At every level of education, gross enrolment ratio of girls are higher than boys across the country: PM Modi
Lauding the University of Mysore, PM Modi says several Indian greats such as Bharat Ratna Dr. Sarvapalli Radhakrisnan has been provided new inspiration by this esteemed University
PM Modi says, today, in higher education, and in relation to innovation and technology, the participation of girls has increased
In last 5-6 years, we've continuously tried to help our students to go forward in the 21st century by changing our education system: PM Modi on NEP

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহীশুৰ বিশ্ববিদ্যালয়ৰ শতবৰ্ষীয় সমাৱৰ্তন অনুষ্ঠান, ২০২০ত ভিডিঅ’ কনফাৰেন্সযোগে ভাষণ আগবঢ়ায়৷

 

এই উপলক্ষে আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে কয় মহীশুৰ বিশ্ববিদ্যালয় প্ৰাচীন ভাৰতৰ বিখ্যাত শিক্ষা পদ্ধতিৰ, ভৱিষ্যতৰ ভাৰতৰ আশা–আকাংক্ষা আৰু সক্ষমতাৰ কেন্দ্ৰত পৰিণত হোৱাৰ লগতে ই ‘ৰাজৰ্ষী’ নলবাদী কৃষ্ণৰাজা ৱাডিয়াৰ আৰু এম. বিশ্বেশ্বৰায়া জীৰ সপোনৰ ফচল৷

 

মহান দিগ্গজ ভাৰত ৰত্ন ড০ সৰ্বেপল্লী ৰাধাকৃষ্ণণ জীৰ প্ৰসংগ উল্লেখ কৰি তেওঁ কয় যে এই বিশ্ববিদ্যালয়ত তেওঁ শিক্ষা প্ৰদান কৰিছিল৷

 

প্ৰধানমন্ত্ৰীয়ে শিক্ষাৰ্থীসকলক তেওঁলোকে আহৰণ কৰা শিক্ষা তেওঁলোকৰ বাস্তৱ জীৱনৰ বিভিন্ন পৰ্যায়ত ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়৷ তেওঁ বাস্তৱ জীৱনক এক ডাঙৰ বিশ্ববিদ্যালয় বুলি আখ্যা দিয়ে, যি আমাক বিভিন্ন উপায়েৰে জ্ঞানৰ ব্যৱহাৰ কৰাৰ শিক্ষা দিয়ে৷

 

প্ৰধানমন্ত্ৰীয়ে বিখ্যান কানাড়া লেখক তথা চিন্তাবিদ গুৰুৰু ৰামাস্বামীৰ আয়েংগাৰ জীৰ বাণী উদ্ধৃতি দি কয়, “শিক্ষাই জীৱনৰ কঠিন সময়ত পোহৰৰ সন্ধান দিয়ে৷”

তেওঁ কয় যে আন্তঃগাঁথনি সৃষ্টি আৰু গাঁথনিগত সংস্কাৰৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰি ভাৰতৰ শিক্ষা ব্যৱস্থাই একবিংশ শতিকাৰ সকলো প্ৰয়োজনীয়তা পুৰণ কৰিব পৰাকৈ গঢ় দিয়াৰ বাবে ধাৰাবাহিক প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে৷ তেওঁ কয় যে ভাৰতক উচ্চ শিক্ষাৰ গ্ল’বেল হাবত পৰিণত কৰাৰ বাবে তথা যুৱক–যুৱতীসকলৰ প্ৰতিযোগিতামূলক মনোভাৱ গঢ়ি তোলাৰ বাবে গুণগত আৰু পৰিমাণগত প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে৷

 

স্বাধীনতা লাভ কৰাৰ বহু বছৰৰ পাছত ২০১৪ চনলৈকে দেশত কেৱল ১৬খন আইআইটি আছিল৷ বিগত ৬বছৰত প্ৰতি বছৰে গড়ে এখনকৈ আইআইটি খোলা হৈছে৷ ইয়াৰে এখন হৈছে কৰ্ণাটকৰ ধাৰৱাড়৷ তেওঁ লগতে কয় যে ২০১৪ চনত দেশত কেৱল ৯খন আইআইআইটি, ১৩খন আইআইএম আৰু ৭খন এইমছ আছিল৷ ইয়াৰ বিপৰীতে বিগত পাঁচ বছৰত ১৬খন আইআইআইটি, ৭খন আইআইএম আৰু ৮খন এইমছ স্থাপন কৰাৰ লগতে কেইবাখনো নিৰ্মীয়মান অৱস্থাত আছে৷

 

প্ৰধানমন্ত্ৰীয়ে কয় যে বিগত ৫–৬ বছৰত উচ্চ শিক্ষাৰ ক্ষেত্ৰত লোৱা প্ৰচেষ্টা কেৱল নতুন শিক্ষানুষ্ঠান খোলাতে সীমাৱদ্ধ নহয়, বৰঞ্চ এই প্ৰতিষ্ঠানসমূহত লিংগ সমতা আৰু সামাজিক অন্তৰ্ভূক্তি সুনিশ্চিত কৰাৰ বাবে কেতবোৰ প্ৰশাসনিক সংস্কাৰো সাধন কৰা হৈছে৷ কেতবোৰ প্ৰতিষ্ঠানক স্বতন্ত্ৰতা প্ৰদান কৰা হৈছে যাতে তেওঁলোকে তেওঁলোকৰ প্ৰয়োজনীয়তাৰ ভিত্তিত সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে৷

 

তেওঁ কয় যে প্ৰথম আইআইএম আইনে সমগ্ৰ দেশত আইআইএমক অধিক অধিকাৰ প্ৰদান কৰিলে৷ ৰাষ্ট্ৰীয় চিকিৎসা আয়োগ গঠনে চিকিৎসা শিক্ষাত অধিক স্বচ্ছতা আনিলে৷ দুখন নতুন আইন ৰূপায়ণ কৰি হোমিঅ’পেথী আৰু অন্যান্য ভাৰতীয় চিকিৎসা পদ্ধতিত সংস্কাৰ সাধন কৰা হৈছে৷

প্ৰধানমন্ত্ৰীয়ে দেশত শিক্ষাৰ সৰ্বস্তৰত ল’ৰাতকৈ ছোৱালীৰ নাম পঞ্জীয়ন অধিক হোৱাৰ বাবে সন্তুষ্টি প্ৰকাশ কৰে৷

 

প্ৰধানমন্ত্ৰীয়ে কয় যে নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে সমগ্ৰ শিক্ষা খণ্ডত মৌলিক পৰিৱৰ্তন অনাত গতি প্ৰদান কৰিব৷ তেওঁ কয় যে আমাৰ যুৱক–যুৱতীসকলৰ মনত এক অস্থায়ী আৰু গ্ৰহণযোগ্য শিক্ষা পদ্ধতিৰ জৰিয়তে প্ৰতিযোগিতামূলক মনোভাৱ গঢ় দিব পৰাকৈ নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি এক বহুপাক্ষিক ব্যৱ্স্থাত পৰিণত হৈছে৷ তেওঁ কয় যে দক্ষতা, পুনৰ দক্ষ আৰু দক্ষতা উন্নত কৰাটো বৰ্তমান সময়ত অপৰিহাৰ্য হৈ পৰিছে৷

 

দেশৰ এখন সৰ্বোত্তম শিক্ষা প্ৰতিষ্ঠান হিচাপে প্ৰধানমন্ত্ৰীয়ে মহীশুৰ বিশ্ববিদ্যালয়ক বৰ্তমানৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত নতুনত্ব উদ্ভাৱনৰ আহ্বান জনায়৷ তেওঁ প্ৰতিষ্ঠানটোক ইনকিউবেচন চেণ্টাৰ, প্ৰযুক্তি উন্নয়ন কেন্দ্ৰ, ‘উদ্যোগ–শিক্ষা যোগসুত্ৰ স্থাপন’ আৰু আন্তঃব্যৱস্থামূলক গৱেষণাৰ দিশত গুৰুত্ব দিবলৈ আহ্বান জনায়৷ তেওঁ বিশ্ববিদ্যালয়খনক স্থানীয় সংস্কৃতি, স্থানীয় কলা আৰু অন্যান্য সামাজিক দিশসমূহৰ লগতে গ্ল’বেল আৰু সমসাময়িক দিশসমূহৰ প্ৰতি গৱেষণামূলক কাম–কাজ বৃদ্ধি কৰিবলৈ অনুৰোধ জনায়৷ তেওঁ শিক্ষাৰ্থীসকলক তেওঁলোকৰ ব্যক্তিগত শক্তিৰ ভিত্তিত উৎকৰ্ষ আহৰণ কৰিবলৈ আহ্বান জনায়৷

 

 

 

 

 

 

 

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Tirupati Begins First Mango Pulp Exports To UK Under India-UK FTA

Media Coverage

Tirupati Begins First Mango Pulp Exports To UK Under India-UK FTA
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister expresses anguish over the loss of lives due to tunnel collapse in Namchi, Sikkim
July 21, 2026
PM announces ex-gratia from PMNRF

Prime Minister Shri Narendra Modi today expressed anguish over the loss of lives due to the collapse of an under-construction tunnel in Namchi, Sikkim. He extended his deepest condolences to the bereaved families and prayed that those injured recover at the earliest.

The Prime Minister announced that an ex-gratia of Rs. 2 lakh from PMNRF would be given to the next of kin of each deceased. Shri Modi stated that the injured would be given Rs. 50,000.

In a post on X, the Prime Minister shared:

"Anguished by the loss of lives due to the collapse of an under-construction tunnel in Namchi, Sikkim. I extend my deepest condolences to the bereaved families. I pray that those injured recover at the earliest.

An ex-gratia of Rs. 2 lakh from PMNRF would be given to the next of kin of each deceased. The injured would be given Rs. 50,000: PM @narendramodi"