We have decided to increase the jurisdiction of #LucknowUniversity. Modern solutions & management should be studied and researched in the university: PM Modi
In the span of 100 years, alumni passed from the Lucknow University have become the President and sportspersons. They have achieved a lot in every field of life: PM Modi
Digital gadgets & platforms are stealing your time but you must set aside some time for yourself. It is very important to know yourself. It will directly affect your capacity & willpower: PM
PM Modi unveils coin, postal stamp to mark 100 years of Lucknow University

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেঞ্চৰ মাধ্যমত লক্ষ্ণৌ বিশ্ববিদ্যালয়ৰ শতাব্দী প্ৰতিষ্ঠা দিৱসৰ সমাৰোহত ভাষণ দিয়ে। প্ৰধানমন্ত্ৰীয়ে এই উপলক্ষে বিশ্ববিদ্যালয়ৰ শতাব্দী স্মাৰক মুদ্ৰা জাৰি কৰে। কাৰ্যক্ৰমৰ সময়ত তেওঁ ভাৰতীয় ডাকৰ দ্বাৰা জাৰি বিশেষ স্মাৰক ডাক টিকট আৰু তাৰ বিশেষ ক'ভাৰো মুকলি কৰে। এই উপলক্ষে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী আৰু লক্ষ্ণৌৰ সংসদ সদস্য শ্ৰী ৰাজনাথ সিং তথা উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী যোগী আদিত্যনাথ উপস্থিত থাকে।

 

প্ৰধানমন্ত্ৰীয়ে বিশ্ববিদ্যালয়ক স্থানীয় কলা আৰু উৎপাদনৰ সৈতে সম্পৰ্কযুক্ত পাঠ্যক্ৰম প্ৰদান কৰাৰ আহ্বান জনায় আৰু এই স্থানীয় উৎপাদনৰ মূল্য সংযোজনৰ ওপৰত গৱেষণা কৰিবলৈ আহ্বান জনায়। লক্ষ্ণৌৰ 'চিকানকাৰি', মুৰাদাবাদৰ পিতলৰ সামগ্ৰী, আলিগড়ৰ তলা, ভদোহিৰ কাৰ্পেটৰ দৰে সামগ্ৰীক বৈশ্বিক স্তৰত প্ৰতিদ্বন্দ্বী কৰি তোলাৰ ব্যৱস্থা, ব্ৰেণ্ডিং আৰু ৰণনীতি বিশ্ববিদ্যালয়ৰ দ্বাৰা পৰিৱেশন কৰিবলগীয়া পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা দৰকাৰ। ইয়াৰ ফলত 'এক জিলা, এক উৎপাদন'ৰ ধাৰণাক বাস্তৱ ৰূপ দিয়াত সহায়ক হ'ব। প্ৰধানমন্ত্ৰীয়ে কলা, সংস্কৃতি আৰু আধ্যাত্মিকতাৰ দৰে বিষয়ৰ সৈতে সংযোগ অব্যাহত ৰাখিবৰ বাবে সিবিলাকক বৈশ্বিক প্ৰাপ্তি উপলব্ধ কৰোৱাৰো আহ্বান জনায়।

ক্ষমতাবোৰ চিনাক্ত কৰাৰ প্ৰয়োজনীয়তাৰ উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে ৰাইবেৰেলীৰ ৰে'ল কোচ কাৰখানাৰ উদাহৰণ দিয়ে। তেওঁ কয় যে কাৰখানাত কৰা বিনিয়োগৰ দীৰ্ঘ সময়লৈকে ক্ষুদ্ৰ সামগ্ৰীৰ উৎপাদন আৰু কাপুৰথলাত নিৰ্মাণ হ'বলগীয়া কোচৰ বাবে ব্যৱহাৰ হ'বলগীয়া সামগ্ৰীৰ অতিৰিক্ত প্ৰয়োগ কৰা হোৱা নাছিল। কাৰখানা কোচ নিৰ্মাণত সক্ষম আছিল, কিন্তু ইয়াৰ সম্পূৰ্ণ ক্ষমতাৰ ব্যৱহাৰ কেতিয়াও কৰা হোৱা নাই। ২০১৪ত এই কম উপযোগিতাৰ স্থিতি সলনি কৰা হয় আৰু আজি কাৰখানাত অলেখ কোচ নিৰ্মাণ কৰি থকা হৈছে। শ্ৰী মোদীয়ে কয় যে ক্ষমতাৰ লগতে ইচ্ছা শক্তি আৰু আকাংক্ষাও সিমানেই গুৰুত্বপূৰ্ণ। কেইবাটাও অন্য উদাহৰণ উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ''চিন্তাত সকাৰাত্মকতা আৰু দৃষ্টিভংগীত সম্ভাৱনাক সদায় জীৱিত ৰাখিব লাগে।''

 

শ্ৰী মোদীয়ে গুজৰাটত বিদ্যাৰ্থীৰ সহযোগত গান্ধী জয়ন্তীত পোৰবন্দৰত হোৱা এটা ফেশ্যন শ্ব'ৰ মাধ্যমত খাদীক জনপ্ৰিয় কৰি তোলাৰ নিজৰ অনুভৱো ব্যক্ত কৰে। ইয়াৰ ফলত খাদী 'ফেশ্যনেবল' হৈ গ'ল। প্ৰধানমন্ত্ৰীয়ে কয় যে যোৱা ছটা বছৰত খাদীৰ বিক্ৰী, ইয়াৰ পূৰ্বে ২০ বছৰত হোৱা মুঠ বিক্ৰীতকৈও অধিক হৈছে।

 

আধুনিক জীৱনৰ ব্যস্ততা আৰু গেজেট্ছৰ ওপৰত বৰ্ধিত নিৰ্ভৰশীলতাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে যুৱক-যুৱতীসকলৰ মাজত চিন্তন আৰু আত্মবোধৰ অভ্যাস কম হৈ গৈ আছে। তেওঁ যুৱক-যুৱতীসকলক সকলোধৰণৰ ব্যস্ততাৰ মাজত নিজৰ বাবে সময় উলিয়াবলৈ কয়। তেওঁ কয় যে ইয়াৰ ফলত তেওঁলোকে নিজৰ সক্ষমতা বঢ়োৱাত সহায়ক হ'ব।

 

প্ৰধানমন্ত্ৰীয়ে কয় যে বিদ্যাৰ্থীৰ বাবে ৰাষ্ট্ৰীয় শিক্ষা নীতি নিজেই নিজৰ পৰীক্ষা লোৱাৰ পন্থা। নতুন নীতিত বিদ্যাৰ্থীৰ মাজত আত্মবিশ্বাস গঢ়ি তোলা আৰু তেওঁলোকক স্থিতিস্থাপক কৰি তোলাৰ প্ৰয়াস কৰা হৈছে। তেওঁ বিদ্যাৰ্থীসকলক পৰম্পৰা ভংগ কৰিবলৈ, সীমাতকৈ আগত ভাবিবলৈ আৰু পৰিৱৰ্তনলৈ ভয় নকৰিবলৈ আহ্বান জনায়। তেওঁ বিদ্যাৰ্থীসকলক নতুন নীতিৰ বিষয়ে চৰ্চা কৰিবলৈ আৰু তাৰ ৰূপায়ণত সহায় কৰিবলৈ কয়।

 

 

Click here to read PM's speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Rolls-Royce joins with HAL at the wheel to make India a major aerospace hub

Media Coverage

Rolls-Royce joins with HAL at the wheel to make India a major aerospace hub
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 15 মে’ 2026
May 15, 2026

Viksit Bharat Unleashed: PM Modi's Blueprint Delivers Energy Independence, Tech Boom, and Diplomatic Dominance