আজি (৩১ আগষ্ট) টিয়ানজিনত অনুষ্ঠিত চাংহাই সহযোগিতা সংস্থাৰ (SCO) নেতাসকলৰ সন্মিলনৰ আঁৰত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙৰ সৈতে মিলিত হয়।

ইয়াত দুয়োগৰাকী নেতাই ২০২৪-ৰ অক্টোবৰত কাজানত অনুষ্ঠিত অন্তিম বৈঠকৰ পিছত দ্বিপাক্ষিক সম্পৰ্কৰ ইতিবাচক গতি আৰু অবিৰত অগ্ৰগতিক আদৰণি জনায়। তেওঁলোকে পুনৰ দৃঢ়তাৰে কয় যে দুয়োখন দেশ উন্নয়নৰ অংশীদাৰ আৰু প্ৰতিদ্বন্দ্বী নহয়। তেওঁলোকৰ মতানৈক্য বিবাদলৈ পৰিণত হ’ব নালাগে। পাৰস্পৰিক সন্মান, পাৰস্পৰিক স্বাৰ্থ আৰু পাৰস্পৰিক সংবেদনশীলতাৰ ভিত্তিত ভাৰত আৰু চীন তথা ইয়াৰ ২.৮ বিলিয়ন লোকৰ মাজৰ সুস্থিৰ সম্পৰ্ক আৰু সহযোগিতা দুয়োখন দেশৰ বিকাশ আৰু উন্নয়নৰ লগতে একবিংশ শতিকাৰ প্ৰৱণতা অনুসৰি বহু-মেৰু বিশ্ব আৰু বহুমেৰু এছিয়াৰ বাবে প্ৰয়োজনীয়।

প্ৰধানমন্ত্ৰীয়ে দ্বিপাক্ষিক সম্পৰ্কৰ অবিৰত বিকাশৰ বাবে সীমান্ত অঞ্চলসমূহত শান্তি আৰু সুস্থিৰতাৰ গুৰুত্বত আলোকপাত কৰে। দুয়োগৰাকী নেতাই যোৱা বৰ্ষৰ পিছৰে পৰা সীমান্ত অঞ্চলত শান্তি আৰু সুস্থিৰতা অক্ষুণ্ণ থকাত সন্তুষ্টি প্ৰকাশ কৰে। তেওঁলোকে সামগ্ৰিক দ্বিপাক্ষিক সম্পৰ্ক আৰু উভয় লোকৰ দীৰ্ঘম্যাদী স্বাৰ্থৰ ৰাজনৈতিক দৃষ্টিকোণৰ পৰা আগবাঢ়ি সীমা প্ৰশ্নটোৰ ন্যায্য, যুক্তিসংগত আৰু পাৰস্পৰিকভাৱে গ্ৰহণযোগ্য সমাধানৰ অংগীকাৰৰ কথা প্ৰকাশ কৰে। চলিত মাহৰ আৰম্ভণিতে দুয়োগৰাকী বিশেষ প্ৰতিনিধিয়ে তেওঁলোকৰ আলোচনাত গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহক স্বীকৃতি জনাই আৰু তেওঁলোকৰ প্ৰচেষ্টাক অধিক সমৰ্থন কৰিবলৈ সন্মত হয়।

দুয়োগৰাকী নেতাই কৈলাশ মানস সৰোবৰ যাত্ৰা আৰু পৰ্যটন ভিছা পুনৰ আৰম্ভৰ পৰিপ্ৰেক্ষিতত প্ৰত্যক্ষ বিমান সেৱা আৰু ভিছা সুবিধাৰ জৰিয়তে জনসাধাৰণৰ মাজৰ সম্পৰ্কক সুদৃঢ়কৰণৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰে। অৰ্থনৈতিক আৰু বাণিজ্যিক সম্পৰ্কৰ ক্ষেত্ৰত তেওঁলোকে বিশ্ব বাণিজ্যৰ সুস্থিৰতাৰ বাবে উভয় অৰ্থনীতিৰ ভূমিকাক স্বীকাৰ কৰে। তেওঁলোকে দ্বিপাক্ষিক বাণিজ্য আৰু বিনিয়োগৰ সম্পৰ্কক সম্প্ৰসাৰণ আৰু বাণিজ্যিক ঘাটি হ্ৰাসৰ বাবে ৰাজনৈতিক আৰু কৌশলগত দিশৰ পৰা আগবাঢ়ি যোৱাৰ প্ৰয়োজনীয়তাত আলোকপাত কৰে।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ভাৰত আৰু চীন উভয়েই কৌশলগত স্বায়ত্তশাসন অনুসৰণ কৰে আৰু তেওঁলোকৰ সম্পৰ্কক তৃতীয় দেশৰ দৃষ্টিৰে চাব নালাগে। দুয়োগৰাকী নেতাই বহুপক্ষীয় মঞ্চত সন্ত্ৰাসবাদ আৰু ন্যায্য বাণিজ্যৰ দৰে দ্বিপাক্ষিক, আঞ্চলিক আৰু বৈশ্বিক বিষয় আৰু প্ৰত্যাহ্বানৰাজিৰ ক্ষেত্ৰত উমৈহতীয়া ভিত্তি সম্প্ৰসাৰণ কৰাটো প্ৰয়োজনীয় বুলি বিবেচনা কৰে।

প্ৰধানমন্ত্ৰীয়ে চীনৰ এছচিঅ’-ত অধ্যক্ষতা আৰু টিয়ানজিনত অনুষ্ঠিত সন্মিলনৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰে। ২০২৬-ত ভাৰতে আয়োজন কৰিবলগীয়া ব্ৰিকছ সন্মিলনলৈয়ো তেখেতে ৰাষ্ট্ৰপতি ছিক আমন্ত্ৰণ জনায়। ৰাষ্ট্ৰপতি ছিয়ে এই আমন্ত্ৰণৰ বাবে প্ৰধানমন্ত্ৰীক ধন্যবাদ জনায় আৰু ভাৰতৰ ব্ৰিকছ-ত অধ্যক্ষতালৈ চীনৰ সমৰ্থন আগবঢ়ায়।

প্ৰধানমন্ত্ৰী চীনৰ কমিউনিষ্ট পাৰ্টিৰ পলিটব্যুৰ’ৰ স্থায়ী কমিটিৰ সদস্য কাই কিৰ সৈতেও বৈঠকত মিলিত হয়। প্ৰধানমন্ত্ৰীয়ে দ্বিপাক্ষিক সম্পৰ্কৰ বাবে তেখেতৰ দৃষ্টিভংগী সম্পৰ্কে কাইক অৱগত কৰে আৰু দুয়োগৰাকী নেতাৰ দৃষ্টিভংগীক বাস্তৱায়িত কৰিবলৈ তেওঁৰ সমৰ্থন বিচাৰে। কাইয়ে দুয়োগৰাকী নেতাৰ মাজত হোৱা ঐকমত্যৰ সৈতে সংগতি ৰাখি দ্বিপাক্ষিক আদান-প্ৰদানক সম্প্ৰসাৰণ আৰু সম্পৰ্কৰ অগ্ৰগতি সাধনৰ চীন পক্ষৰ ইচ্ছাৰ কথা দোহাৰে।

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Jumbo Indian contingent comprising 768 athletes, support staff and officials for Asian Games

Media Coverage

Jumbo Indian contingent comprising 768 athletes, support staff and officials for Asian Games
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 4 ছেপ্টেম্বৰ 2026
September 04, 2026

Make in India, Power India, Play for India: Multi-Sector Momentum Under PM Modi’s Leadership