প্ৰতিনিধি দলটোৱে প্ৰধানমন্ত্ৰীৰ জন্মদিনত আয়োজন কৰা 'অখণ্ড পাঠ'ৰ প্ৰসাদ আৰু গুৰুদ্বাৰা শ্ৰী বালা চাহিবজীৰ আশীৰ্বাদ প্ৰধানমন্ত্ৰীৰ হাতত তুলি দিয়ে
প্ৰতিনিধি দলটোৱে পাগুৰি বান্ধি আৰু শিৰোপাৰে প্ৰধানমন্ত্ৰীক সন্মানিত কৰে
প্ৰতিনিধি দলটোৱে শিখ সম্প্ৰদায়ৰ সন্মান আৰু কল্যাণৰ বাবে গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ পদক্ষেপৰ বাবে প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৭ নং লোক কল্যাণ মাৰ্গস্থিত তেওঁৰ বাসগৃহত এক শিখ প্ৰতিনিধি দলৰ সৈতে সাক্ষাৎকাৰত মিলিত হয়।

দিল্লীৰ গুৰুদ্বাৰা শ্ৰী বালা চাহিবজীয়ে প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে এক 'অখণ্ড পাঠ'ৰ আয়োজন কৰিছিল। ১৫ ছেপ্টেম্বৰত আৰম্ভ হোৱা 'অখণ্ড পাঠ' ১৭ ছেপ্টেম্বৰৰ প্ৰধানমন্ত্ৰীৰ জন্মদিনৰ দিনা সমাপ্ত হয়। শিখ প্ৰতিনিধি দলটোৱে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰে আৰু গুৰুদ্বাৰাৰ প্ৰসাদ আৰু আশীৰ্বাদ তেওঁৰ হাতত তুলি দিয়ে।

বৈঠকত শিখ প্ৰতিনিধি দলটোৱে পাগুৰি বান্ধি আৰু শিৰোপা প্ৰদান কৰি প্ৰধানমন্ত্ৰীক সন্মানিত কৰে। প্ৰধানমন্ত্ৰীৰ দীৰ্ঘজীৱন আৰু সুস্বাস্থ্যৰ বাবে এক ‘আৰ্দাচ’ পৰিৱেশন কৰে দলটোৱে। প্ৰতিনিধি দলটোৱে শিখ সম্প্ৰদায়ৰ সন্মান আৰু কল্যাণৰ বাবে প্ৰধানমন্ত্ৰীয়ে গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ পদক্ষেপৰ বাবে প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে। দলটোৱে প্ৰধানমন্ত্ৰীয়ে গ্ৰহণ কৰা কেইবাটাও প্ৰচেষ্টাৰ কথা উল্লেখ কৰে যিসমূহ হৈছে ২৬ ডিচেম্বৰক "বীৰ বাল দিৱস" হিচাপে ঘোষণা কৰা, কৰতাৰপুৰ চাহিব কৰিডৰ পুনৰ মুকলি কৰা, গুৰুদ্বাৰা পৰিচালিত লংগৰৰ ওপৰত জিএছটি প্ৰত্যাহাৰ কৰা, গুৰু গ্ৰন্থ চাহিবৰ প্ৰতিলিপি আফগানিস্তানৰ পৰা ভাৰতলৈ অনাৰ ব্যৱস্থা নিশ্চিত কৰা।

শিখ প্ৰতিনিধি দলটোত অখিল ভাৰতীয় কেন্দ্ৰীয় গুৰু সিং সভাৰ সভাপতি শ্ৰী তৰবিন্দৰ সিং মাৰৱাহ; শ্ৰী বীৰ সিং, অখিল ভাৰতীয় কেন্দ্ৰীয় গুৰু সিং সভাৰ কাৰ্যকৰী সভাপতি; কেন্দ্ৰীয় গুৰু সিং সভাৰ দিল্লীৰ মুৰব্বী শ্ৰী নবীন সিং ভাণ্ডাৰী; তিলক নগৰৰ গুৰুদ্বাৰা সিং সভাৰ সভাপতি শ্ৰী হৰবংশ সিং; আৰু গুৰুদ্বাৰা সিং সভাৰ প্ৰধান গ্ৰন্থি শ্ৰী ৰাজিন্দৰ সিং।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India a ‘front-runner’ market, plans to deepen AI and manufacturing presence: Ericsson CEO

Media Coverage

India a ‘front-runner’ market, plans to deepen AI and manufacturing presence: Ericsson CEO
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 3 মাৰ্চ 2026
March 03, 2026

Citizens Express Their Appreciation on Heartfelt Leadership, Historic Gains: PM Modi’s India Shines in Conservation, Commerce, and Clean Energy