এনডিএমএৰ ষষ্ঠ বৈঠকত অধ্যক্ষতা কৰিলে প্ৰধানমন্ত্ৰীয়ে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ(এনডিএমএ)ৰ ষষ্ঠ বৈঠকত অধ্যক্ষতা কৰে।

প্ৰধানমন্ত্ৰীয়ে এনডিএমএই দেশৰ দুৰ্যোগৰ সময়ত ফলপ্ৰসূভাৱে সম্পাদন কৰা কাম-কাজৰ পৰ্যালোচনা কৰে। তেওঁ লগতে এনডিএমএৰ অধীনত চলি থকা প্ৰকল্পসমূহৰো পৰ্যালোচনা কৰে।

প্ৰধানমন্ত্ৰীয়ে দেশৰ নাগৰিকসকলৰ জীৱন আৰু সম্পত্তি ৰক্ষাৰ হেতু অধিক ফলপ্ৰসূতাৰে কাম কৰাৰ বাবে বিভিন্ন অংশীদাৰসমূহৰ মাজত ভালদৰে সমন্বয় সাধনৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ দুৰ্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰত বিশ্বৰ শ্ৰেষ্ঠ বিশেষজ্ঞক অনাৰ প্ৰয়োজনীয়তো গুৰুত্ব আৰোপ কৰে।

বৈঠকত এনডিএমএৰ সদস্য আৰু বিষয়াবৰ্গৰ লগতে কেন্দ্ৰীয় গৃহ মন্ত্ৰী শ্ৰী ৰাজনাথ সিং, বিত্ত মন্ত্ৰী শ্ৰী অৰুণ জেটলী, কৃষি আৰু কৃষক কল্যান মন্ত্ৰী শ্ৰী ৰাধামোহন সিঙো উপস্থিত থাকে।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
How GST 2.0 changed India’s car market and boosted small car sales

Media Coverage

How GST 2.0 changed India’s car market and boosted small car sales
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 19 মে’ 2026
May 19, 2026

Exports Up, Economy Strong, World Collaborating: PM Modi's Reforms Delivering Jobs, Growth & Green Future