Prime Minister directs senior officers to take every possible measure to ensure that people are safely evacuated
Ensure maintenance of all essential services such as Power, Telecommunications, health, drinking water: PM
Special preparedness needed for COVID management in hospitals, vaccine cold chain and power back up and storage of essential medicines in vulnerable locations due to cyclone: PM

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘টাকটাই’ ঘূৰ্ণী বতাহ সন্দৰ্ভত ৰাজ্য আৰু কেন্দ্ৰীয় মন্ত্ৰালয়/সংশ্লিষ্ট বিভাগৰ প্ৰস্তুতিৰ বুজ ল’বলৈ এখন উচ্চ পৰ্যায়ৰ বৈঠকত অংশ লয়।

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আগজাননী দিছে যে ‘টাকটাই’ ঘূৰ্ণী বতাহে ১৮ মে’ৰ বিয়লি অথবা সন্ধিয়াৰ ভাগত পৰবন্দৰ আৰু নালিয়াৰ মাজৰ গুজৰাট উপকূলত অতি কমেও ১৭৫ কিলোমিটাৰ গতিৰে খুন্দা মাৰিব। ইয়াৰ ফলত গুজৰাটৰ উপকূলীয় জিলাসমূহত প্ৰৱল বৃষ্টিপাত হোৱাৰ সম্ভাৱনা আছে।

বৈঠকত আলোচনা কৰা হয় যে কেবিনেট সচিবে সকলো উপকূলীয় ৰাজ্যৰ মুখ্য সচিব আৰু কেন্দ্ৰীয় মন্ত্ৰালয় তথা সংস্থাৰ সৈতে নিৰন্তৰ যোগাযোগ অব্যাহত ৰাখিছে।

গৃহ মন্ত্ৰালয়ে ৰাজ্য চৰকাৰ/কেন্দ্ৰীয় শাসিত অঞ্চল আৰু কেন্দ্ৰীয় সংস্থাসমূহৰ সৈতে ২৪ ঘণ্টাই যোগাযোগ ৰক্ষা কৰি আছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ইতিমধ্যে সকলো ৰাজ্যলৈ এছডিআৰএফৰ প্ৰথমটো কিস্তি মুকলি কৰি দিছে।
ভাৰতীয় উপকূলৰক্ষী বাহিনী আৰু নৌসেনা বাহিনীয়ে সাহায্য আৰু উদ্ধাৰ অভিযানৰ বাবে জাহাজ আৰু হেলিকপ্টাৰ সাজু কৰি ৰাখিছে।

প্ৰস্তুতিৰ বুজ লৈ প্ৰধানমন্ত্ৰীয়ে জেষ্ঠ বিষয়াসকলক নিৰ্দেশ দিয়ে যাতে জনসাধাৰণৰ সুৰক্ষিত স্থানান্তৰ নিশ্চিত হয় আৰু তেওঁলোকে যাতে বিজুলী, টেলিকমিউনিকেচন, স্বাস্থ্য, খোৱা পানী আদিৰ দৰে সকলো অত্যাৱশ্যকীয় সেৱা লাভ কৰে। ঘূৰ্ণি বতাহে ক্ষতি কৰিব পৰা সংবেদনশীল অঞ্চলৰ হস্পিতালত ক’ভিড ব্যৱস্থাপনা, ভেকচিন ক’ল্ড চেইন, পাৱাৰ বেক আপ আৰু অত্যাৱশ্যকীয় ঔষধৰ মজুতকৰণৰ বাবে বিশেষ প্ৰস্তুতিৰ প্ৰয়োজন আছে বুলিও প্ৰধানমন্ত্ৰীয়ে বিষয়াসকলক উল্লেখ কৰে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
10 Years of UPI: From 18 mln to 219 bln transactions, volumes jump 12,000x

Media Coverage

10 Years of UPI: From 18 mln to 219 bln transactions, volumes jump 12,000x
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 10 এপ্ৰিল 2026
April 10, 2026

Safe Anchor, Green Engine, Digital Dynamo: PM Modi’s Blueprint for India’s Economic Renaissance