দুয়োগৰাকী নেতাই যুটীয়াভাৱে ভাৰত-নিউজিলেণ্ডৰ মাজত এখন যুগান্তকাৰী মুক্ত বাণিজ্য চুক্তি ঘোষণা কৰে
এফটিএয়ে দুয়োখন দেশৰ মাজত অধিক বাণিজ্য, বিনিয়োগ, উদ্ভাৱন আৰু অংশীদাৰী সুযোগৰ বাবে অনুঘটক হিচাপে কাম কৰিব বুলি দুয়োগৰাকী নেতাই সন্মতি প্ৰকাশ কৰে
নেতা দুগৰাকীয়ে প্ৰতিৰক্ষা, ক্ৰীড়া, শিক্ষা আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্ককে ধৰি দ্বিপাক্ষিক সহযোগিতাৰ অন্যান্য ক্ষেত্ৰসমূহৰ অগ্ৰগতিক আদৰণি জনায়

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী ক্ৰিষ্টোফাৰ লাক্সনৰ সৈতে টেলিফোনিক বাৰ্তালাপত মিলিত হয়। দুয়োগৰাকী নেতাই যুটীয়াভাৱে ঐতিহাসিক, উচ্চাকাংক্ষী আৰু পাৰস্পৰিকভাৱে লাভজনক ভাৰত-নিউজিলেণ্ড মুক্ত বাণিজ্য চুক্তি (এফটিএ)ৰ সফল সমাপ্তিৰ কথা ঘোষণা কৰে।

 

২০২৫ চনৰ মাৰ্চত প্ৰধানমন্ত্ৰী লাক্সনৰ ভাৰত ভ্ৰমণৰ সময়ত দুয়োগৰাকী নেতাৰ মাজত হোৱা আলোচনাৰ সময়ত স্বাক্ষৰিত এই এফ টি এৰ ৯মাহৰ অভিলেখ সময়ৰ ভিতৰত সফল সমাপ্তিয়ে দুয়োখন দেশৰ মাজৰ সম্পৰ্ক অধিক গভীৰ কৰাৰ বাবে অংশীদাৰী উচ্চাকাংক্ষা আৰু ৰাজনৈতিক ইচ্ছাশক্তিক প্ৰতিফলিত কৰে। এফটিএ-য়ে দ্বিপাক্ষিক অৰ্থনৈতিক সম্পৰ্ক অধিক শক্তিশালী কৰিব, বজাৰ প্ৰৱেশাধিকাৰ বৃদ্ধি কৰিব, বিনিয়োগৰ প্ৰৱাহ বৃদ্ধি কৰিব, দুয়োখন দেশৰ মাজত কৌশলগত সহযোগিতা শক্তিশালী কৰিব আৰু লগতে বিভিন্ন খণ্ডত উদ্ভাৱক, উদ্যোগী, কৃষক, এমএছএমই, শিক্ষাৰ্থী আৰু যুৱক-যুৱতীসকলৰ বাবে নতুন সুযোগৰ দুৱাৰ মুকলি কৰিব।

 

এফটিএৰ দ্বাৰা প্ৰদান কৰা শক্তিশালী আৰু বিশ্বাসযোগ্য ভেটিৰ সৈতে, দুয়োগৰাকী নেতাই অহা পাঁচ বছৰত দ্বিপাক্ষিক বাণিজ্য দুগুণলৈ বৃদ্ধি কৰাৰ লগতে পৰৱৰ্তী ১৫বছৰত নিউজিলেণ্ডৰ পৰা ভাৰতত ২০বিলিয়ন আমেৰিকান ডলাৰৰ বিনিয়োগ সন্দৰ্ভত আস্থা প্ৰকাশ কৰে। নেতা দুগৰাকীয়ে ক্ৰীড়া, শিক্ষা আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্কৰ দৰে দ্বিপাক্ষিক সহযোগিতাৰ অন্যান্য ক্ষেত্ৰত লাভ কৰা অগ্ৰগতিৰ বিষয়টোক আদৰণি জনায় আৰু ভাৰত-নিউজিলেণ্ডৰ অংশীদাৰিত্ব অধিক শক্তিশালী কৰাৰ প্ৰতি তেওঁলোকৰ প্ৰতিশ্ৰুতি পুনৰ দোহাৰে।

 

নেতাদুগৰাকীয়ে যোগাযোগ বৰ্তাই ৰাখিবলৈ সন্মতি প্ৰকাশ কৰে।

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Vikas Bhi, Virasat Bhi: How JATAN, AI and Digital Archives are revolutionising India’s cultural heritage preservation

Media Coverage

Vikas Bhi, Virasat Bhi: How JATAN, AI and Digital Archives are revolutionising India’s cultural heritage preservation
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
কমনৱেলথ গেমছ-২০২৬ৰ পদক বিজয়ীসকলক আতিথ্য প্ৰদান প্ৰধানমন্ত্ৰীৰ
August 09, 2026

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সপ্তম লোককল্যাণ মাৰ্গত কমনৱেলথ গেমছ-২০২৬ত ভাৰতৰ পদক বিজয়ীসকলক আতিথ্য প্ৰদান কৰে। শ্ৰী মোদীয়ে খেলুৱৈসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে উক্ত প্ৰতিযোগিতাৰ সময়ত তেওঁলোকৰ অভিজ্ঞতাৰ বুজ লয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে খেলুৱৈসকলৰ এই কৃতিত্ব সমগ্ৰ দেশৰ বাবে অপৰিসীম গৌৰৱৰ বিষয় আৰু ই বহু যুৱক-যুৱতীক ক্ৰীড়াক্ষেত্ৰত অংশগ্ৰহণৰ বাবে অনুপ্ৰাণিত কৰিব।

শ্ৰী মোদীয়ে এক্সত পোষ্ট কৰে :

কমনৱেলথ গেমছ ২০২৬ত আমাৰ অসাধাৰণ পদক বিজয়ীসকলক সপ্তম লোককল্যাণ মাৰ্গত আতিথ্য প্ৰদান কৰি আনন্দিত হৈছোঁ। এই প্ৰতিযোগিতাৰ সময়ত তেওঁলোকৰ অভিজ্ঞতাৰ বিষয়ে জানিব পাৰিলোঁ।

তেওঁলোকৰ প্ৰত্যেকেই নিজৰ অসাধাৰণ প্ৰদৰ্শনেৰে আমাৰ দেশক গৌৰৱান্বিত কৰিছে। তেওঁলোকৰ এই সফলতাই বহু যুৱক-যুৱতীক প্ৰেৰণা যোগাব।