সমাজৰ আৰু এয়াই দেশৰ পৰম্পৰা। আপোনালোকৰ অর্জিত জ্ঞান আৰু দক্ষতাই দেশক গৌৰৱান্বিত কৰিব পাৰে, আকৌ ই সমাজক অন্ধকাৰৰ গ্লানিত নিমজ্জিত কৰাৰ লগতে ধ্বংসও কৰিব পাৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে বিশ্বত যিসকলে সন্ত্রাস আৰু হিংসাৰ পৰিৱেশ সৃষ্টি কৰিছে তেওঁলোকৰ বহুতেই সুশিক্ষিত আৰু সুদক্ষ। আনহাতে, এনে বহু লোক আছে, যিসকলে জীৱনৰ আশংকাক লৈ চিকিৎসালয় বা গৱেষণাগাৰত ক’ভিডৰ দৰে মহামাৰীৰ পৰা লাখ লাখ মানুহৰ জীৱন ৰক্ষাত ব্রতী হৈছে৷ প্রধানমন্ত্রীয়ে লগতে কয় যে এয়া কেৱল আদর্শ নহয়, বৰঞ্চ মানসিকতা, সেয়া ইতিবাচকেই হওক বা নেতিবাচক। এই সমাজত ইতিবাচক আৰু নেতিবাচক উভয় মনোভাবাপন্ন মানুহৰ নিজ নিজ উদ্দেশ্য আছে আৰু তেওঁলোকৰ বাবে পথো খোলা আছে। এনে পৰিপ্রেক্ষিতত তেওঁ ছাত্র-ছাত্রীসকলক কয় যে তেওঁলোকেই সিদ্ধান্ত ল’ব লাগিব যে তেওঁলোক সমস্যাৰ কাৰণ হৈ উঠিবনে সমস্যাৰ সমাধানৰ পথ দেখুৱাব। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে যদি এই ছাত্র-ছাত্রীসকলে দেশক অগ্রাধিকাৰ দিয়ে, তেতিয়া হ’লে তেওঁলোকৰ প্রতিটো সিদ্ধান্তই কিবা নহয় কিবা সমাধানসূত্র বাহিৰ কৰিব। ছাত্র-ছাত্রীসকলক সিদ্ধান্ত গ্রহণত দ্বিধাগ্রস্ত নোহোৱাৰ তেওঁ পৰামর্শ আগবঢ়ায়৷ প্রধানমন্ত্রীয়ে কয় যে যিমানদিনলৈকে দেশৰ যুৱসম্প্রদায়ৰ মাজত উদ্ভাৱনৰ আকাংক্ষা থাকিব, ক্ষতিশংকা বহনৰ মানসিকতা থাকিব আৰু আগুৱাই যোৱাৰ প্রেৰণা থাকিব-সিমানদিন দেশৰ ভৱিষ্যতক লৈ চিন্তিত হোৱাৰ কাৰণ নাই। যুৱ সম্প্রদায়ৰ এই ধৰণৰ প্রয়াসত তেওঁ সকলো ধৰণৰ চৰকাৰী সাহায্যৰ আশ্বাস দিয়ে৷


পৰম্পৰাগত ভাৰতীয় শিক্ষা ব্যৱস্থাৰ ক্ষমতাৰ কথা উল্লেখ কৰি প্রধানমন্ত্রীয়ে গান্ধীবাদী শ্রী ধৰমপাল ৰচিত ‘দ্য বিউটিফুল ট্রি–ইণ্ডিজেনাছ ইণ্ডিয়ান এডুকেশ্যন ইন দ্য এইটিন্থ চেঞ্চুৰি’ শীৰ্ষক গ্ৰন্থৰ প্রসংগ উল্লেখ কৰে৷ তেওঁ লগতে কয় যে ১৮২০ চনৰ সমীক্ষাত প্রতিখন গাঁৱত এক বা ততোধিক গুৰুকূলৰ কথা উল্লেখ কৰা হৈছিল। এই গুৰুকুল বা শিক্ষা প্রতিষ্ঠানসমূহৰ সৈতে স্থানীয় মন্দিৰৰ যোগসূত্র আছিল। আনকি, স্বাক্ষৰতাৰ হাৰো বহুত বেছি আছিল৷ ব্রিটিছ পণ্ডিতসকলে এই গুৰুকুলক স্বীকৃতি দিছিল৷ প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয় যে গুৰুদেৱ ৰবীন্দ্রনাথে বিশ্ব ভাৰতীত এনে এক শিক্ষা ব্যৱস্থাৰ প্রণয়ন কৰিছিল যি ভাৰতীয় শিক্ষা ব্যৱস্থাক আধুনিক কৰি তুলিব আৰু দাসত্বৰ পৰাও সকলোকে মুক্ত কৰিব পাৰিব৷

নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিতো এইদৰে বিভিন্ন পুৰণি বাধা-বিঘিনি দূৰ কৰা হৈছে যাতে ছাত্র-ছাত্রীসকলে তেওঁলোকৰ পূর্ণ সম্ভাবনাৰ বিকাশ ঘটাব পাৰে। এই শিক্ষা নীতিত পঢ়া-শুনাৰ বিষয় আৰু শিক্ষাদানৰ পদ্ধতিসমূহ সৰল কৰা হৈছে। আনকি, নতুন শিক্ষা নীতিত উদ্যোগ আৰু আত্মনির্ভৰ হোৱাৰ সমান্তৰালভাৱে গৱেষণা আৰু উদ্ভাৱনতো অগ্রাধিকাৰ দিয়া হৈছে। প্রধানমন্ত্রীয়ে কয় যে এই শিক্ষা নীতি এক আত্মনির্ভৰ ভাৰত গঢ়াৰ ক্ষেত্রত গুৰুত্বপূর্ণ প্ৰচেষ্টাৰ অংশ। চৰকাৰে বৰ্তমান লাখ লাখ পত্রপত্রিকা যাতে বিদ্বান ব্যক্তিসকলে পাব পাৰে সেই প্ৰচেষ্টা হাতত লৈছে। এইবাৰৰ বাজেটত নেচনেল ৰিচার্চ ফাউণ্ডেশ্যনৰ জৰিয়তে ৫ বছৰত ৫০ হাজাৰ কোটি টকা ব্যয়ৰ ব্যৱস্থা কৰা হৈছে৷ নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিত লিংগভিত্তিক সমানুপাতিক হাৰত পূঁজি ব্যৱস্থাৰ সুবিধা আছে। ইয়াৰ ফলত কন্যাসকলে পঢ়া-শুনাৰ প্ৰতি আৰু অধিক আগ্রহী হ’ব৷ কন্যাসকল অধিক মাত্ৰাত স্কুল এৰাৰ হাৰ সম্পর্কে সমীক্ষা চলোৱা হৈছে আৰু ৰাষ্ট্ৰীয় শিক্ষা নীতিত যি কোনো সময়ত শিক্ষা ব্যৱস্থাৰ সৈতে যুক্ত হোৱা বা এই ব্যৱস্থাৰ পৰা বাহিৰ হৈ যোৱাৰ ব্যৱস্থাৰ উপৰি স্নাতক পৰ্যায়ত বার্ষিক ক্রেডিডৰ ব্যৱস্থাও কৰা হৈছে।


বংগক এক ভাৰত, শ্রেষ্ঠ ভাৰতৰ প্রেৰণা বুলি উল্লেখ কৰি প্রধানমন্ত্রীয়ে কয় যে একবিংশ শতিকাৰ জ্ঞানভিত্তিক অর্থনীতিত বিশ্ব ভাৰতীয়ে গুৰুত্বপূর্ণ ভূমিকা ল’ব পাৰে। আনকি, বিশ্বৰ প্রতিটো প্রান্তত ভাৰতীয় জ্ঞান আৰু পৰিচয়ক আগুৱাই নিব পাৰে। প্রধানমন্ত্রীয়ে মর্যাদাপূর্ণ এই বিশ্ববিদ্যালয়ৰ ছাত্র-ছাত্রীসকলৰ ২০৭৪ চনৰ কথা বিবেচনা কৰি অহা ২৫ বছৰত ২৫টা গুৰুত্বপূর্ণ লক্ষ্য অর্জনৰ বাবে ভৱিষ্যৎ ৰূপৰেখা গঢ়াৰ পৰামর্শ দিয়ে। তেওঁ ছাত্র-ছাত্রীসকলৰ ভাৰত সম্পর্কে সজাগতা আৰু প্ৰসাৰ কৰাৰ কথা কয়৷ ভাৰতৰ চিৰন্তন মূল্যবোধ আৰু বিশ্বত ভাৰতৰ ভাৱমূর্তিৰ আৰু অধিক প্রসাৰত বিশ্ব ভাৰতীয়ে অন্যান্য শিক্ষা প্রতিষ্ঠানসমূহক নেতৃত্ব দিব পাৰে৷ তেওঁ প্রতিগৰাকী ছাত্র-ছাত্রীক তেওঁলোকৰ সমীপৱর্তী গাঁওসমূহ বাছনি কৰি সেইবোৰকে আত্মনির্ভৰ কৰি তুলি তাত উৎপাদিত সামগ্ৰী সমগ্ৰ বিশ্বত বিপণনৰ উপায় বিচাৰি উলিওৱাৰ পৰামর্শ দিয়ে৷

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's forex reserves hit all-time high of $729.33 billion after $12.42 billion jump

Media Coverage

India's forex reserves hit all-time high of $729.33 billion after $12.42 billion jump
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 29 আগষ্ট 2026
August 29, 2026

New India, New Speed, New Stage: Missiles, Medals, Multilateralism under PM Modi