প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মাস্কাত মহামহিম চুলতান হাইথাম বিন তাৰিকৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয়। ৰয়েল পেলেচত উপস্থিত হোৱাৰ লগে লগে প্ৰধানমন্ত্ৰীক মহামহিম তাৰিকে উষ্ম আদৰণি জনায় ।

দুয়োগৰাকী নেতাই এজন এজনকৈ আৰু প্ৰতিনিধি পৰ্যায়ৰ  বৈঠকত মিলিত হয়। বৈঠকত তেওঁলোকে বহুমুখী ভাৰত–ওমান কৌশলগত অংশীদাৰিত্বৰ ব্যাপক পৰ্যালোচনা কৰে আৰু দ্বিপাক্ষিক সম্পৰ্কৰ অবিৰত বৃদ্ধিৰ শলাগ লয়।

তেওঁলোকে উল্লেখ কৰে যে ভাৰত-ওমান সম্পৰ্কৰ বাবে এই ভ্ৰমণৰ বিশেষ তাৎপৰ্য আছে কাৰণ এইবাৰ দুয়োখন দেশে কূটনৈতিক সম্পৰ্ক স্থাপনৰ ৭০ বছৰ সম্পূৰ্ণ কৰিছে।

তেওঁলোকে দ্বিপাক্ষিক সম্পৰ্কৰ এক উল্লেখযোগ্য উন্নয়ন হিচাপে বিস্তৃত অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তি [চিইপিএ] স্বাক্ষৰ কৰাৰ বিষয়ক  আদৰণি জনায় আৰু ই কৌশলগত অংশীদাৰিত্বক এক বৃহৎ গতি প্ৰদান কৰিব বুলি কয়।

দ্বিপাক্ষিক বাণিজ্যই ১০ বিলিয়ন মাৰ্কিন ডলাৰ অতিক্ৰম কৰা আৰু দুমুখীয়া বিনিয়োগৰ প্ৰবাহ আগবাঢ়ি যোৱাত সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে যে চিইপিএই দ্বিপাক্ষিক বাণিজ্য আৰু বিনিয়োগক যথেষ্ট প্ৰসাৰিত কৰিব, চাকৰিৰ সৃষ্টি কৰিব আৰু দুয়োখন দেশতে অসংখ্য সুযোগৰ দুৱাৰ  মুকলি কৰিব।

দীৰ্ঘম্যাদী শক্তিৰ ব্যৱস্থা, নবীকৰণযোগ্য শক্তিৰ উদ্যোগ আৰু সেউজ হাইড্ৰজেন আৰু সেউজ এমোনিয়া প্ৰকল্পৰ জৰিয়তে শক্তি সহযোগিতাত নতুন জোৰ দিয়াৰ বিষয়েও নেতাসকলে আলোচনা কৰে।

প্ৰধানমন্ত্ৰীয়ে ওমানক আন্তৰ্জাতিক সৌৰ মিত্ৰজোঁটত যোগদান কৰাৰ শলাগ লয় আৰু তেওঁলোকক ক’লিচন ফৰ ডিজাষ্টাৰ ৰেজিলিয়েণ্ট ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু গ্ল’বেল বায়’ফুৱেল এলায়েন্সত যোগদান কৰিবলৈ আমন্ত্ৰণ জনায়।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে কৃষি বিজ্ঞান, পশুপালন, জলজ কৃষি আৰু বাজৰা খেতিৰ ক্ষেত্ৰত সহযোগিতাকে ধৰি কৃষি সহযোগিতাৰ দ্বাৰা দুয়োখন দেশ লাভৱান হ’ব পাৰে।

শিক্ষাৰ ক্ষেত্ৰত সহযোগিতাৰ গুৰুত্ব স্বীকাৰ কৰি দুয়োগৰাকী নেতাই উল্লেখ কৰে যে অধ্যাপক আৰু গৱেষকৰ আদান-প্ৰদান পাৰস্পৰিকভাৱে লাভজনক হ’ব।

দুয়োগৰাকী নেতাই খাদ্য সুৰক্ষা, উৎপাদন, ডিজিটেল প্ৰযুক্তি, জটিল খনিজ, লজিষ্টিক, মানৱ-মূলধন উন্নয়ন আৰু মহাকাশ সহযোগিতাৰ ক্ষেত্ৰত সহযোগিতাৰ বিষয়েও আলোচনা কৰে।

 

বিত্তীয় সেৱাৰ সন্দৰ্ভত তেওঁলোকে ইউপিআই আৰু ওমানৰ ডিজিটেল পেমেণ্ট ব্যৱস্থাৰ মাজত সহযোগিতা, ৰূপে কাৰ্ড গ্ৰহণ আৰু স্থানীয় মুদ্ৰাৰ ব্যৱসায়ৰ বিষয়ে আলোচনা কৰে।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে সাৰ আৰু কৃষি গৱেষণা দুয়োপক্ষৰ বাবে উইন-উইন মূল্যৰ ক্ষেত্ৰ আৰু তেওঁলোকে যৌথ বিনিয়োগকে ধৰি এই ক্ষেত্ৰসমূহত অধিক সহযোগিতাৰ বাবে কাম কৰা উচিত।

সামুদ্ৰিক ক্ষেত্ৰকে ধৰি প্ৰতিৰক্ষা আৰু নিৰাপত্তা সহযোগিতা আৰু অধিক বৃদ্ধিৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ়তাৰে প্ৰকাশ  কৰে দুয়োগৰাকী নেতাই।

প্ৰধানমন্ত্ৰীয়ে ওমানত ভাৰতীয় লোকসকলৰ কল্যাণৰ দিশত আগবঢ়োৱা সহায়ৰ বাবে মহামহিমক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ উল্লেখ কৰে যে সামুদ্ৰিক ঐতিহ্য, ভাষা প্ৰসাৰ, যুৱ বিনিময়, আৰু ক্ৰীড়াৰ সম্পৰ্কৰ ক্ষেত্ৰত কেইবাটাও নতুন দ্বিপাক্ষিক পদক্ষেপে জনসাধাৰণৰ মাজত বন্ধন আৰু অধিক শক্তিশালী কৰিব।

তেওঁলোকে দুয়োখন দেশৰ মাজত ভাগ কৰা চহকী সাংস্কৃতিক ঐতিহ্যৰ বিষয়েও আলোচনা কৰে, আৰু সামুদ্ৰিক সংগ্ৰহালয়সমূহৰ মাজত সহযোগিতা, আৰু শিল্পকৰ্ম আৰু বিশেষজ্ঞতাৰ আদান-প্ৰদানৰ গুৰুত্বৰ বিষয়ত আলোকপাত কৰে।

নেতাসকলে ওমান ভিজন ২০৪০ আৰু ২০৪৭ চনৰ ভিতৰত ভাৰতৰ উন্নত ৰাষ্ট্ৰ বা বিকশিত ভাৰত হোৱাৰ লক্ষ্যৰ মাজত হোৱা মিলক আদৰণি জনায়, আৰু নিজৰ জনগোষ্ঠীৰ আকাংক্ষা পূৰণৰ বাবে ইজনে সিজনক সমৰ্থন আগবঢ়ায়।

নেতাসকলে আঞ্চলিক আৰু বিশ্বৰ উন্নয়নৰ সন্দৰ্ভতো মত বিনিময় কৰি আঞ্চলিক শান্তি আৰু স্থিতিশীলতাৰ প্ৰতি নিজৰ দায়বদ্ধতা পুনৰ দৃঢ় কৰে।

এই ভ্ৰমণ উপলক্ষে দুয়োপক্ষই চিইপিএৰ উপৰি  সামুদ্ৰিক ঐতিহ্য, শিক্ষা, কৃষি, আৰু বাজৰাৰ খেতিৰ ক্ষেত্ৰত বুজাবুজিৰ চুক্তি/ ব্যৱস্থাত স্বাক্ষৰ কৰে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Centre allows 100% FDI in insurance via auto route

Media Coverage

Centre allows 100% FDI in insurance via auto route
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister condoles the loss of lives due to a fire mishap in Delhi’s Shahdara district
May 03, 2026
PM announces ex-gratia from PMNRF

Prime Minister Shri Narendra Modi has expressed deep grief over the loss of lives due to a fire mishap in Delhi’s Shahdara district.

The Prime Minister extended his condolences to those who have lost their loved ones in this tragic mishap and prayed for the speedy recovery of the injured.

Shri Modi announced that an ex-gratia of Rs. 2 lakh from the Prime Minister's National Relief Fund (PMNRF) would be given to the next of kin of each of those who lost their lives, and the injured would be given Rs. 50,000.

The Prime Minister posted on X:

"The loss of lives due to a fire mishap in Delhi’s Shahdara district is extremely distressing. Condolences to those who have lost their loved ones. Praying for the speedy recovery of the injured.
An ex-gratia of Rs. 2 lakh from PMNRF would be given to the next of kin of each of those who lost their lives. The injured would be given Rs. 50,000: PM"