শ্রী অটল বিহাৰী বাজপেয়ীক শ্রদ্ধা জনাই প্রধানমন্ত্রীয়ে কয়, তেওঁৰ গভীৰ ইচ্ছাশক্তিৰ বাবেই ঝাৰখণ্ড ৰাজ্য গঢ়ি উঠে
স্বাধীনতাৰ এই অমৃতকালত দেশে সিদ্ধান্ত লৈছে যে, আদিবাসী পৰম্পৰা আৰু তেওঁলোকৰ বীৰত্বৰ কাহিনীবিলাকক আৰু অধিক অর্থৱহ কৰি যথার্থ পৰিচিতি দিয়া হ'ব
এই সংগ্রহালয় বিবিধতাপূর্ণ আদিবাসী সংস্কৃতিৰ জীৱন্ত প্রতিষ্ঠান; য'ত স্বাধীনতা সংগ্ৰামৰ আদিবাসী বীৰ পুৰুষ আৰু মহিলা সংগ্রামীসকলৰ অবদান তুলি ধৰা হৈছে
ভগৱান বিৰছা মুণ্ডা সমাজৰ বাবেই জীয়াই আছিল, তেওঁৰ সংস্কৃতি আৰু দেশৰ বাবে জীৱন উৎসর্গ কৰিছিল; সেয়ে আজিও তেওঁ আমাৰ আস্থাত জীৱিত হৈ আছে, ভগৱান হিচাপে আমাৰ আত্মাত নিহিত হৈ আছে

ভাৰত চৰকাৰে ভগৱান বিৰছা মুণ্ডাৰ জন্মবার্ষিকী জনজাতীয় গৌৰৱ দিৱস হিচাপে উদযাপনৰ কথা ঘোষণা কৰিছে। এই উপলক্ষে প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সৰ মাধ্যমত ৰাঁচিত ভগৱান বিৰছা মুণ্ডা স্মৃতি উদ্যান তথা স্বাধীনতা যোদ্ধা সংগ্রহালয়ৰ উদ্বোধন কৰে। অনুষ্ঠানত ঝাৰখণ্ডৰ ৰাজ্যপাল, মুখ্যমন্ত্রী আৰু একাধিক কেন্দ্রীয় মন্ত্রী উপস্থিত আছিল।

এই উপলক্ষে এখন জনসভাত প্রধানমন্ত্রীয়ে কয়, "স্বাধীনতাৰ এই অমৃতকালত দেশে সিদ্ধান্ত লৈছে যে, আদিবাসী পৰম্পৰা আৰু তেওঁলোকৰ বীৰত্বৰ কাহিনীবিলাকক আৰু অধিক অর্থৱহ কৰি যথার্থ পৰিচিতি দিয়া হ'ব। ইয়াৰ বাবে এক ঐতিহাসিক সিদ্ধান্ত লোৱা হৈছে যে, প্রতি বছৰে আজিৰ দিনটো অর্থাৎ ১৫ নৱেম্বৰ ভগৱান বিৰছা মুণ্ডাৰ জন্মবার্ষিকী ‘জনজাতীয় গৌৰৱ দিৱস’ হিচাপে উদযাপন কৰা হ'ব।" তেওঁ ঐতিহাসিক এই মুহূর্তত দেশবাসীক শুভেচ্ছা জনায়।

শ্রী অটল বিহাৰী বাজপেয়ীক শ্রদ্ধা জনাই প্রধানমন্ত্রীয়ে কয়, "তেওঁৰ গভীৰ ইচ্ছাশক্তিৰ বাবেই ঝাৰখণ্ড ৰাজ্য গঢ়ি উঠে। অটলজীয়েই প্রথম ব্যক্তি, যাৰ আন্তৰিকতাৰ ফলতেই দেশত প্রথমবাৰ চৰকাৰৰ পৃথক এটা আদিবাসী মন্ত্রালয় গঢ়ি তোলা হয়।" একেদৰে, দেশৰ নীতিৰ সৈতে আদিবাসী মানুহৰ স্বার্থ সংলগ্ন কৰা হয় বুলিও শ্রী মোদীয়ে উল্লেখ কৰে।

ভগৱান বিৰছা মুণ্ডা স্মৃতি উদ্যান তথা স্বাধীনতা যোদ্ধা সংগ্রহালয়ৰ বাবে আদিবাসী সমাজ আৰু দেশৰ প্রত্যেক নাগৰিকক অভিনন্দন জনায়। এই সংগ্রহালয় বিবিধতাপূর্ণ আদিবাসী সংস্কৃতিৰ জীৱন্ত প্রতিষ্ঠান, য'ত স্বাধীনতা সংগ্ৰামৰ আদিবাসী বীৰ পুৰুষ আৰু মহিলা সংগ্রামীসকলৰ অবদান তুলি ধৰা হৈছে।

ভগৱান বিৰছা মুণ্ডাৰ পৰিকল্পনা সম্পর্কে প্রধানমন্ত্রীয়ে কয়, "ভগৱান বিৰছাই জানিছিল, আধুনিকতাৰ নামত আদিবাসী পৰম্পৰা, অতীত পৰিচিতি আৰু প্রকৃতিৰ সৈতে বিৰূপ আচৰণে কেতিয়াও সমাজত কল্যাণ কৰিব নোৱাৰে। তেওঁ লগতে আধুনিক শিক্ষাৰ সমর্থক আছিল আৰু সমাজৰ সমস্ত অসমতা আৰু কুপ্রথাৰ বিৰুদ্ধে শক্তিশালী প্ৰশ্ন কৰিছিল।" প্রধানমন্ত্রীয়ে আৰু কয়, "স্বাধীনতা সংগ্রামৰ উদ্দেশ্যই আছিল ভাৰতৰ ক্ষমতাৰ হস্তান্তৰ, যাতে ভাৰতীয়সকলে দেশৰ স্বার্থত সিদ্ধান্ত ল'ব পাৰে। 'ধৰতি আবা'ৰ বাবে তেওঁৰ যুঁজ আছিল ভাৰতৰ আদিবাসী সমাজৰ অস্তিত্ব বিপন্ন হোৱাৰ পৰা ৰক্ষা কৰা। ভগৱান বিৰছা মুণ্ডা সমাজৰ বাবেই জীয়াই আছিল, তেওঁ সংস্কৃতি আৰু দেশৰ বাবে জীৱন উৎসর্গ কৰিছিল। সেয়ে আজিও তেওঁ আমাৰ আস্থাত জীৱিত হৈ আছে, ভগৱান হিচাপে আমাৰ আত্মাত নিহিত হৈ আছে। 'ধৰতি আবা' বৰ বেছি দিন জীৱিত নাছিল।" কিন্তু, তেওঁ কম সময়তেই দেশৰ এক সম্পূর্ণ ইতিহাস ৰচনা কৰিছিল, যি আজিও দেশত প্রজন্মৰ পিছত প্রজন্মক পথ দেখুৱায় বুলি প্রধানমন্ত্রীয়ে অভিমত প্রকাশ কৰে।

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India launches ORV Sagar Manthan, boosting ocean research fleet

Media Coverage

India launches ORV Sagar Manthan, boosting ocean research fleet
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister expresses grief over loss of lives in mishap in Nanded
September 11, 2026
Prime Minister announces ex-gratia from PMNRF

The Prime Minister, Shri Narendra Modi has expressed grief over the loss of lives due to a mishap in Nanded, Maharashtra.

The Prime Minister conveyed his thoughts to the bereaved families in this hour of grief and prayed for the speedy recovery of the injured.

Shri Modi announced that an ex-gratia of Rs. 2 lakh from the Prime Minister’s National Relief Fund (PMNRF) would be given to the next of kin of each deceased. The injured would be given Rs. 50,000.

In a post on X, the Prime Minister’s Office said;

“Saddened by the loss of lives due to a mishap in Nanded, Maharashtra. My thoughts are with the bereaved families in this hour of grief. Praying for the speedy recovery of the injured.

An ex-gratia of Rs. 2 lakh from PMNRF would be given to the next of kin of each deceased. The injured would be given Rs. 50,000: PM @narendramodi”