"দুৰ্যোগৰ ক্ষেত্ৰত আমাৰ প্ৰতিক্ৰিয়া বিচ্ছিন্ন নহয়, হ’ব লাগিব সংহত"
"আন্তঃগাঁথনি কেৱল পূৰ্বাৱস্থালৈ উভতিবৰ বাবেই নহয়, বৰঞ্চ উপলব্ধি আৰু সহণশীলতা সৃষ্টিৰ বাবেও হ’ব লাগিব"
"আন্তঃগাঁথনিয়ে কাকো বঞ্চিত কৰিব নালাগিব"
"এটা দুৰ্যোগ আৰু আন এটা দুৰ্যোগৰ মাজৰ সময়ছোৱাত সহণশীলতাক গঢ়ি তোলা হয়"
"সহণশীলতা গঢ়িবলৈ স্থানীয় অন্তৰ্দৃষ্টিৰ সৈতে আধুনিক প্ৰযুক্তিৰ সমন্বয় সাধন উৎকৃষ্ট পন্থা হ'ব পাৰে"
"বিত্তীয় সম্পদৰ প্ৰতিশ্ৰুতি দুৰ্যোগ-সহণশীল পদক্ষেপৰ সফলতাৰ মূল চাবিকাঠি"

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' বাৰ্তাৰ জৰিয়তে ‘দুৰ্যোগ সহণশীল আন্তঃগাঁথনি (আইচিডিআৰআই)নিৰ্মাণ সম্পৰ্কীয় ২০২৩ৰ পঞ্চম আন্তঃৰাষ্ট্ৰীয় সন্মিলন’ত ভাষণ দিয়ে।

প্ৰধানমন্ত্ৰীয়ে কয় ‘এক ঘনিষ্ঠভাৱে সম্পৰ্কিত বিশ্বত দুৰ্যোগৰ প্ৰভাৱ কেৱল যে স্থানীয় নহয়, এনে এক বিশ্ব জোৰা দৃষ্টিভংগীৰ পৰাই উদ্ভৱ হৈছে ‘চিডিআৰআই’-ৰ ধাৰণা’। সেয়েহে দুৰ্যোগৰ ক্ষেত্ৰত "আমাৰ প্ৰতিক্ৰিয়া বিচ্ছিন্ন হ’লে নহ’ব, হ’ব লাগিব সংহত"। মাত্ৰ কেইবছৰমানৰ ভিতৰতে উন্নত আৰু উন্নয়নশীল দেশসমূহৰ, ডাঙৰ বা সৰু বা দক্ষিণ বা উত্তৰ গোলকীয় ৪০ খনতকৈও অধিক দেশ চিডিআৰআইৰ অংশ হৈ উঠিছে বুলি তেওঁ উল্লেখ কৰে। চৰকাৰৰ উপৰিও গোলকীয় প্ৰতিষ্ঠান, ব্যক্তিগত খণ্ড আৰু বিষয়বস্তু বিশেষজ্ঞসকলৰ জড়িত হোৱা কথাটোক তেওঁ উৎসাহজনক বুলি উল্লেখ কৰে।

প্ৰধানমন্ত্ৰীয়ে এই বছৰৰ চলিত বৰ্ষৰ বিষয়বস্তু সহণশীলতা আৰু সামগ্ৰিক আন্তঃগাঁথনি প্ৰদান সম্পৰ্কীয় আলোচনাৰ বাবে কেতবোৰ প্ৰথমিকতা দাঙি ধৰে। "আন্তঃগাঁথনি কেৱল পূৰ্বাৱস্থালৈ উভতিবৰ বাবেই নহয় বৰঞ্চ উপলব্ধি আৰু সহণশীলতা সৃষ্টিৰ বাবেও হ’ব লাগিব। আন্তঃগাঁথনিয়ে কাকো বঞ্চিত কৰিব নালাগিব আৰু সংকটৰ সময়তো মানুহৰ সেৱা কৰিব লাগিব।" প্ৰধানমন্ত্ৰীয়ে আন্তঃগাঁথনি নিৰ্মাণৰ ক্ষেত্ৰত এক সামগ্ৰিক দৃষ্টিভংগীৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে কিয়নো সামাজিক আৰু ডিজিটেল আন্তঃগাঁথনি পৰিবহন আন্তঃগাঁথনিৰ দৰেই গুৰুত্বপূৰ্ণ।

দ্ৰুত সকাহৰ লগতে প্ৰধানমন্ত্ৰীয়ে স্বাভাৱিক অৱস্থাৰ আগতীয়া পুনৰুদ্ধাৰৰ প্ৰসংগতো গুৰুত্ব আৰোপ কৰে। "এটা দুৰ্যোগ আৰু আন এটা দুৰ্যোগৰ মাজৰ সময়ছোৱাত সহণশীলতা গঢ়ি তোলা হয়। তেওঁ লগতে কয়, অতীতৰ দুৰ্যোগৰ বিষয়ে অধ্যয়ন কৰা আৰু সেইবোৰৰ পৰা শিক্ষা লোৱাটোৱেই হৈছে উপায়।"

শ্ৰী মোদীয়ে দুৰ্যোগৰ সন্মুখত থিয় দি থাকিব পৰা আন্তঃগাঁথনি নিৰ্মাণৰ ক্ষেত্ৰত স্থানীয় জ্ঞান, বুদ্ধিমত্তা ব্যৱহাৰত গুৰুত্ব আৰোপ কৰে। ‘স্থানীয় অন্তৰ্দৃষ্টিৰ সৈতে আধুনিক প্ৰযুক্তিৰ সমন্বয় সাধন সহণশীলতাৰ বাবে উৎকৃষ্ট হ'ব পাৰে’ বুলি অভিমত ব্যক্ত কৰে। তদুপৰি, স্থানীয় জ্ঞানসমূহ যদি ভালদৰে নথিভুক্ত কৰা হয়, তেন্তে ই পৃথিৱীৰ বাবে সৰ্বশ্ৰেষ্ঠ অনুশীলন হৈ উঠিব পাৰে বুলিও মন্তব্য কৰে প্ৰধানমন্ত্ৰীয়ে।

প্ৰধানমন্ত্ৰীয়ে ‘চিডিআৰআই’ৰ কিছুমান পদক্ষেপৰ সামগ্ৰিক অভিপ্ৰায়ৰ সম্পৰ্কেও উল্লেখ কৰে। বহুতো দ্বীপ ৰাষ্ট্ৰক লাভান্বিত কৰা দ্বীপ ৰাষ্ট্ৰসমূহৰ সহণশীল উদ্যোগ বা ‘আইআৰআইএছ’ৰ বিষয়েও উল্লেখ কৰে শ্ৰী মেদীয়ে। তেওঁ যোৱা বছৰ ঘোষণা কৰা ‘আন্তঃগাঁথনি সহণশীলতা ত্বৰক পুঁজি’ সন্দৰ্ভতো মন্তব্য কৰে। প্ৰসংগক্ৰমে, প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰি কয় যে এই ৫০ মিলিয়ন ডলাৰৰ পুঁজিয়ে উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ মাজত যথেষ্ট আগ্ৰহ সৃষ্টি কৰিছে। "বিত্তীয় সম্পদৰ প্ৰতিশ্ৰুতি পদক্ষেপসমূহৰ সফলতাৰ মূল চাবিকাঠি,"।

‘জি-২০’ত ভাৰতৰ সভাপতিত্বৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে ‘চিডিআৰআই’ক বহুতো কৰ্ম গোটত অন্তৰ্ভুক্ত কৰাৰ বিষয়ে অৱগত কৰে। 'আপোনালোকে ইয়াত অন্বেষণ কৰা সমাধানসমূহে বিশ্বজোৰা নীতি নিৰ্ধাৰণৰ সৰ্বোচ্চ স্তৰত মনোযোগ আকৰ্ষণ কৰিব,' তেওঁ কয়।

তুৰস্ক আৰু চিৰিয়াত হোৱা ভূমিকম্পৰ দৰে শেহতীয়া দুৰ্যোগৰ পৰিমাণ আৰু তীব্ৰতাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে ‘চিডিআৰআই’ৰ কাম আৰু ইয়াৰ গুৰুত্বৰ উল্লেখৰে তেওঁৰ ভাষণৰ সামৰণি মাৰে।

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Khichdi To Moringa Paratha: 7 Traditional Foods PM Modi Loves

Media Coverage

Khichdi To Moringa Paratha: 7 Traditional Foods PM Modi Loves
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 26 আগষ্ট 2026
August 26, 2026

Accountability Meets Ambition: Record Low NPAs, Record Defence Output, Record Digital Adoption Under the Leadership of PM Modi