PM Modi felicites crew of INS Arihant, which recently returned from its first deterrence patrol, completing the establishment of the country's survivable nuclear triad
INS Arihant's first deterrence patrol puts India among a handful of countries having the capability to design, construct and operate SSBNs
The success of INS Arihant enhances India’s security needs. It is a major achievement for our entire nation, says PM Modi
The success of INS Arihant gives a fitting response to those who indulge in nuclear blackmail: PM Narendra Modi
India's nuclear triad will be an important pillar of global peace and stability, says Prime Minister Modi
India is a land of peace. Values of togetherness are enshrined in our culture. Peace is our strength, not our weakness: PM Modi
Our nuclear programme must be seen with regard to India’s efforts to further world peace and stability: Prime Minister Modi

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰতৰ ষ্ট্ৰেটেজিক ষ্ট্ৰাইক নিউক্লিয়াৰ ছাবমেৰিন (এছএছবিএন) আইএনএছ অৰিহন্তৰ সদস্য দলক সাক্ষাৎ কৰে৷ আইএনএছ অৰিহন্তে শেহতীয়াকৈ নিজৰ প্ৰথমটো ডিটেৰেন্স পেট্ৰ’ল সমাপ্ত কৰি ঘূৰি আহিছে৷ ছাবমেৰিনখনৰ এই অভ্যাসৰ দ্বাৰা ভাৰতৰ নিউক্লিয়াৰ ট্ৰায়েডৰ সম্পূৰ্ণ স্থাপন হৈছে৷

আইএনএছ অৰিহন্তৰ সফল অভিযানৰ দ্বাৰা ভাৰতৰ নিউক্লিয়াৰ ট্ৰায়েডৰ পূৰ্ণ স্থাপনক গুৰুত্ব প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে আইএনএছ অৰিহন্তৰ কৰ্মীদল তথা অভিযানৰ সৈতে জড়িত সকলো ব্যক্তিকে অভিনন্দন জনাইছে৷ তেওঁ কয় যে এই উপলব্ধি ভাৰতক সেই কিছুসংখ্যক দেশৰ সৈতে অগ্ৰীম স্থানত উপনীত কৰাইছে যি এছএছবিএনক ডিজাইন, তাক নিৰ্মাণ আৰু সঞ্চালন কৰাৰ ক্ষমতা হাতত ৰাখে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে দেশত এছএছবিএনৰ নিৰ্মাণ আৰু ইয়াৰ সফল সঞ্চালনৰ ক্ষমতাৰ বিকাশ ভাৰতৰ প্ৰযুক্তিগত সামৰ্থ তথা সকলো সম্বন্ধীয় সংস্থা আৰু ব্যক্তিসমূহৰ মাজত অভূতপূৰ্ব সমন্বয়ৰ প্ৰতীক৷ তেওঁ সকলো সম্বন্ধীয় সংস্থা আৰু ব্যক্তিসমূহক দেশৰ সুৰক্ষাক অত্যাধিক সুদৃঢ় কৰা এই উপলব্ধিৰ বাবে সমৰ্পণ আৰু প্ৰতিবদ্ধতাৰ সৈতে কাম কৰাৰ বাবে ধন্যবাদ প্ৰদান কৰে৷

প্ৰধানমন্ত্ৰীয়ে এই কথাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে যে পৰমাণু পৰীক্ষণৰ বৈজ্ঞানিক উপলব্ধি এক অত্যন্ত জটিল আৰু বিশ্বস্ত নিউক্লিয়াৰ ট্ৰায়েডলৈ পৰিৱৰ্তন কৰা অতিশয় দুৰুহ কাৰ্য৷ এয়া সম্ভৱ হৈছে ভাৰতীয় বৈজ্ঞানিকৰ প্ৰতিভা তথা সাহসী সৈনিকৰ সমৰ্পণৰ ভাৱনাৰ ফলত৷ এই নতুন উপলব্ধিয়ে ভাৰতৰ দ্বাৰা নিউক্লিয়াৰ ট্ৰায়েড স্থাপিত কৰাৰ বাবে আৱশ্যকীয় ক্ষমতা আৰু দৃঢ়তাৰ সম্বন্ধত উত্থাপিত হোৱা সকলো প্ৰশ্নৰ উত্তৰ প্ৰদান কৰিছে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতৰ জনসাধাৰণে শক্তিমান ভাৰত আৰু নতুন ভাৰত নিৰ্মাণৰ আকাংক্ষা কৰিছে আৰু ইয়াৰ বাবে ভাৰতীয়সকলে নিৰৱচ্ছিন্ন প্ৰয়াসৰ দ্বাৰা অনেক প্ৰত্যাহ্বানৰ সফলতাৰে সন্মুখীন হৈছে৷ প্ৰধানমন্ত্ৰীয়ে এই কথাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে যে এক সশক্ত ভাৰতে কেৱল এশ পঁচিশ কোটিৰো অধিক ভাৰতীয়ৰ আশা আৰু আকাংক্ষাক পূৰণ কৰাই নহয়, ইয়াৰ পৰিৱৰ্তে অনিশ্চয়তা তথা আকাংক্ষাৰে ভৰা বিশ্বত বিশ্বজনীন শান্তি আৰু স্থিৰতাৰ আধাৰ স্তম্ভ হিচাপেও কাম কৰিব৷

প্ৰধানমন্ত্ৰীয়ে সকলো উপস্থিত ব্যক্তিসকলক তথা তেওঁলোকৰ পৰিয়ালক দিপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰে৷ তেওঁ এই আশা প্ৰকাশ কৰিছে যে যিদৰে পোহৰে অন্ধকাৰ নিবাৰণ কৰাৰ লগতে ভয়ো দূৰ কৰে, ঠিক সেইদৰে আইএনএছ অৰিহন্তেও দেশক অভয় প্ৰদান কৰিব৷

এখন দায়িত্বশীল ৰাষ্ট্ৰৰ ৰূপত ভাৰতে এক শক্তিশালী নিউক্লিয়াৰ কমাণ্ড এণ্ড কণ্ট্ৰ’লৰ সংৰচনা, প্ৰভাৱশালী সুৰক্ষা ব্যৱস্থা আৰু পূৰ্ণ ৰাজনৈতিক নিয়ন্ত্ৰণ, দেশৰ নিউক্লিয়াৰ কমাণ্ড প্ৰাধিকৰণৰ অধীনত স্থাপিত কৰিছে৷ প্ৰামাণিক ন্যূনতম নিবাৰণ আৰু পৰমাণু অস্ত্ৰৰ প্ৰথমে ব্যৱহাৰ নকৰাৰ নীতি যি স্বৰ্গীয় প্ৰধানমন্ত্ৰী শ্ৰী বাজপেয়ীৰ পৌৰহিত্যত কেবিনেটৰ সুৰক্ষা সমিতিয়ে ৪ জানুৱাৰী ২০০৩ তাৰিখে গ্ৰহণ কৰিছিল, তাৰ প্ৰতি ভাৰত প্ৰতিশ্ৰুতিবদ্ধ৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Akash missile creator hails ‘Make In India’ success in defence sector

Media Coverage

Akash missile creator hails ‘Make In India’ success in defence sector
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 24 এপ্ৰিল 2026
April 24, 2026

Made in India, Built for 2047: PM Modi’s Reforms Turning Rural Hope into National Strength