প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ যুৱ প্ৰজন্মক স্বামী বিবেকানন্দৰ নেতৃত্বশৈলীৰ উপদেশ অনুসৰণ কৰিবলৈ আহ্বান জনায়। ব্যক্তিবিশেষৰ লগতে প্ৰতিষ্ঠানৰ বিকাশত শ্ৰদ্ধাৰ সন্নাসীগৰাকীৰ অৱদানক স্মৰণ কৰে। দ্বিতীয় ৰাষ্ট্ৰীয় যুৱ সাংসদ মহোৎসৱৰ সামৰণি অনুষ্ঠানত ভাষণ আগবঢ়াই প্ৰধানমন্ত্ৰীয়ে ব্যক্তিবিশেষৰ উন্নয়ন আৰু প্ৰতিষ্ঠান নিৰ্মাণৰ বিভিন্ন চক্ৰ আৰম্ভ কৰাত স্বামী বিবেকানন্দৰ অৱদানৰ বিষয়ে উল্লেখ কৰে।

শ্ৰী মোদীয়ে কয় যে স্বামী বিবেকানন্দৰ সংস্পৰ্শলৈ অহা ব্যক্তিসকলে প্ৰতিষ্ঠান গঢ় দিয়ে আৰু এই প্ৰতিষ্ঠানসমূহে পৰৱৰ্তী সময়ত নতুন প্ৰতিষ্ঠান নিৰ্মাতা সৃষ্টি কৰে। এয়া ভাৰতৰ এক বৃহৎ শক্তি আৰু প্ৰধানমন্ত্ৰীয়ে উদ্যমিতাৰ উদাহৰণৰ সৈতে ইয়াক বৰ্ণনা কৰিছে।

তেওঁ দেশৰ যুৱ প্ৰজন্মক আহ্বান জনায় যে তেওঁলোকে শেহতীয়াকৈ প্ৰণয়ন কৰা ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ আধাৰত প্ৰস্তুত কৰা নমনীয় আৰু উদ্ভাৱনীমূলক শিক্ষণ প্ৰণালীৰ উপযোগিতা গ্ৰহণ কৰা উচিত। এই নীতিৰ লক্ষ্য হ’ল যুৱ প্ৰজন্মৰ আশা-আকাংক্ষা, দক্ষতাক অগ্ৰাধিকাৰ দি সুনাগৰিক সৃষ্টি কৰা। তেওঁ জোৰ দি কয় যে দেশৰ যুৱ প্ৰজন্মক উন্নত শিক্ষা আৰু উদ্যমিতাৰ সুযোগ উপলব্ধ কৰোৱা হ’ব।

প্ৰধানমন্ত্ৰীয়ে কয় যে স্বামী বিবেকান্দই ৰাষ্ট্ৰৰ ভেটি হিচাপে আত্মবিশ্বাসী, সাহসী আৰু উদ্যমী যুৱ প্ৰজন্মক স্বীকৃতি দিছিল। শ্ৰী মোদীয়ে যুৱ প্ৰজন্মৰ বাবে স্বামী বিবেকানন্দৰ মন্ত্ৰ প্ৰদৰ্শন কৰে। শাৰীৰিক সুস্থতাৰ বাবে স্বামী বিবেকানন্দই মন্ত্ৰ দিছিল-লোহাৰ মাংসপেশী আৰু শক্তিশালী লক্ষ্য। এই লক্ষ্য আগত ৰাখি চৰকাৰে ফিট ইণ্ডিয়া মুভমেণ্ট, যোগাসন আৰু ক্ৰীড়াৰ আধুনিক আন্তঃগাথনি নিৰ্মাণ কৰিছে। ব্যক্তিত্ব বিকাশৰ বাবে স্বামী বিবেকানন্দৰ মন্ত্ৰ আছিল-নিজৰ ওপৰত বিশ্বাস ৰাখক। একেদৰে, নেতৃত্ব আৰু দলীয় ঐক্যৰ বাবে তেওঁ কৈছিল-সকলোৰে ওপৰত বিশ্বাস ৰাখক।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
 PLI schemes attract over Rs 2.16 lakh crore investment, generate 14.39 lakh jobs

Media Coverage

PLI schemes attract over Rs 2.16 lakh crore investment, generate 14.39 lakh jobs
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 28 মাৰ্চ 2026
March 28, 2026

From Policy to Prosperity: How Visionary Governance is Empowering the Common Man Under the Leadership of PM Modi