ভাৰতত ইউনেস্ক’ৰ বিমূৰ্ত সাংস্কৃতিক ঐতিহ্য সমিতিৰ ২০সংখ্যক অধিৱেশন আৰম্ভ হোৱাত প্ৰধানমন্ত্ৰীয়ে অতিশয় আনন্দ প্ৰকাশ কৰে। তেওঁ কয় যে এই মঞ্চই বিশ্বজুৰি জীৱন্ত পৰম্পৰাক সুৰক্ষা আৰু জনপ্ৰিয় কৰাৰ এক উমৈহতীয়া দৃষ্টিভংগীৰে ডেৰশতাধিক দেশৰ প্ৰতিনিধিসকলক একত্ৰিত কৰিছে।
বিশেষকৈ ঐতিহাসিক লালকিল্লাত এই গুৰুত্বপূৰ্ণ সমাৱেশ আয়োজন কৰি ভাৰত আনন্দিত বুলি কয় প্ৰধানমন্ত্ৰীয়ে। তেওঁ লগতে কয় যে এই উপলক্ষে সংস্কৃতিৰ শক্তিক সমাজ আৰু প্ৰজন্মক সংযোগ কৰিবলৈ ভাৰতৰ দায়বদ্ধতাক প্ৰদৰ্শন কৰে।
প্ৰধানমন্ত্ৰীয়ে এক্সৰ পোষ্টত লিখিছে;
"ইউনেস্ক'ৰ বিমূৰ্ত সাংস্কৃতিক ঐতিহ্য সমিতিৰ ২০সংখ্যক অধিৱেশন ভাৰতত আৰম্ভ হোৱাটো এক অতি আনন্দৰ কথা। এই মঞ্চত আমাৰ উমৈহতীয়া পৰম্পৰাক সংৰক্ষণ আৰু জনপ্ৰিয় কৰাৰ লক্ষ্যৰে ১৫০ খনতকৈও অধিক দেশৰ প্ৰতিনিধি একত্ৰিত হৈছে। ভাৰতে লালকিল্লাত এই বৈঠক আয়োজন কৰি আনন্দিত হৈছে। ইয়াৰ দ্বাৰা সমাজ আৰু প্ৰজন্মক সংযুক্ত কৰিবলৈ সংস্কৃতিৰ শক্তিক সদ্ব্যৱহাৰ কৰাৰ বাবে আমাৰ দায়বদ্ধতাও প্ৰদৰ্শন কৰা হৈছে।" "
@UNESCO”
It is a matter of immense joy that the 20th Session of UNESCO’s Committee on Intangible Cultural Heritage has commenced in India. This forum has brought together delegates from over 150 nations with a vision to protect and popularise our shared living traditions. India is glad to…
— Narendra Modi (@narendramodi) December 8, 2025


