"ৰাষ্ট্ৰীয় কল্যাণ আৰু জনকল্যাণ আছিল শিৱাজী মহাৰাজৰ শাসনৰ মৌলিক উপাদান "
"শিৱাজী মহাৰাজে সদায় ভাৰতৰ ঐক্য আৰু অখণ্ডতা বজাই ৰখাত সৰ্বাধিক গুৰুত্ব দিছিল"
"এক ভাৰত, শ্ৰেষ্ঠ ভাৰতৰ দৰ্শনত ছত্ৰপতি শিৱাজী মহাৰাজৰ চিন্তাধাৰাৰ প্ৰতিফলন দেখা যায়"
"শিৱাজী মহাৰাজে দাসত্বৰ মানসিকতা সমাপ্ত কৰি ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে মানুহক অনুপ্ৰাণিত কৰিছিল"
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' বাৰ্তাৰ জৰিয়তে ছত্ৰপতি শিৱাজী মহাৰাজৰ ‘ৰাজ্যাভিষেক দিৱস’ৰ ৩৫০ সংখ্যক বৰ্ষপূৰ্তি অনুষ্ঠানত ভাষণ দিয়ে।
তেওঁ উল্লেখ কৰে যে স্বৰাজ্যৰ প্ৰথম ৰাজধানীৰ ৰায়গড় দুৰ্গৰ প্ৰাংগণত এক বিশাল অনুষ্ঠানৰ আয়োজন কৰা হৈছে আৰু সমগ্ৰ মহাৰাষ্ট্ৰতে এই দিৱসক উলহ-মালহেৰে উৎসৱ হিচাপে উদযাপন কৰা হৈছে।
প্ৰধানমন্ত্ৰীয়ে মহাৰাষ্ট্ৰত গোটেই বছৰজুৰি এনে ধৰণৰ অনুষ্ঠান অনুষ্ঠিত হ'ব বুলি জানিবলৈ দিয়ে আৰু লগতে এনে অনুষ্টানৰ পৰিকল্পনা আৰু কাৰ্যকৰীকৰণৰ বাবে মহাৰাষ্ট্ৰ চৰকাৰক অভিনন্দন জনায়
তেওঁ উল্লেখ কৰে যে শ শ বছৰৰ দাসত্বৰ বাবে নাগৰিকসকলৰ আত্মবিশ্বাস সৰ্বনিম্ন পৰ্যায়ত আছিল য'ত আক্ৰমণকাৰীৰ আক্ৰমণ আৰু শোষণৰ লগতে দৰিদ্ৰতাই সমাজখন দুৰ্বল কৰি তুলিছিল

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' বাৰ্তাৰ জৰিয়তে ছত্ৰপতি শিৱাজী মহাৰাজৰ ‘ৰাজ্যাভিষেক দিৱস’ৰ ৩৫০ সংখ্যক বৰ্ষপূৰ্তি অনুষ্ঠানত ভাষণ দিয়ে।

সমবেত সকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে ‘আজাদী কা অমৃত মহোৎসৱ’ত ছত্ৰপতি শিৱাজী মহাৰাজৰ ৰাজ্যাভিষেক দিৱসে সকলোৰে বাবে নতুন চেতনা আৰু নতুন শক্তি কঢ়িয়াই আনিছে। তেওঁ কয় যে ছত্ৰপতি শিৱাজী মহাৰাজৰ ৰাজ্যাভিষেক তিনিশ পঞ্চাশ বছৰ আগৰ ঐতিহাসিক সময়ৰ এক বিশেষ অধ্যায় আৰু সেই স্ব-শাসন, সুশাসন আৰু সমৃদ্ধিৰ মহান কাহিনীয়ে আজিও সকলোকে অনুপ্ৰাণিত কৰে। "ৰাষ্ট্ৰীয় কল্যাণ আৰু জনকল্যাণ শিৱাজী মহাৰাজৰ শাসনৰ মৌলিক উপাদান হৈ আহিছিল," প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ উল্লেখ কৰে যে স্বৰাজ্যৰ প্ৰথম ৰাজধানীৰ ৰায়গড় দুৰ্গৰ প্ৰাংগণত এক বিশাল অনুষ্ঠানৰ আয়োজন কৰা হৈছে আৰু সমগ্ৰ মহাৰাষ্ট্ৰতে এই দিৱসক উলহ-মালহেৰে উৎসৱ হিচাপে উদযাপন কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে মহাৰাষ্ট্ৰত গোটেই বছৰজুৰি এনে ধৰণৰ অনুষ্ঠান অনুষ্ঠিত হ'ব বুলি জানিবলৈ দিয়ে আৰু লগতে এনে অনুষ্টানৰ পৰিকল্পনা আৰু কাৰ্যকৰীকৰণৰ বাবে মহাৰাষ্ট্ৰ চৰকাৰক অভিনন্দন জনায়।

প্ৰধানমন্ত্ৰীয়ে কয় যে যেতিয়া ছত্ৰপতি শিৱাজী মহাৰাজৰ ৰাজ্যাভিষেক তিনিশ পঞ্চাশ বছৰ পূৰ্বে অনুষ্ঠিত হৈছিল, তেতিয়া ইয়াত স্বৰাজ্য আৰু জাতীয়তাবাদৰ আকাংক্ষা অন্তৰ্ভুক্ত কৰা হৈছিল। তেওঁ কয় যে শিৱাজী মহাৰাজে সদায় ভাৰতৰ ঐক্য আৰু অখণ্ডতা বজাই ৰখাত সৰ্বাধিক গুৰুত্ব দিছিল। আজি প্ৰধানমন্ত্ৰীয়ে কয়, এক ভাৰত, শ্ৰেষ্ঠ ভাৰতৰ দৃষ্টিভংগত ছত্ৰপতি শিৱাজী মহাৰাজৰ চিন্তাধাৰাৰ প্ৰতিফলন দেখা যায়।

নাগৰিকসকলক অনুপ্ৰাণিত আৰু আত্মবিশ্বাসী কৰি ৰখাৰ নেতৃত্বসুলভতাৰ দায়িত্ব ৰক্ষা কৰি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে ছত্ৰপতি শিৱাজী মহাৰাজৰ সময়ত দেশৰ আত্মবিশ্বাসৰ স্তৰ যিকোনো ব্যক্তিয়েই কল্পনা কৰিব পাৰে। তেওঁ উল্লেখ কৰে যে শ শ বছৰৰ দাসত্বৰ বাবে নাগৰিকসকলৰ আত্মবিশ্বাস সৰ্বনিম্ন পৰ্যায়ত আছিল য'ত আক্ৰমণকাৰীৰ আক্ৰমণ আৰু শোষণৰ লগতে দৰিদ্ৰতাই সমাজখন দুৰ্বল কৰি তুলিছিল। "আমাৰ সাংস্কৃতিক কেন্দ্ৰসমূহত আক্ৰমণ কৰি জনসাধাৰণৰ মনোবল ভাঙিবলৈ চেষ্টা কৰা হৈছিল," প্ৰধানমন্ত্ৰীয়ে কয় যে ছত্ৰপতি শিৱাজী মহাৰাজে কেৱল আক্ৰমণকাৰীৰ সৈতে যুঁজ দিয়াই নহয়, বৰঞ্চ স্ব-শাসনো যে সম্ভৱ, জনসাধাৰণৰ মাজত সেই বিশ্বাস জাগ্ৰত কৰে যে কৰিছিল। "শিৱাজী মহাৰাজে দাসত্বৰ মানসিকতা সমাপ্ত কৰি ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে মানুহক অনুপ্ৰাণিত কৰিছিল," শ্ৰী মোদীয়ে কয়।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ইতিহাসত এনে বহুতো শাসক আছে যিসকল হয়তো সামৰিক বাহিনীত তেওঁলোকৰ আধিপত্যৰ বাবে জনাজাত, কিন্তু তেওঁলোকৰ প্ৰশাসনিক সামৰ্থ্য দুৰ্বল আছিল আৰু একেদৰে বহুতো শাসক যি তেওঁলোকৰ উৎকৃষ্ট শাসনৰ বাবে জনাজাত আছিল, কিন্তু তেওঁলোকৰ সামৰিক নেতৃত্ব দুৰ্বল আছিল। অৱশ্যে, প্ৰধানমন্ত্ৰীয়ে কয়, ছত্ৰপতি শিৱাজী মহাৰাজৰ ব্যক্তিত্ব অতি সুন্দৰ আছিল কিয়নো তেওঁ 'স্বৰাজ'ৰ লগতে 'সূৰজ' প্ৰতিষ্ঠা কৰিছিল। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে শিৱাজী মহাৰাজে অতি কম বয়সতে দুৰ্গ জয় কৰি আৰু শত্ৰুসকলক পৰাস্ত কৰি তেওঁৰ সামৰিক নেতৃত্বৰ নিদৰ্শন দাঙি ধৰিছিল, আনহাতে ৰজা হিচাপে তেওঁ ৰাজহুৱা প্ৰশাসনত সংস্কাৰ কাৰ্যকৰী কৰি সুশাসনৰ পথো দেখুৱাইছিল। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে এফালে তেওঁ নিজৰ ৰাজ্য আৰু সংস্কৃতিক আক্ৰমণকাৰীৰ পৰা সুৰক্ষিত কৰে আৰু আনহাতে তেওঁ ৰাষ্ট্ৰ নিৰ্মাণৰ এক ব্যাপক দৃষ্টিভংগী আগবঢ়ায়। "ছত্ৰপতি শিৱাজী মহাৰাজ তেওঁৰ দৃষ্টিভংগীৰ বাবে ইতিহাসৰ আন নায়কসকলৰ পৰা সম্পূৰ্ণ পৃথক," প্ৰধানমন্ত্ৰীয়ে তেওঁৰ শাসনৰ জনকল্যাণমূলক চৰিত্ৰৰ ওপৰত আলোকপাত কৰি কয় যে এই গৰাকী শাসকে জনতাক আত্মসন্মানৰ সৈতে জীয়াই থকাৰ নিশ্চিতি  প্ৰদান কৰিছিল। প্ৰধানমন্ত্ৰীয়ে লগতে কয়, ছত্ৰপতি শিৱাজী মহাৰাজে স্বৰাজ, ধৰ্ম, সংস্কৃতি আৰু ঐতিহ্যক আঘাত কৰাৰ অপচেষ্টা কৰা সকললৈ এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰে, যিয়ে জনসাধাৰণৰ মাজত আত্মবিশ্বাস বৃদ্ধি কৰাৰ লগতে আত্মনিৰ্ভৰশীলতাৰ ভাৱনাকো উজ্জীৱিত কৰিছিল। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে ইয়াৰ ফলত ৰাষ্ট্ৰৰ প্ৰতি সন্মান বৃদ্ধি হৈছে। কৃষক কল্যাণেই হওক বা মহিলা সৱলীকৰণেই হওঁক, বা সাধাৰণ মানুহৰ বাবে শাসন ব্যৱস্থা সুলভ কৰি তোলাই হওঁক, প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে তেওঁৰ শাসন ব্যৱস্থা আৰু তেওঁৰ নীতিসমূহ আজিও সমানেই প্ৰাসংগিক।

প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে ছত্ৰপতি শিৱাজী মহাৰাজৰ ব্যক্তিত্বৰ বিভিন্ন দিশে আজিও আমাক কোনো নাকিবা নহয় কিবা প্ৰকাৰে প্ৰভাৱিত কৰি আহিছে। তেওঁ কয় যে ভাৰতৰ সামুদ্ৰিক সম্ভাৱনা, নৌসেনাৰ সম্প্ৰসাৰণ আৰু তেওঁৰ ব্যৱস্থাপনা দক্ষতাক স্বীকৃতি দিয়াটো আজিও সকলোৰে বাবে অনুপ্ৰেৰণা। প্ৰধানমন্ত্ৰীয়ে শক্তিশালী ঢৌ আৰু জোৱাৰৰ প্ৰভাৱ বহন কৰাৰ পিছতো এতিয়াও সাগৰৰ মাজত গৌৰৱেৰে থিয় হৈ থকা দুৰ্গসমূহৰ কথাও উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে ৰাজ্যৰ সম্প্ৰসাৰণৰ কথাও উল্লেখ কৰে আৰু উল্লেখ কৰে যে তেওঁ সাগৰৰ পাৰৰ পৰা পৰ্বতলৈ দুৰ্গ নিৰ্মাণ কৰিছিল। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে সেই সময়ছোৱাত জল-ব্যৱস্থাপনা সম্পৰ্কীয় তেওঁৰ ব্যৱস্থাই বিশেষজ্ঞসকলকো আশ্চৰ্যচকিত কৰি তোলে। শিৱাজী মহাৰাজৰ পৰা আহৰণ কৰা অনুপ্ৰেৰণাৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ভাৰতে যোৱা বছৰ নৌসেনাক দাসত্বৰ চিহ্নৰ পৰা মুক্ত কৰিছিল কিয়নো ব্ৰিটিছ শাসনৰ পৰিচয় থকা পতাকাৰ সলনি ভাৰতীয় নৌসেনাবাহিনীয়ে শিৱাজী মহাৰাজৰ প্ৰতীক গ্ৰহণ  কৰিছে। "এতিয়া, এই পতাকাই সাগৰ আৰু আকাশত নতুন ভাৰতৰ গৌৰৱৰ প্ৰতীক হৈ লহৰ তুলিছে," শ্ৰী মোদীয়ে লগতে কয়।

"ছত্ৰপতি শিৱাজী মহাৰাজৰ সাহসিকতা, আদৰ্শ আৰু ন্যায়ে বহু প্ৰজন্মক অনুপ্ৰাণিত কৰিছে। তেওঁৰ সাহসী কাৰ্যশৈলী, কৌশলগত দক্ষতা আৰু শান্তিপূৰ্ণ ৰাজনৈতিক ব্যৱস্থা আজিও আমাৰ বাবে অনুপ্ৰেৰণা," প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে। ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে গৌৰৱ প্ৰকাশ কৰে যে ছত্ৰপতি শিৱাজী মহাৰাজৰ নীতিৰ বিষয়ে বিশ্বৰ বহুতো দেশত আলোচনা কৰা হয়, এই বিষয়ে গৱেষণা কৰা হয়। শ্ৰী মোদীয়ে লগতে উল্লেখ কৰে যে ছত্ৰপতি শিৱাজী মহাৰাজৰ প্ৰতিমূৰ্তি এমাহ পূৰ্বে মৰিচাছত স্থাপন কৰা হৈছিল।  "আজাদী কা অমৃত কালত ছত্ৰপতি শিৱাজী মহাৰাজৰ ৰাজ্যাভিষেকৰ ৩৫০ বছৰ সম্পূৰ্ণ হোৱাটো এক অনুপ্ৰেৰণাদায়ক অনুষ্ঠান। ইমান বছৰৰ পাছতো তেওঁ প্ৰতিষ্ঠা কৰা মূল্যবোধে আমাক আগুৱাই যোৱাৰ পথ দেখুৱাইছে," প্ৰধানমন্ত্ৰীয়ে এই মূল্যবোধৰ আধাৰত অমৃত কালৰ ২৫ বছৰীয়া যাত্ৰা সম্পূৰ্ণ কৰিব লাগিব বুলি গুৰুত্ব আৰোপ কৰি কয়। "এই যাত্ৰা হ'ব ছত্ৰপতি শিৱাজী মহাৰাজৰ সপোনৰ ভাৰত গঢ়ি তোলাৰ বাবে স্বৰাজ, সুশাসন আৰু আত্মনিৰ্ভৰশীলতাৰ যাত্ৰা। এয়া হ'ব উন্নত ভাৰতৰ যাত্ৰা," প্ৰধানমন্ত্ৰীয়ে সামৰণি মাৰে।

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s pharma exports cross $28 bn till February, likely to end up with growth in rupee terms in FY26

Media Coverage

India’s pharma exports cross $28 bn till February, likely to end up with growth in rupee terms in FY26
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 5 এপ্ৰিল 2026
April 05, 2026

From Aatmanirbhar to Viksit Bharat: PM Modi’s Leadership Powers India’s Multi-Sector Triumph