ভাইব্ৰেণ্ট গুজৰাট গ্লোবেল ছামিট, ২০১৯ ত অংশগ্ৰহণ কৰিবলৈ অহা উজবেকিস্তানৰ ৰাষ্ট্ৰপতি শ্বাৱকট মিৰ্জিওয়েৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ১৮ জানুৱাৰীত এক দ্বিপাক্ষিক বৈঠকত মিলিত হয়। উল্লেখ্য যে এই বৈঠকৰ পূৰ্বে ৰাষ্ট্ৰপতি মিৰ্জিওয়েৱক ১৭ জানুৱাৰীত তেওঁৰ সহযোগীসহ গান্ধীনগৰত গুজৰাটৰ ৰাজ্যপাল শ্ৰী অ’ পি. কোহলিয়ে আদৰণি জনায়।



দুয়োগৰাকী ৰাষ্ট্ৰ নেতাৰ এই বৈঠকতে ৰাষ্ট্ৰপতি মিৰ্জিওয়েৱ আৰু তেওঁৰ সৈতে অহা অন্যান্য অতিথিসকলক গুজৰাটলৈ উষ্ম আদৰণি জনায়। ৰাষ্ট্ৰপতি মিৰ্জিওয়েৱে ইয়াৰ পূৰ্বে ২০১৮ চনৰ ৩০ ছেপ্তেম্বৰৰ পৰা ১ অক্টোবৰলৈ কৰা ভাৰত ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোদীৰ সৈতে হোৱা সাক্ষাৎৰ কথা স্মৰণ কৰি সেই বৈঠকত গ্ৰহণ কৰা বিভিন্ন সিদ্ধান্তৰ অগ্ৰগতি আৰু ফলপ্ৰসূ ৰূপায়নত সন্তুষ্টি ব্যক্ত কৰে প্ৰধানমন্ত্ৰীয়ে। ৰাষ্ট্ৰপতিগৰাকীৰ পূৰ্বৰ ভ্ৰমণত উজবেকিস্তানৰ আণ্ডিজান আৰু গুজৰাটৰ মাজত সহযোগিতাৰ ক্ষেত্ৰত হোৱা এক বুজাবুজি চুক্তিৰ প্ৰসঙ্গ উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে আণ্ডিজানৰ গৱৰ্ণৰ আৰু তেখেতৰ সতীৰ্থ সহযোগীসকলৰ উপস্থিতিৰ কথা দোহাৰে আৰু আশা প্ৰকাশ কৰে যে ৰাষ্ট্ৰপতি মিৰ্জিওয়েৱৰ এই ভাৰত ভ্ৰমণে আণ্ডিজান আৰু গুজৰাটৰ মাজৰ সহযোগিতাৰ লগতে ভাৰত আৰু উজবেকিস্তানৰ মাজৰ সম্পৰ্ক অধিক গাঢ় হৈ উঠিব।
প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি মিৰ্জিওয়েৱক বিগত ১২ আৰু ১৩ জানুৱাৰী ২০১৯ ত উজবেকিস্তানৰ ছামাৰকাণ্ডত অনুষ্ঠিত বৈদেশক মন্ত্ৰীসকলৰ বৈঠক ‘প্ৰথম ভাৰত-মধ্য এছিয়া সন্মিলন’ত তেওঁৰ সহায় সহযোগিতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। উল্লেখ্য যে এই বৈঠকতে আফগানিস্তানত শান্তি আৰু উন্নতি প্ৰতিষ্ঠাৰ বাবে সহায় আগবঢ়োৱা সন্দৰ্ভত ভালেমান গুৰুত্বপূৰ্ণ আলোচনা কৰা হয়।

ৰাষ্ট্ৰপতি মিৰ্জিওয়েৱেও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ভাইব্ৰেণ্ট গুজৰাট ছামিটত অংশগ্ৰহণৰ বাবে নিমন্ত্ৰণ জনোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। তেওঁ প্ৰধানমন্ত্ৰী মোদীক অৱগত কৰে যে উজবেকিস্তানৰ তথ্য-প্ৰযুক্তি, শিক্ষা, ফাৰ্মাচিউটিকেলছ, স্বাস্থ্যসেৱা, কৃষি-বিণিজ্য আৰু পৰ্যটন ক্ষেত্ৰত ভাৰতৰ তৰফৰ পৰা বিনিয়োগ আশা কৰে আৰু বিশেষকৈ এনে বিনিয়োগে দুয়োখন দেশৰ মাজত এক সৌহাদ্যপূৰ্ণ সম্পৰ্কও উন্নীত কৰিব বুলি উল্লেখ কৰে ৰাষ্ট্ৰপতিগৰাকীয়ে।

 

ৰাষ্ট্ৰপতি মিৰ্জিওয়েৱে লগতে প্ৰথম ভাৰত-মধ্য এছিয়া সন্মিলনৰ সফল উপলব্ধিৰ বাবে প্ৰধানমন্ত্ৰী মোদীক অভিনন্দন জ্ঞাপন কৰে। উল্লেখ্য যে এই সন্মিলনে আফগানিস্তানত শান্তি প্ৰতিষ্ঠাৰ বাবে এই সন্মিলনত অংশগ্ৰহণ কৰা দেশসমূহ আৰু মধ্য এছিয়াৰ দেশসমূহৰ ওফৰত থকা ভাৰতৰ যোগাত্মক প্ৰভাৱৰ দিশবোৰ শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰিছে।

এই বৈঠকতে দুয়োগৰাকী ৰাষ্ট্ৰনেতাই ভাৰতৰ শক্তি প্ৰয়োজনীয়তা পূৰণৰ বাবে দীৰ্ঘদিন ধৰি ইউৰেনিয়াম যোগানৰ ক্ষেত্ৰত উজবেকিস্তানৰ ন’ভ’ই মিনাৰেলছ এণ্ড মেটেলাৰ্জিকেল কোম্পানী আৰু ভাৰতৰ এট’মিক এনাৰ্জী বিভাগৰ মাজত হোৱা চুক্তি সম্পাদনো কৰে।

দুয়োগৰাকী ৰাষ্ট্ৰনেতাই উজবেকিস্তানত গৃহ আৰু সামাজিক আন্তঃগাঁথনিমূলক বিভিন্ন প্ৰকল্পৰ বাবে ২০০ মিলিয়ন মাৰ্কিন ডলাৰৰ ‘লাইন অৱ ক্ৰেডিট’ আগবঢ়াবৰ বাবে এক্সপ’ৰ্ট-ইম্প’ৰ্ট বেংক অৱ ইণ্ডিয়া আৰু উজবেকিস্তান গণৰাজ্যৰ মাজত সম্পাদিত চুক্তিক আদৰণি জনায়। উল্লেখ্য যে উজবেকিস্তানৰ ৰাষ্ট্ৰপতি মিৰ্জিওয়েৱৰ বিগত ভ্ৰমণৰ সময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উজবেকিস্তানলৈ এই ২০০ মিলিয়ন মাৰ্কিন ডলাৰ লাইন অৱ ক্ৰেডিট হিচাপে আগবঢ়োৱাৰ কথা ঘোষণা কৰিছিল।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s exports hit $43.56 billion in April as shipments record double-digit growth

Media Coverage

India’s exports hit $43.56 billion in April as shipments record double-digit growth
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares a Sanskrit Subhashitam highlighting the virtues of firm resolve, self-control, and wisdom
June 02, 2026

Prime Minister Shri Narendra Modi today shared a Sanskrit Subhashitam, observing that firm resolve and self-control are the powers that make even the most difficult paths easy. Shri Modi highlighted that today, our youth are continuously engaged in nation-building with this very resolve.

The Prime Minister posted on X:

"दृढ़ निश्चय और आत्म-संयम वह शक्ति है, जो कठिन से कठिन राह को भी आसान बना देती है। आज हमारे युवा साथी इसी संकल्प के साथ राष्ट्र निर्माण में निरंतर जुटे हुए हैं।

निश्चित्य यः प्रक्रमते
नान्तर्वसति कर्मणः।

अबन्ध्यकालो वश्यात्मा
स वै पण्डित उच्यते॥"

A person who begins a task after careful deliberation and with firm resolve, who never leaves it unfinished, who uses time wisely and who maintains complete control over their senses, such a person alone is truly wise.