প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সযোগে গুজৰাটৰ একল বিদ্যালয় সংগঠনত ভাষণ প্ৰদান কৰে৷ গ্ৰামাঞ্চল আৰু জনজাতীয় অঞ্চলৰ শিশুসকলৰ মাজত ‘একল বিদ্যালয় অভিযান’ৰ জৰিয়তে শিক্ষাৰ প্ৰচাৰৰ দিশত নামি পৰা একল বিদ্যালয় সংগঠনক প্ৰধানমন্ত্ৰীয়ে অভিনন্দন জনায়৷ ভাৰত আৰু নেপালৰ দূৰ্গম অঞ্চলৰ বাস কৰা ২.৮ মিলিয়নতকৈও অধিক গ্ৰামীণ আৰু জনজাতীয় শিশুৰ মাজত শিক্ষাৰ সজাগতা প্ৰচাৰ কৰি ৰাষ্ট্ৰ নিৰ্মাণৰ দিশত অগ্ৰসৰ হোৱা সংস্থাটোৰ স্বেচ্ছাসেৱকৰ ভূমিকাক প্ৰধানমন্ত্ৰীয়ে ভূয়সী প্ৰশংসা কৰে৷

সমগ্ৰ ভাৰতত ১ লাখখন বিদ্যালয়ৰ সীমা স্পৰ্শ কৰাৰ পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰীয়ে তেওঁলোকক অভিনন্দন জনাই কয় যে এই উৎসাহ, সমৰ্পণ আৰু প্ৰতিশ্ৰুতিৰ মনোভাৱে অসম্ভৱকো সম্ভৱ কৰি তুলিছে৷ সংস্থাটোৱে সামাজিক সেৱা আৰু সমগ্ৰ দেশৰ বাবে আদৰ্শলৈ ৰূপান্তৰিত হোৱাৰ বাবে লাভ কৰা গান্ধী শান্তি বঁটাৰ বিষয়েও প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভাষণত উল্লেখ কৰে৷
কেন্দ্ৰীয় চৰকাৰে ভাৰতত উন্নত শিক্ষা আৰু দক্ষতা উন্নয়নৰ বাবে নিৰৱচ্ছিন্নভাৱে কাম কৰি থকা বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে৷ তেওঁ ভাষণ প্ৰসংগত জনজাতীয় শিশুৰ বাবে জলপানি, একলব্য মডেল আবাসিক বিদ্যালয়, পোষণ অভিযান, মিছন ইন্দ্ৰধনুশ আৰু জনজাতীয় উৎসৱসমূহৰ বাবে বিদ্যালয়ৰ ছুটি আদিৰ জৰিয়তে বিদ্যালয়সমূহৰ ড্ৰপ আউট হ্ৰাস হোৱাই নহয় বৰঞ্চ শিশুসকলৰ সামূহিক উন্নয়নো সম্ভৱ হৈছে বুলি জানিবলৈ দিয়ে৷

২০২২ চনত ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱাৰ পৰিপ্ৰেক্ষিতত সংগঠনটোৱে তেওঁলোকৰ বিদ্যালয়ৰ শিক্ষাৰ্থীসকলক বিভিন্ন প্ৰতিযোগিতাৰ জৰিয়তে ভাৰতৰ স্বাধীনতা আন্দোলনত জনজাতি লোকসকলৰ ভূমিকাৰ বিষয়ে আলোকপাত কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে পৰামৰ্শ প্ৰদান কৰে৷ তাৰোপৰি একল পৰিয়ালে পৰম্পৰাগত ভাৰতীয় ক্ৰীড়াৰ ‘খেল-মহাকুম্ভ’ও অনুষ্ঠিত কৰিব পাৰে বুলি তেওঁ মন্তব্য কৰে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে ব্যক্তিগতখণ্ড আৰু ৰাজহুৱাখণ্ডৰ বিদ্যালয়সমূহে সহযোগিতামূলকভাৱে ‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’ৰ ধাৰণা সাফল্যমণ্ডিত কৰি তোলাৰ বাবে শিক্ষাৰ্থীসকলৰ মাজত বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰিব পাৰে৷
ডঃ বাবাচাহেব আম্বেদকাৰৰ ‘পূণ্য তিথি’ৰ বিষয়ে সোঁৱৰাই দি প্ৰধানমন্ত্ৰীয়ে কয় যে একল সংগঠনে ল’ৰা আৰু ছোৱালীৰ বাবে শিক্ষাৰ সমতাৰ সপোনক বাস্তৱায়িত কৰাত সফল হৈছে৷ পৰিয়ালটোৰ চাৰিটা দশকৰ দীৰ্ঘকালীন যাত্ৰাত সংগঠনটোৱে ‘শিক্ষাৰ পঞ্চতন্ত্ৰ মডেল’ক সুন্দৰভাৱে প্ৰচাৰ কৰাত সফল হৈছে বুলি প্ৰধানমন্ত্ৰীয়ে কয়৷

প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতে স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ কৰিবলৈ যোৱাৰ অগ্ৰসৰ হোৱাৰ মুহূৰ্তত একল সংগঠনে গান্ধীজীৰ গ্ৰাম স্বৰাজ, বাবা চাহেবৰ সামাজিক ন্যায়, দীনদয়াল উপাধ্যায়ৰ অন্ত্যোদয়া আৰু স্বামী বিবেকানন্দৰ উজ্বল ভাৰতৰ সপোন বাস্তৱায়িত কৰাত সহায় কৰিব৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi at BRICS summit: Dismantle ‘pyramid of privilege’ to make Global South a ‘rule-shaper’

Media Coverage

PM Modi at BRICS summit: Dismantle ‘pyramid of privilege’ to make Global South a ‘rule-shaper’
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates Indian Junior Men’s Hockey Team on winning Asia Cup
September 13, 2026

The Prime Minister, Shri Narendra Modi, has congratulated the Indian Junior Men’s Hockey Team on winning the Asia Cup with an emphatic 4-1 victory in the final.

The Prime Minister described the achievement as remarkable and said that the feat reflects the immense talent of the young players.

Shri Modi extended his best wishes to the entire team.

The Prime Minister wrote on X;

“Congratulations to our Junior Men’s Hockey Team on winning the Asia Cup with an emphatic 4-1 win in the final. It is indeed a remarkable achievement.

This feat reflects the immense talent of our young players. Best wishes to the entire team!”