For ages, conservation of wildlife and habitats has been a part of the cultural ethos of India, which encourages compassion and co-existence: PM Modi
India is one of the few countries whose actions are compliant with the Paris Agreement goal of keeping rise in temperature to below 2 degree Celsius: PM

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সিংযোগে গান্ধীনগৰত পৰিভ্ৰমী প্ৰজাতিৰ বন্যপ্ৰাণীৰ সংৰক্ষণ সম্পৰ্কীয় ত্ৰয়োদশ কনফাৰেন্স অফ পাৰ্টীছ উদ্বোধন কৰে৷

এই উপলক্ষে আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ভাৰত বিশ্বৰ অন্যতম বৈচিত্র্যপূর্ণ দেশ। বিশ্বৰ মুঠ ভৌগোলিক এলেকাৰ ২.৪ শতাংশ ভাৰতীয় ভূখণ্ডৰ অংশ হ’লেও ইয়াত বিশ্বৰ জৈ–ৱবৈচিত্র্যৰ প্রায় ৮ শতাংশৰ বসবাস। প্ৰধানমন্ত্রীয়ে লগতে কয় যে যুগ যুগ ধৰি বন্যপ্রাণী আৰু ইয়াৰ বাসস্থানৰ সংৰক্ষণ ভাৰতৰ সাংস্কৃতিক মূল্যবোধেৰ অংগ৷ এই মূল্যবোধেই কৰুণা আৰু সহাৱস্থানত প্রেৰণা যোগায়। তেওঁ কয়, “গান্ধীজীৰ আদর্শ অনুপ্রাণিত হৈ অহিংসাৰ নীতি তথা বন্যপ্ৰাণী আৰু প্ৰকৃতিৰ সুৰক্ষাৰ বিষয়টো ভাৰতৰ সংবিধান আৰু একাধিক আইনত যথাযথভাৱে প্ৰতিফলিত হৈছে৷”

ভাৰতৰ অৰণ্য অঞ্চলৰ পৰিসৰ বৃদ্ধি সন্দৰ্ভত প্ৰধানমন্ত্রীয়ে কয় যে বর্তমান দেশৰ মুঠ ভৌগোলিক এলেকাৰ ২১.৬৭ শতাংশই বনাঞ্চল৷ সংৰক্ষণ, বহনক্ষম জীৱনশৈলী আৰু আদর্শ সেউজকৰণৰ মাধ্যমেৰে ভাৰতে কিদৰে জলবায়ু পৰিৱর্তনৰ সৈতে মোকাবিলা কৰাত অগ্ৰণী ভূমিকা পালন কৰি আহিছে বুলিও প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে৷ প্ৰসংগক্ৰমে তেওঁ কয় যে বৈদ্যুতিক যানবাহন, স্মার্ট চিটী আৰু জল সংৰক্ষণত গুৰুত্ব দিয়া হৈছে৷ তেওঁ কয় যে ভাৰত আঙুলিৰ মুৰত লিখিব পৰা কেইখনমান দেশৰ অন্যতম, যিবোৰে ভূপৃষ্ঠৰ তাপমাত্রা ২ ডিগ্রী চেলচিয়াছৰ তলত বজাই ৰাখিবলৈ পেৰিছ চুক্তিৰ উদ্দেশ্যসমূহ মানি চলিছে।

 

প্ৰধানমন্ত্রীয়ে কয় যে বন্যপ্ৰাণী সংৰক্ষণমূলক কর্মসূচীত অগ্রাধিকাৰ দিয়াৰ ফল ভাৰতে লাভ কৰিবলৈ আৰম্ভ কৰিছে। তেওঁ কয়, “২০২২ চনৰ ভিতৰত বাঘৰ সংখ্যা দুগুন কৰাৰ বাবে ধার্য কৰা লক্ষ্য ভাৰতে দুবছৰৰ পূৰ্বেই উপনীত হৈছে, য’ত ভাৰতত বৰ্তমান বাঘৰ সংখ্যা ২০১০ৰ ১,৪১১ৰ পৰা দুগুণ বৃদ্ধি পাই ২,৯৬৭ হৈছে৷” সন্মিলনত উপস্থিত এনে দেশবোৰক বাদ দিও, অন্যান্য দেশক বাঘ সংৰক্ষণৰ প্ৰয়াস আৰু জোৰদাৰ কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে আহ্বান জনায়৷ এছিয়া প্ৰজাতিৰ হাতী সংৰক্ষণত ভাৰতে গ্ৰহণ কৰা প্ৰচেষ্টাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্রীয়ে কয় তুষাৰ চিতা, এছিয় প্ৰজাতিৰ সিংহ, এশিঙীয়া গড আৰু গ্রেট ইণ্ডিয়ান বাষ্টার্ড পক্ষীৰ সংৰক্ষণ আৰু সংখ্যা বৃদ্ধিতো আঁচনি ৰূপায়ণ কৰা হৈছে৷ গ্রেট ইণ্ডিয়ান বাষ্টার্ড পক্ষীৰ প্ৰতি সন্মানৰ নিদর্শনস্বৰূপ ‘জিবি দ্য গ্রেট’ মেছকট প্ৰস্তুত কৰা হৈছে৷

 

দক্ষিণ ভাৰতৰ পৰম্পৰাগত ‘কোলাম’ৰ পৰা অনুপ্রাণিত হৈ এইবাৰৰ ত্ৰয়োদশ চিঅ’পি সন্মিলনৰ প্ৰতীক প্ৰস্তুত কৰা হৈছে৷ এই প্ৰতীক প্ৰকৃতিৰ সৈতে সামঞ্জস্যপূর্ণ সহাৱস্থানৰ তাৎপর্যক প্ৰতিফলিত কৰে৷ তেওঁ কয় যে ত্ৰয়োদশ সন্মিলনৰ ভাৱনাৰ সৈতে ভাৰতৰ ‘অতিথি দেৱ ভবঃ’ মন্ত্রৰ আদর্শ প্ৰতিফলিত হয়।

চিঅ’পিৰ এই সন্মিলনৰ অহা তিনি বছৰে নেতৃত্ব পালনৰ সময়ত ভাৰতে দিয়া অগ্রাধিকাৰমুলক বিষয়বোৰৰ কথাও প্ৰধানমন্ত্রীয়ে উল্লেখ কৰে৷

পৰিভ্ৰমী পক্ষীৰ যাতায়াতৰ ক্ষেত্রত ভাৰতক মধ্য এছিয়াৰ এটা এলেকা বুলি উল্লেখ কৰি প্ৰধানমন্ত্রীয়ে কয় যে মধ্য এছিয়া অঞ্চলত পৰিভ্ৰমী পক্ষী আৰু এইবোৰ বাসস্থানৰ সুৰক্ষাত ভাৰতে মধ্য এছিয়া এলেকা সম্পূৰ্ণৰূপে পৰিভ্ৰমী পক্ষীৰ সংৰক্ষণত ৰাষ্ট্ৰীয় পৰ্যায়ৰ এক পৰিকল্পনা প্ৰস্তুত কৰিছে। “মধ্য এছিয়া অঞ্চলৰ অন্যান্য দেশৰ সক্রিয় সহযোগিতাত পৰিভ্ৰমী পক্ষীৰ সংৰক্ষণত এক নতুন উচ্চতাত উপনীত হ’বলৈ আমি আগ্ৰহী” তেওঁ কয়৷

 

প্ৰধানমন্ত্রীয়ে কয় যে আছিয়ান আৰু পূব এছিয়া দেশবোৰৰ লগত সহযোগিতা আৰু অধিক নিবিড় কৰাৰ প্ৰতি ভাৰতে প্ৰস্তাৱ দিছে৷ ভাৰতে ২০২০ সামুদ্রিক কাছ নীতি আৰু সামুদ্রিক স্থিতাৱস্থা ব্যৱস্থাপনা নীতি গ্ৰহণ কৰিব বুলি জনাই প্ৰধানমন্ত্ৰীয়ে কয় যে এই নীতিয়ে সমুদ্রত মাইক্র প্লাষ্টিকজনিত প্ৰদূষণ প্ৰতিৰোধতো কার্যকৰী ভূমিকা পালন কৰিব৷ পৰিৱেশৰ সুৰক্ষাত এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকক ডাঙৰ প্ৰত্যাহ্বান হিচাপে উল্লেখ কৰি তেওঁ কয় যে “ভাৰতত আমি মিচন মুডৰ ভিত্তিত এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক বর্জনৰ অভিযানো গ্ৰহণ কৰিছে৷”

 

ভাৰতত এনে বহু সংৰক্ষিত এলেকা আছে যিবোৰৰ সীমা প্ৰতিৱেশী দেশসমূহৰ সংৰক্ষিত এলেকাৰ সৈতে সংযোগ স্থাপন হৈ আছে৷ এই প্ৰসংগত প্ৰধানমন্ত্রীয়ে কয় যে বন্যপ্রাণী সংৰক্ষণত সীমান্তৰ সুৰক্ষা নীতিয়ে ইতিবাচক ভূমিকা পালন কৰিব পাৰে৷

 

বহনক্ষম উন্নয়নৰ লক্ষ্যৰে কেন্দ্রীয় চৰকাৰৰ প্ৰতিশ্ৰুতিৰ কথা দোঁহাৰি প্ৰধানমন্ত্রীয়ে কয়, “বাস্তুতান্ত্রিক দিশৰ পৰা অতি স্পর্শকাতৰ এলেকাসমূহত উন্নয়নৰ বাবে আমি যথোপযুক্ত আন্তঃগাঁথনিৰ নিৰ্দেশাৱলী গ্ৰহণ কৰিছো৷”

 

সীমান্ত সংলগ্ন অৰণ্যাঞ্চলত বসবাসকৰা লাখ লাখ লোকে যৌথ বনাঞ্চল পৰিচালনা কমিটী আৰু ইক’ ডেভেলপমেণ্ট কমিটী গঠনৰ জৰিয়তে চামিল কৰা হৈছে৷ এই প্ৰচেষ্টাত ‘সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস’ৰ মানসিকতাকেই প্ৰতিফলিত কৰে বুলি প্ৰধানমন্ত্রীয়ে উল্লেখ কৰে৷ তেওঁ কয় যে অৰণ্য আৰু বন্য জীৱনৰ সুৰক্ষাত সাধাৰণ মানুহৰ সক্রিয় অংশগ্ৰহণ আৰু অধিক বৃদ্ধি কৰাটোৱেই এই প্ৰচেষ্টাৰ উদ্দেশ্য৷

 

 

 

 

 

 

 

 

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Rural commercial vehicle retail sales growth outpaces urban: Fada data

Media Coverage

Rural commercial vehicle retail sales growth outpaces urban: Fada data
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister lauds India’s 7.8% GDP growth
August 31, 2026

The Prime Minister, Shri Narendra Modi has termed India’s 7.8% GDP growth in first quarter of FY 2026-27 a “herculean feat”. Shri Modi said that the achievement reflects the collective strength and resilience of the people of India, despite oil price shocks, supply chain disruptions and global uncertainties.

Shri Modi posted on X:

India’s exemplary GDP growth of 7.8% during Q1 of FY 2026-27 is a herculean feat.

The collective strength of our people ensured India delivered such growth despite oil price shocks and supply chain issues in the midst of global uncertainties.

Doomsayers were doomed and India bloomed…yet again!