প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চীনৰ হাংঝৌত অনুষ্ঠিত ‘এছিয়ান পেৰা গে’মছ ২০২২’ত মহিলাৰ ‘৪৮ কিলোগ্ৰাম জে-২ জুডো প্ৰতিযোগিতা’ত ব্ৰঞ্জৰ পদক অৰ্জন কৰাৰ বাবে কোকিলাক অভিনন্দন জ্ঞাপন কৰে।
প্ৰধানমন্ত্ৰীয়ে ‘এক্স’ত কৰা ‘পোষ্ট’-ত কয়:
"জুডোত মহিলাৰ ‘৪৮ কিলোগ্ৰাম জে-২’ত উপযুক্ত ভাবেই ব্ৰঞ্জৰ পদক অৰ্জন কৰা কোকিলাক অভিনন্দন জনাইছোঁ। তেওঁ সকলোৰে বাবে অনুপ্ৰেৰণা। আগন্তুক প্ৰচেষ্টাসমূহৰ বাবে শুভকামনা জনাইছোঁ।"
Congratulations to Kokila for the well-deserved Bronze in Women's 48 kg J2 in Judo. She is an inspiration to all. Best wishes for the endeavours ahead. pic.twitter.com/xT23lOx5in
— Narendra Modi (@narendramodi) October 23, 2023


