ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজি দক্ষিণ আফ্ৰিকাৰ জোহান্সবাৰ্গত অনুষ্ঠিত হোৱা জি-২০ শীৰ্ষ সন্মিলনৰ সময়তে   ইটালী গণৰাজ্যৰ প্ৰধানমন্ত্ৰী শ্ৰীমতী জৰ্জিয়া মেল’নিৰ সৈতে বৈঠকত মিলিত হয় । চলিত বৰ্ষৰ জুন মাহৰ আৰম্ভণিতে কানাডাৰ কানানাস্কিছত অনুষ্ঠিত হোৱা জি-৭ শীৰ্ষ সন্মিলনৰ আঁৰত দুয়োগৰাকী নেতাই মত বিনিময়  কৰে।

প্ৰধানমন্ত্ৰী মেল’নীয়ে দিল্লীত সংঘটিত  সন্ত্ৰাসবাদী কাণ্ডক লৈ উদ্বেগ প্ৰকাশ কৰাৰ লগতে  ভাৰতৰ সৈতে সহমৰ্মিতা  প্ৰকাশ কৰে।   তেওঁ সন্ত্ৰাসবাদৰ  দৰে মহামাৰীৰ বিৰুদ্ধে যুঁজিবলৈ  ভাৰতৰ সৈতে একেলগে কাম কৰাৰ দৃঢ় প্ৰতিশ্ৰুতি পুনৰবাৰ উল্লেখ কৰে। এই প্ৰেক্ষাপটত দুয়োগৰাকী নেতাই ‘সন্ত্রাসবাদৰ বিত্তীয় সাহায্য বিৰোধৰ বাবে ভাৰত-ইটালী যৌথ পদক্ষেপ’ গ্ৰহণ কৰে। এই পদক্ষেপৰ লক্ষ্য হৈছে সন্ত্ৰাসবাদ প্ৰতিৰোধৰ ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতা আৰু বিত্তীয় কাৰ্য্য টাস্ক ফ’ৰ্চ( FATF) আৰু গ্ল’বেল কাউণ্টাৰ টেৰৰিজম ফ’ৰাম (GCTF)কে ধৰি বিশ্বব্যাপী আৰু বহুপক্ষীয় মঞ্চত সহযোগিতা বৃদ্ধি  কৰা।

নেতাদ্বয়ে  বাণিজ্য আৰু বিনিয়োগ, প্ৰতিৰক্ষা, নিৰাপত্তা, মহাকাশ, বিজ্ঞান আৰু প্ৰযুক্তি, শিক্ষা, আৰু জনসাধাৰণৰ সম্পৰ্কৰ দৰে খণ্ডসমূহৰ মাজেৰে দ্বিপাক্ষিক কৌশলগত অংশীদাৰিত্বৰ উন্নয়নসমূহ পৰ্যালোচনা  কৰাৰ লগতে এইবোৰৰ ইতিবাচক দিশসমূহো  মূল্যায়ন কৰে। দুয়োগৰাকী নেতাই যুটীয়া কৌশলগত কাৰ্য্য পৰিকল্পনা ২০২৫-২৯ৰ অগ্ৰগতিৰ বিষয়কলৈ সন্তুষ্টি প্ৰকাশ কৰে।

 

এইবাৰ নতুন দিল্লী আৰু ব্ৰেচিয়াত অনুষ্ঠিত হোৱা ব্যৱসায়িক মঞ্চ দুখনক নেতাদ্বয়ে আদৰণি জনায়। দুয়োখন  দেশৰ অৰ্থনীতিৰ প্ৰতিযোগিতামূলক ক্ষমতা বৃদ্ধি  তথা স্থিতিস্থাপক যোগান শৃংখল গঢ়ি তোলাৰ লক্ষ্যৰে ব্যৱসায়, প্ৰযুক্তি, উদ্ভাৱন আৰু বিনিয়োগৰ অংশীদাৰিত্ব বৃদ্ধিৰ বাবে চলি থকা প্ৰচেষ্টাক নেতাদ্বয়ে প্ৰশংসা কৰে। 

 

নেতাদ্বয়ে  শেহতীয়াকৈ ইটালীৰ মহাকাশ বিষয়ৰ প্ৰতিনিধি দলৰ ভাৰত ভ্ৰমণৰ শলাগ লয়, যি কথাই এই ক্ষেত্ৰত চৰকাৰৰ লগতে ব্যক্তিগত খণ্ডৰ পৰ্যায়তো সহযোগিতা বৃদ্ধি কৰিব।

 

প্ৰধানমন্ত্ৰী মেল’নীয়ে পাৰস্পৰিকভাৱে লাভজনক ভাৰত-ইউৰোপীয় ইউনিয়নৰ মুক্ত বাণিজ্য চুক্তি সম্পাদন আৰু ২০২৬ চনত ভাৰতে আয়োজন কৰিবলগীয়া এআই ইমপেক্ট ছামিটৰ সফলতাৰ বাবে ইটালীৰ দৃঢ় সমৰ্থনৰ কথা  পুনৰবাৰ উল্লেখ কৰে।

 

তেওঁলোকে দুয়োখন দেশৰ মাজত নিয়মীয়াকৈ বিভিন্ন বিষয়কলৈ  উচ্চ পৰ্যায়ৰ আদান-প্ৰদানৰ বিষয়ত গুৰুত্ব আৰোপ কৰে।  দুয়োগৰাকী নেতাই ভৱিষ্যেতে আলোচনা অব্যাহত ৰাখিবলৈ আৰু বহুপাক্ষিক  বিষয়ত সহযোগিতাৰে  বিশ্ব মঞ্চত একেলগে কাম কৰি গণতন্ত্ৰ, আইনৰ শাসন তথা বহনক্ষম মূল্যবোধক অক্ষুণ্ণ ৰাখিবলৈ আগ্ৰহ প্ৰকাশ কৰে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India launches ORV Sagar Manthan, boosting ocean research fleet

Media Coverage

India launches ORV Sagar Manthan, boosting ocean research fleet
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam seeking blessings for well-being, wisdom and prosperity
September 10, 2026

The Prime Minister, Shri Narendra Modi, shared a Sanskrit Subhashitam invoking blessings for the well-being, auspiciousness, protection, peace, wisdom and prosperity of all. The Subhashitam seeks the blessings of Lord Indra, Lord Surya, Lord Garuda and Lord Brihaspati.

The Prime Minister shared a Sanskrit Subhashitam-

“स्वस्ति न इन्द्रो वृद्धश्रवाः।

स्वस्ति नः पूषा विश्ववेदाः।

स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः।

स्वस्ति नो बृहस्पतिर्दधातु॥”

The Subhashitam conveys that May the glorious Lord Indra bless us with well-being. May Lord Surya, the knower of the entire universe and the sustainer of all, bring auspiciousness to us. May Lord Garuda, the destroyer of obstacles, protect us all. May Lord Brihaspati, the lord of knowledge, bless us with peace, wisdom and prosperity.

The Prime Minister wrote on X;

“स्वस्ति न इन्द्रो वृद्धश्रवाः।

स्वस्ति नः पूषा विश्ववेदाः।

स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः।

स्वस्ति नो बृहस्पतिर्दधातु॥”