"আজি সংসদীয় গণতন্ত্ৰৰ বাবে গৌৰৱৰ দিন, ই এটা গৰিমাময় দিন। স্বাধীনতাৰ পাছত প্ৰথমবাৰৰ বাবেআমাৰ নতুন সংসদত এই শপত গ্ৰহণ কৰা হৈছে"
"কাইলৈ ২৫ জুন। ৫০বছৰ আগতে আজিৰ দিনটোতে, সংবিধানত এটা ক'লা দাগ পৰিছিল। দেশলৈ যাতে এনে দিন কেতিয়াও নাহে, সেয়া নিশ্চিত কৰিবলৈ আমি চেষ্টা কৰিম"
"স্বাধীনতাৰ পাছত দ্বিতীয়বাৰৰ বাবে এখন চৰকাৰে একেৰাহে তৃতীয়বাৰৰ বাবে দেশৰ সেৱা আগবঢ়োৱাৰ সুযোগ লাভ কৰিছে। এই সুযোগটো ৬০বছৰৰ পিছত আহিছে"
"আমি বিশ্বাস কৰো যে চৰকাৰ চলাবলৈ সংখ্যাগৰিষ্ঠতাৰ প্ৰয়োজন, কিন্তু দেশ খন চলাবলৈ সহমত অতি গুৰুত্বপূৰ্ণ"
"মই দেশবাসীক আশ্বাস দিছো যে আমাৰ তৃতীয় কাৰ্যকালত আমি তিনিগুণ অধিক পৰিশ্ৰম কৰিম আৰু তিনিগুণ ফলাফল লাভ কৰিম"
"দেশক শ্লোগানৰ প্ৰয়োজন নাই, ইয়াক সাৰ্থকতাৰ প্ৰয়োজন। দেশক ভাল-দায়িত্বশীল বিৰোধীৰ প্ৰয়োজন"

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অষ্টাদশ লোকসভাৰ প্ৰথম অধিৱেশন আৰম্ভ হোৱাৰ পূৰ্বে সংবাদ মাধ্যমক সম্বোধন কৰে।

স্বাধীনতাৰ পাছত প্ৰথমবাৰৰ বাবে নতুন সংসদত শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হোৱাৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে আজিৰ অনুষ্ঠানটোক সংসদীয় গণতন্ত্ৰত গৌৰৱান্বিত আৰু গৌৰৱময় দিন বুলি অভিহিত কৰে। "এই গুৰুত্বপূৰ্ণ দিনটোত মই সকলো নৱনিৰ্বাচিত সাংসদক হৃদয়েৰে স্বাগতম জনাইছো আৰু সকলোকে অভিনন্দন জনাইছো", প্ৰধানমন্ত্ৰীয়ে কয়। 

এই সংসদ গঠনক ভাৰতৰ সাধাৰণ মানুহৰ সংকল্প ৰূপায়ণৰ উপায় হিচাপে অভিহিত কৰি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে নতুন উৎসাহেৰে নতুন গতি আৰু উচ্চতা অৰ্জন কৰাৰ এয়া এক গুৰুত্বপূৰ্ণ সুযোগ। তেওঁ কয় যে ২০৪৭ চনৰ ভিতৰত উন্নত ভাৰত গঢ়াৰ লক্ষ্যত উপনীত হ’বলৈ আজিৰ পৰা ১৮ সংখ্যক লোকসভা আৰম্ভ হৈছে। প্ৰধানমন্ত্ৰীয়ে দৃঢ়তাৰে কয় যে বিশ্বৰ সৰ্ববৃহৎ নিৰ্বাচনৰ বিশাল আয়োজন ১৪০ কোটি নাগৰিকৰ বাবে গৌৰৱৰ বিষয়। "নিৰ্বাচনী প্ৰক্ৰিয়াত ৬৫ কোটিতকৈও অধিক ভোটাৰে অংশগ্ৰহণ কৰিছিল", প্ৰধানমন্ত্ৰীয়ে আনন্দেৰে এইদৰে উল্লেখ কৰি কয় যে স্বাধীনতাৰ পাছত দ্বিতীয়বাৰৰ বাবে দেশখনে কোনো চৰকাৰক তৃতীয়বাৰৰ বাবে সেৱা আগবঢ়োৱাৰ আদেশ দিছে। তেওঁ লগতে কয়, "এই সুযোগ ৬০ বছৰৰ পিছত আহিছে আৰু এইদৰে এয়া এক গৌৰৱময় মুহূৰ্ত হৈ উঠিছে"।

 

তৃতীয় কাৰ্যকালৰ বাবে চৰকাৰখনক নিৰ্বাচিত কৰাৰ পৰিপ্ৰেক্ষিততপ্ৰধানমন্ত্ৰী মোদীয়ে নাগৰিকসকলৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰি কয় যে ই চৰকাৰৰ উদ্দেশ্য, নীতি আৰু জনসাধাৰণৰ প্ৰতি নিষ্ঠাৰ ওপৰত জনসাধাৰণৰ সন্মতি প্ৰতিফলিত কৰিছে। "যোৱা ১০ বছৰত আমি এটা পৰম্পৰা প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিছো। কাৰণ আমি বিশ্বাস কৰোঁ যে চৰকাৰ চলাবলৈ সংখ্যাগৰিষ্ঠতাৰ প্ৰয়োজন। কিন্তু এখন দেশ চলাবলৈ সহমত অত্যন্ত গুৰুত্বপূৰ্ণ।"- প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব সহকাৰে কয়। তেওঁ কয় যে ১৪০ কোটি নাগৰিকৰ আশা আৰু আকাংক্ষা পূৰণৰ বাবে সহমত অৰ্জন কৰি আৰু সকলোকে লগত লৈ মা ভাৰতীক সেৱা আগবঢ়াবলৈ চৰকাৰে নিৰন্তৰ প্ৰচেষ্টা চলাই আহিছে।

ভাৰতৰ সংবিধানৰ পৰিসৰৰ ভিতৰত থাকি সকলোকে লগত লৈ আগবঢ়া তথাদ্ৰুত সিদ্ধান্ত গ্ৰহণৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে অষ্টাদশ লোকসভাত শপত গ্ৰহণ কৰা যুৱ সাংসদৰ সংখ্যাক লৈ আনন্দ প্ৰকাশ কৰে। ভাৰতীয় পৰম্পৰা অনুসৰি ১৮ নম্বৰৰ তাৎপৰ্যৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে গীতাত ১৮ টা অধ্যায় আছে যিয়ে কৰ্ম, কৰ্তব্য আৰু সহানুভূতিৰ বাৰ্তা প্ৰদান কৰে, পুৰাণ আৰু উপপুৰাণৰ সংখ্যা ১৮, ১৮ৰ মূল সংখ্যা হৈছে ৯ যি নিখুঁততাৰ প্ৰতীক আৰু ভাৰতৰ প্ৰাপ্তবয়স্কৰ ভোটদানৰ বয়স হৈছে ১৮ বছৰ। "অষ্টাদশ লোকসভা হৈছে ভাৰতৰ অমৃত কাল। এই লোকসভা গঠনো এক শুভ লক্ষণ', শ্ৰী মোদীয়ে লগতে কয়।

 

প্ৰধানমন্ত্ৰীয়ে কাইলৈ ২৫ জুনৰ দিনা জৰুৰী অৱ্স্থা ঘোষণাৰ ৫০ বছৰ সম্পূৰ্ণ হোৱাৰ বিষয়ে উল্লেখ কৰি কয় যে ই ভাৰতীয় গণতন্ত্ৰত এক ক'লা দাগ হৈ ৰ'ব। শ্ৰী মোদীয়ে কয় যে ভাৰতৰ নতুন প্ৰজন্মই সেই দিনটো কেতিয়াও পাহৰিব নোৱাৰে যেতিয়া ভাৰতৰ সংবিধানক সম্পূৰ্ণৰূপে প্ৰত্যাখ্যান কৰি গণতন্ত্ৰক দমন কৰা হৈছিল আৰু দেশখন কাৰাগাৰত পৰিণত হৈছিল। প্ৰধানমন্ত্ৰী মোদীয়ে নাগৰিকসকলক ভাৰতৰ গণতন্ত্ৰ আৰু গণতান্ত্ৰিক পৰম্পৰাৰ সুৰক্ষাৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰিবলৈ আহ্বান জনায় যাতে এনে ঘটনা পুনৰ কেতিয়াও উদ্ভৱ নহয়। প্ৰধানমন্ত্ৰীয়ে কয়, "আমি এক জীৱন্ত গণতন্ত্ৰৰ সংকল্প গ্ৰহণ কৰিম আৰু ভাৰতৰ সংবিধান অনুসৰি সাধাৰণ মানুহৰ সপোন পূৰণ কৰিম।"

ৰাইজে চৰকাৰখনক তৃতীয়টো কাৰ্যকালৰ বাবে নিৰ্বাচিত কৰিছে বুলি উল্লেখ কৰিপ্ৰধানমন্ত্ৰীয়ে চৰকাৰৰ দায়িত্ব তিনিগুণ বৃদ্ধি হৈছে বুলি উল্লেখ কৰে। তেওঁ নাগৰিকসকলক আশ্বাস দিয়ে যে চৰকাৰে আগৰ তুলনাত তিনিগুণ কঠোৰ পৰিশ্ৰম কৰিব আৰু লগতে তিনিগুণ ফলাফল লাভ কৰিব।

 

নৱনিৰ্বাচিত সাংসদসকলৰ পৰা দেশৰ উচ্চ প্ৰত্যাশাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে সকলো সাংসদক জনকল্যাণ আৰু ৰাজহুৱা সেৱাৰ বাবেএই সুযোগব্যৱহাৰ কৰাৰ লগতে ৰাজহুৱা স্বাৰ্থত সম্ভাব্য সকলো পদক্ষেপ ল'বলৈ আহ্বান জনায়। বিৰোধীদলৰ ভূমিকাৰ বিষয়ে প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে গণতন্ত্ৰৰ মৰ্যাদা বজাই ৰাখি তেওঁলোকে তেওঁলোকৰ ভূমিকা সম্পূৰ্ণৰূপে পালন কৰিব বুলি দেশৰ জনসাধাৰণে আশা কৰে। "মই আশা কৰোঁ যে বিৰোধীয়ে ইয়াক পালন কৰিব", তেওঁ লগতে কয়। শ্ৰী মোদীয়ে শ্ল'গানৰ পৰিৱৰ্তে মানুহে সাৰ্থকতা বিচাৰে বুলি দৃঢ়তাৰে কোৱাৰ লগতে সাংসদসকলে সাধাৰণ নাগৰিকৰ সেই প্ৰত্যাশা পূৰণ কৰিবলৈ চেষ্টা কৰিব বুলি আশা প্ৰকাশ কৰে।

প্ৰধানমন্ত্ৰীয়ে উন্নত ভাৰতৰ সংকল্প সামূহিকভাৱে পূৰণ কৰা আৰু জনসাধাৰণৰ বিশ্বাস শক্তিশালী কৰাৰ বাবে সকলো সাংসদৰ ওপৰত থকা দায়িত্ব সন্দৰ্ভত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে দৰিদ্ৰতাৰ কবলৰ পৰা মুক্ত হোৱা ২৫ কোটি নাগৰিকে এক নতুন বিশ্বাস সৃষ্টি কৰিছে যে ভাৰতে অতি সোনকালে সফল হোৱাৰ লগতে দাৰিদ্ৰ্যৰ পৰা পৰিত্ৰাণ পাব পাৰে। "আমাৰ দেশৰ জনসাধাৰণ, ১৪০ কোটি নাগৰিকে কঠোৰ পৰিশ্ৰম কৰাত পিছ পৰি নাথাকে। আমি তেওঁলোকক সৰ্বাধিক সুযোগ প্ৰদান কৰা উচিত", প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰে। এই সদন সংকল্পৰ সদনত পৰিণত হ'ব বুলি আশা প্ৰকাশ কৰি তেওঁ কয় যে অষ্টাদশ লোকসভাই সাধাৰণ নাগৰিকৰ সপোন পূৰ কৰিব। প্ৰধানমন্ত্ৰীয়ে সাংসদসকলক অভিনন্দন জনাই নিজৰ বক্তব্য সমাপ্ত কৰে আৰু নিষ্ঠাৰে তেওঁলেকক নতুন দায়িত্ব পালন কৰিবলৈ আহ্বান জনায়।

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
EPFO settles 8.3 crore claims in FY26; cheque leaf upload reform benefits 7 crore members, says govt

Media Coverage

EPFO settles 8.3 crore claims in FY26; cheque leaf upload reform benefits 7 crore members, says govt
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister Narendra Modi receives a telephone call from the US Vice President
August 08, 2026
PM and Vice President Vance review progress in the India-U.S. Strategic Partnership.
PM and Vice President Vance exchange views on regional and global developments.
PM warmly congratulates Vice President Vance and Ms. Usha Vance on the birth of their son.

Prime Minister Shri Narendra Modi received a telephone call today from the Vice President of the United States, Mr. J.D. Vance.

Prime Minister and Vice President Vance reviewed progress in the India-U.S. Comprehensive Global Strategic Partnership. They noted the sustained momentum in the high-level engagements and reaffirmed their commitment to further strengthening cooperation in trade, defence, critical and emerging technologies, energy security and critical minerals.

They also exchanged views on regional and global developments of mutual interest.

Prime Minister warmly congratulated Vice President Vance and Ms. Usha Vance on the birth of their son and conveyed best wishes to the family.