প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতক ৫ ত্ৰিলিয়ন ডলাৰৰ অৰ্থনীতিত উপনীত হোৱাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণৰ উদ্দেশ্যে সকলো ষ্টেকহ’ল্ডাৰলৈ আহ্বান জনায়৷

প্ৰধানমন্ত্ৰীয়ে জ্যেষ্ঠ অৰ্থনীতিবিদ, ব্যক্তিগত বিনিয়োগকাৰী, নিৰ্মাণ, ভ্ৰমণ আৰু পৰ্যটন, বস্ত্ৰ আৰু এফএমজিচিৰ ব্যৱসায়িক প্ৰতিনিধি, বিশ্লেষক, কৃষি, বিজ্ঞান আৰু প্ৰযুক্তি তথা বিত্তৰ বিশেষজ্ঞ প্ৰতিনিধিৰ দলৰ সৈতে এক বৈঠকত মিলিত হয়৷
এই বৈঠকখন আজি নতুন দিল্লীৰ নিটি আয়োগত প্ৰাক্-বাজেটৰ কাৰ্যসূচী হিচাপে অনুষ্ঠিত কৰা হয়৷

প্ৰধানমন্ত্ৰীয়ে প্ৰতিটো খণ্ডৰ অভিজ্ঞ ব্যক্তিসকলৰ সৈতে দুঘণ্টাজোৰা মুকলি আলোচনাত সন্মিলিত হ’বলৈ পাই সুখী অনুভৱ কৰা বুলি জানিবলৈ দিয়ে৷

তেওঁ কয় যে ইয়াৰ জৰিয়তে নীতি নিৰ্ধাৰক আৰু বিভিন্ন ষ্টেকহ’ল্ডাৰসকলৰ সৈতে সম্পৰ্ক সুদৃঢ় হ’ব৷

প্ৰধানমন্ত্ৰীয়ে কয় যে ৫ ত্ৰিলিয়ন ডলাৰৰ অৰ্থনীতিত উপনীত হোৱাটো কোনো তৎকালীন প্ৰক্ৰিয়া নহয় আৰু দেশৰ সামৰ্থৰ ওপৰত সম্পূৰ্ণৰূপে নিৰ্ভৰশীল৷

তেওঁ কয় যে ভাৰতৰ শক্তিশালী অৰ্থনীতিয়ে এই উদ্দেশ্য বাস্তৱায়িত হোৱাৰ দৃশ্য প্ৰদৰ্শিত কৰিছে৷ প্ৰধানমন্ত্ৰীয়ে এই ক্ষেত্ৰত পৰ্যটন, নগৰ বিকাশ, আন্তঃগাঁথনি আৰু কৃষিভিত্তিক উদ্যোগসমূহৰ উত্তম সম্ভাৱনা প্ৰদৰ্শিত কৰিব পৰা সামৰ্থ আছে বুলি উল্লেখ কৰে৷

তেওঁ কয় যে এই ক্ষেত্ৰত অৱশ্যেই মুকলি আলোচনা আৰু তৰ্কৰ আৱশ্যক৷ তেওঁ কয় যে ইয়াৰ জৰিয়তে ধনাত্মক বাতাৱৰণ সৃষ্টি হোৱাৰ লগতে ‘‘কৰিব পাৰিম’’ বুলি এটা ভাৱনাৰো সৃষ্টি হ’ব৷ ভাৰতক এক অপাৰ সম্ভাৱনীয়তাৰ দেশ বুলি অভিহিত কৰি তেওঁ সকলো ষ্টেকহ’ল্ডাৰত বাস্তৱ আৰু উপলব্ধিৰ মাজত এখন সাঁকোৰ সৃষ্টি কৰিবলৈ আহ্বান জনায়৷

তেওঁ কয়, ‘‘আমি সকলোৱে একত্ৰিতভাৱে তথা এক ৰাষ্ট্ৰ হিচাপে কাম কৰা উচিত৷’’

উল্লেখ্য, বৈঠকখনত অৰ্থনীতিবিদ শ্ৰী শংকৰ আচাৰ্য, শ্ৰী আৰ নাগৰাজ, শ্ৰীমতী ফাৰজানা আফ্ৰিডি, ভেনচাৰ কেপিটেলিষ্ট শ্ৰী প্ৰদীপ শ্বাহ, উদ্যোগপতি শ্ৰী আপ্পাৰাও মাল্লাভাৰাপু, শ্ৰী দ্বীপ কাৰলা, শ্ৰী পতঞ্জলি গোৱিন্দ কেস্বানী, শ্ৰী দীপক শেঠ, শ্ৰী শ্ৰীকুমাৰ মিশ্ৰা, বিশেষজ্ঞ শ্ৰী আশীষ ধাৱান আৰু শ্ৰী শিৱ ছাৰিনকে ধৰি ৩৮গৰাকী প্ৰতিনিধি উপস্থিত আছিল৷

আনহাতে গৃহ পৰিক্ৰমা মন্ত্ৰী শ্ৰী অমিত শ্বাহ, কেন্দ্ৰীয় পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ তথা এমএছএমই মন্ত্ৰী শ্ৰী নীতিন গাডকাৰী, ৰে’লৱে আৰু বাণিজ্য মন্ত্ৰী শ্ৰী পীয়ুষ গোৱেল, কৃষি আৰু কৃষক পৰিকল্পনা তথা গ্ৰামোন্নয়ন আৰু পঞ্চায়তীৰাজ মন্ত্ৰী শ্ৰী নৰেন্দ্ৰ টোমৰ, মন্ত্ৰালয়সমূহৰ সচিবসকল, নিটি আয়োগৰ উপাধ্যক্ষ শ্ৰী ৰাজীৱ কুমাৰ, নিটি আয়োগৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী অমিতাভ কান্তো বৈঠকখনত উপস্থিত থাকে৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
How Bigger, Quieter & Deadlier INS Aridhaman Is A Game-Changer For India's Nuclear Deterrence

Media Coverage

How Bigger, Quieter & Deadlier INS Aridhaman Is A Game-Changer For India's Nuclear Deterrence
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Share your ideas and suggestions for 'Mann Ki Baat' now!
April 05, 2026

Prime Minister Narendra Modi will share 'Mann Ki Baat' on Sunday, April 26th. If you have innovative ideas and suggestions, here is an opportunity to directly share it with the PM. Some of the suggestions would be referred by the Prime Minister during his address.

Share your inputs in the comments section below.