২৫ ছেপ্টেম্বৰ ২০১৯ তাৰিখে নিউয়ৰ্কত অনুষ্ঠিত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ বৈঠকৰ পাৰ্শ্বৱৰ্তী সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে কেৰিকম দেশৰ ১৪ গৰাকী নেতাৰ সৈতে হোৱা সাক্ষাতত কেৰিবিয়ান দেশসমূহৰ সৈতে ভাৰতৰ ঐতিহাসিক আৰু উষ্ম সম্বন্ধৰ প্ৰতিচ্ছবি প্ৰতিফলন হোৱা দেখা গ’ল৷ এই অনুষ্ঠানত সভাপতিত্ব কৰে ছেইণ্ট লুচিয়াৰ প্ৰধানমন্ত্ৰী তথা কেৰিকমৰ অধ্যক্ষ এলেন চেষ্টনেটে৷ অনুষ্ঠানটোত উপস্থিত আছিল এণ্টিগুৱা আৰু বাৰ্বুডা, বাৰ্বাড’ছ, ডমিনিকা, জামাইকা, ছেইণ্ট কিটিছ আৰু নেভিচ, ছেইণ্ট লুচিয়া, ছেইণ্ট ভিনছেণ্ট আৰু গ্ৰেনাডিনছ, ত্ৰিনিডাড আৰু ট’বাগ’ চৰকাৰৰ মুৰব্বীসকল, ছুৰিনামৰ উপ-ৰাষ্ট্ৰপতি, আৰু বাহামা, বেলিজ, গ্ৰেনাডা, হাইটি আৰু গিয়েনাৰ বৈদেশিক মন্ত্ৰীসকল৷

এয়া আছিল কেৰিকম নেতাসকলৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ প্ৰথমখন বৈঠক আৰু ইয়াত ভাৰতৰ সৈতে কেৰিবিয়ান দেশসমূহৰ কেৱল দ্বিপাক্ষিক সম্পৰ্কই নহয় বৰঞ্চ আঞ্চলিক ভিত্তিতো সম্পৰ্ক বৃদ্ধি কৰাৰ বাবে প্ৰস্তাৱ উত্থাপন কৰা হয়৷ প্ৰধানমন্ত্ৰী মোদীয়ে কেৰিকমৰ সৈতে ভাৰতৰ ৰাজনৈতিক, অৰ্থনৈতিক আৰু সাংস্কৃতিক সম্পৰ্ক শক্তিশালী কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে৷ তেওঁ কেৰিবিয়ান দেশসমূহত লক্ষাধিক ভাৰতীয় প্ৰবাসীৰ উপস্থিতিৰ বিষয়ে উল্লেখ কৰি কেৰিবিয়ানৰ সৈতে থকা বন্ধুত্বৰ বিষয়ে জানিবলৈ দিয়ে৷

বৈঠকখনত ৰাজনৈতিক আৰু আনুষ্ঠানিক ভাৱ-বিনিময়, অৰ্থনৈতিক সহযোগিতা বৃদ্ধি, বাণিজ্য আৰু বিনিয়োগ বৃদ্ধি আৰু জনসাধাৰণৰ মাজত সম্পৰ্ক বৃদ্ধি আদি বিষয়সমূহৰ বিষয়ে আলোচনা কৰা হয়৷ প্ৰধানমন্ত্ৰী মোদীয়ে সামৰ্থ নিৰ্মাণ, সহযোগিতাৰ বিকাশ আৰু দুৰ্যোগ ব্যৱস্থাপনাত সহযোগিতা তথা স্থিতিস্থাপকতাৰ বিষয়ত কেৰিকম দেশসমূহৰ সৈতে সহযোগিতা স্থাপনত গুৰুত্ব প্ৰদান কৰে৷ তেওঁ কেৰিকমৰ দেশসমূহক আন্তৰ্জাতিক সৌৰ সহযোগিতা আৰু দুৰ্যোগ স্থিতিস্থাপক আন্তঃগাঁথনিত সহযোগিতাত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়৷ কেৰিবিয়ান অঞ্চলত হাৰিকেন ড’ৰিয়ানে চলোৱা ধ্বংসলীলা আৰু বাহামাৰ দ্বীপপুঞ্জৰ উষ্ণতাৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ প্ৰতি প্ৰধানমন্ত্ৰীয়ে নিজৰ সংবেদনশীলতা প্ৰকাশ কৰে য’ত ভাৰতে ১ মিলিয়ন আমেৰিকান ডলাৰৰ আৰ্থিক সাহায্য আগবঢ়াইছে৷

প্ৰধানমন্ত্ৰী মোদীয়ে কেৰিকমৰ সামাজিক বিকাশৰ বাবে ১৪ মিলিয়ন আমেৰিকান ডলাৰ আৰু সৌৰ, পুনৰ নৱীকৰণ শক্তি তথা জলবায়ু পৰিৱৰ্তন সম্পৰ্কীয় প্ৰকল্পৰ বাবে আন ১৫০ মিলিয়ন ডলাৰ ঋণ প্ৰদান কৰাৰ কথা ঘোষণা কৰে৷ তাৰোপৰি তেওঁ এই দেশসমূহত বিদ্যমান ভাৰতৰ দ্বাৰা বিত্তপোষিত কেন্দ্ৰসমূহৰ উত্তৰণৰ অধীনত জৰ্জ টাউন, গিয়েনাত তথ্য প্ৰযুক্তিৰ উৎকৃষ্টতাৰ বাবে আঞ্চলিক কেন্দ্ৰ স্থাপন তথা বেলিজত আঞ্চলিক কাৰিকৰী কেন্দ্ৰ স্থাপনৰ কথা ঘোষণা কৰে৷ কেৰিকম দেশসমূহত বিশেষ সামৰ্থ নিৰ্মাণ অধ্যয়ন, প্ৰশিক্ষণ আৰু প্ৰয়োজন বিশেষে ভাৰতীয় বিশেষজ্ঞৰ নিযুক্তিৰ সমৰ্থনৰ কথাও ভাৰতীয় পক্ষই প্ৰকাশ কৰে৷ তেওঁ ভৱিষ্যতে কেৰিকমৰ সংসদীয় প্ৰতিনিধিৰ দলক ভাৰত ভ্ৰমণলৈ নিমন্ত্ৰণ জনায়৷
কেৰিকম নেতাসকলে প্ৰধানমন্ত্ৰী মোদীয়ে দুয়োপক্ষ সহযোগিতা বৃদ্ধিৰ বাবে গ্ৰহণ কৰা পদক্ষেপক স্বাগতম জনায় আৰু তেওঁলোকৰ চৰকাৰৰ পৰা পূৰ্ণ সমৰ্থন আগবঢ়োৱাৰ নিশ্চিতি প্ৰদান কৰে৷

দুয়োপক্ষৰ সহযোগিতাৰ সাম্ভাৱ্য ক্ষেত্ৰসমূহ সন্ধান আৰু চিনাক্ত কৰি বিকাশৰ দিশত অগ্ৰসৰ হোৱাৰ বাবে এক যৌথ কৰ্মদল স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Rs 6,000 Crore Earned, 12.33 Crore Sq Ft Freed: Inside Government's Big Clean-Up

Media Coverage

Rs 6,000 Crore Earned, 12.33 Crore Sq Ft Freed: Inside Government's Big Clean-Up
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 24 আগষ্ট 2026
August 24, 2026

Beyond Announcements: Real Milestones Proving India’s Rise Across Defence, Tech & Economy Under the Leadership of PM Modi