India and Cambodia share historic linkages, says the PM
India and Cambodia agree to strengthen ties on economic, social development, capacity building, culture, tourism and trade
India and Cambodia have a shared cultural past, India played a vital role in restoration works of Angkor Vat Temple: PM
India aims to enhance health, connectivity and digital connectivity with Cambodia: PM Modi

মাননীয়,

কম্বোডিয়াৰ প্ৰধানমন্ত্ৰী হান চেন৷

সন্মানীয় প্ৰতিনিধি সভাৰ সদস্যসকল

সন্মানীয় অতিথিবৃন্দ

সংবাদ মাধ্যমৰ বন্ধুসকল

ভদ্ৰপুৰুষ আৰু ভদ্ৰমহিলাসকল

অভিবাদন গ্ৰহণ কৰিব৷

প্ৰধানমন্ত্ৰী হান চেনক পুনৰবাৰ আদৰিবলৈ পাই মই অত্যন্ত সুখী হৈছোঁ৷ এটা দশকৰ বিৰতিৰ পিছত এয়া তেওঁৰ দ্বিতীয়বাৰ ভাৰত ভ্ৰমণ৷

প্ৰধানমন্ত্ৰী  হিচাপে ভাৰতত আপুনি সৰ্বজনবিদিত আৰু ভাৰতবাসী আপোনাৰ সৈতে সদায় আছে৷ মোৰ বিশ্বাস যে আপোনাৰ এই ভ্ৰমণৰ কালচোৱাত আপুনি আমাৰ দেশৰ অৰ্থনৈতিক উন্নয়ন আৰু সামাজিক পৰিৱৰ্তন স্বচক্ষে দেখিব৷

দুদিন পূৰ্বে অনুষ্ঠিত হৈ যোৱা আচিয়ান ইণ্ডিয়াৰ স্মাৰক সন্মিলনত আচিয়ান ইণ্ডিয়াৰ সহযোগিতাৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰা হৈছে৷ দহখন আচিয়ান দেশে লোৱা সিদ্ধান্তসমূহে অনাগত দিনবোৰত ভাৰত তথা আচিয়ান দেশসমূহে সমৃদ্ধিৰ এত নতুন দিগন্তৰ সূচনা কৰিব৷

প্ৰধানমন্ত্ৰী হান চেনে আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি সৌহাদ্যপূৰ্ণ উপস্থিতিৰে আমাক আহ্লাদিত কৰিলে৷ কেৱল এয়াই নহয়, আপুনি গুৰুত্বপূৰ্ণ আলোচনা আৰু সন্মিলনৰ পৰিণাম প্ৰকাশত উল্লেখনীয় অৱদান আগবঢ়াইছে৷

বন্ধুসকল,

ভাৰতৰ প্ৰাচীন ইতিহাস লক্ষ্য কৰিলে দেখা যায় যে দুয়োখন দেশৰ মাজৰ সম্পৰ্ক যোৱা দশকৰ মাজত সুগভীৰ আছিল৷ কম্বোডিয়াৰ ৰাজনৈতিক পৰিৱৰ্তনৰ কালচোৱাতো ভাৰত কম্বোডিয়াৰ সৈতে আছিল৷

সাম্প্ৰতিক সময়ৰ প্ৰয়োজনীয়তালৈ লক্ষ্য দুয়োখন দেশৰ মাজৰ সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ বাবে প্ৰধানমন্ত্ৰী হান চেনে আমাৰ সৈতে সহমত প্ৰকাশ কৰিছে৷

কম্বোডিয়াৰ সৈতে বাণিজ্য, পৰ্যটন, অৰ্থনৈতিক, সামাজিক উন্নয়ন, ক্ষমতা নিৰ্মাণ, সংস্কৃতি আৰু দুয়োখন দেশৰ জনসাধাৰণৰ মাজত যোগাযোগ আদি সকলো দিশতে সৌহাদ্যপূৰ্ণ সম্পৰ্ক স্থাপন কৰাৰ বাবে ভাৰত কেৱল আগ্ৰহীয়েই নহয়, বৰঞ্চ প্ৰতিশ্ৰুতিবদ্ধও৷ আমাৰ মাজত বিভাজিত হৈ থকা ঐতিহ্য আমাৰ সংস্কৃতিৰ এক উল্লেখযোগ্য অংশ৷ দ্বাদশ শতিকাত অংকৰ বাট মন্দিৰৰ পুনৰ নিৰ্মাণৰ কালৰ সহায় এই সহযোগিতাৰ উজ্বল নিদৰ্শন৷

কম্বোডিয়াৰ সাংস্কৃতিক ঐতিহ্য সংৰক্ষণ আৰু বিকাশৰ দিশত সহায়ক হ’ব পাৰিলে ভাৰত সুখী হ’ব৷

দুয়োখন দেশৰে ভাষাৰ বিকাশ পালি আৰু সংস্কৃতৰ পৰা হৈছে৷

এয়া এক আনন্দৰ কথা যে আমাৰ সাংস্কৃতিক আৰু ঐতিহাসিক সম্পৰ্কৰ শিপা সুগভীৰ সেয়ে পাৰস্পৰিক পৰ্যটনৰ সম্প্ৰসাৰণৰ দিশত অধিক সম্ভাৱনীয়তা আছে৷

বন্ধুসকল,

ই এক সুখৰ কথা যে আমাৰ বন্ধু দেশ কম্বোডিয়াৰ অৰ্থনৈতিক প্ৰগতি দ্ৰুততাৰে হৈছে আৰু বিগত দুই দশক ধৰি এই হাৰ বছৰি ৭%কৈ হৈছে৷

ভাৰত বিশ্বৰ ভিতৰতে ক্ষীপ্ৰতাৰে অৰ্থনৈতিক দিশত আগুৱাই থকা দেশ৷

দুয়োখন দেশৰ মাজত মূল্যবোধ আৰু সাংস্কৃতিক লোকাচাৰৰ সামঞ্জস্যতাৰ বাবে দুয়োখন দেশৰ মাজত বাণিজ্য সম্প্ৰসাৰণৰ অধিক সহায়ক হ’ব৷

কম্বোডিয়াৰ অৰ্থনৈতিক উদাৰীকৰণ নীতি তথা আচিয়ান অৰ্থনীতি সন্মীলনীয়ে ভাৰতীয় বিনিয়োগকাৰীসকলক কম্বোডিয়াৰ স্বাস্থ্য, ঔষধ, তথ্য আৰু জনসংযোগ, কৃষি, অটোমোবাইল আৰু অটো পাৰ্টছ, বয়নখণ্ড আদিত বিনিয়োগ কৰাৰ সুবিধা প্ৰদান কৰিব৷

মই এই কথা নিঃসন্দেহে ক’ব পাৰোঁ যে অনাগত বৰ্ষসমূহত আমাৰ দ্বৈত বাণিজ্যিক ব্যৱস্থাই কম্বোডিয়াত ভাৰতৰ বিনিয়োগকাৰীৰ পৰিমাণ বৃদ্ধি কৰিব আৰু ই কম্বোডিয়াক লাভান্বিত কৰিব৷

বন্ধুসকল,

কম্বোডিয়া আৰু ভাৰতৰ সম্পৰ্কৰ মূল বিষয় হ’ল সহযোগিতাৰ সৈতে উন্নয়ন৷

কম্বোডিয়াৰ সামাজিক আৰু অৰ্থনৈতিক উন্নয়নত সহায় সহযোগ আগবঢ়াবলৈ ভাৰত প্ৰতিশ্ৰুতিবদ্ধ আৰু আগলৈও এনেধৰণেই চলি থাকিব৷

কম্বোডিয়া চৰকাৰৰ উপযোগী হোৱাকৈ প্ৰয়োজন সাপেক্ষে প্ৰকল্প অনুসৰি অধিক ঋণৰ বাবে আহ্বান জনাইছোঁ, বিশেষকৈ কম্বোডিয়াৰ স্বাস্থ্য, সংযোগ আৰু ডিজিটেল জনসংযোগৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিয়া হ’ব৷

ভাৰতে প্ৰতিবছৰে কম্বোডিয়াৰ বাবে ৫ টা ত্বৰান্বিত প্ৰভাৱশালী প্ৰকল্পৰ বাবে কাম কৰে৷ আমি এই সংখ্যা বাৰ্ষিক ৫ৰ পৰা ১০টালৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ৷ আমি ৫০০ কোটি টকাৰ প্ৰকল্প বিকাশৰ পুঁজিত নিৰ্ধাৰণ কৰিছোঁ৷

এই পুঁজি উদ্যোগ সম্প্ৰসাৰণ আৰু বাণিজ্যৰ লগতে উৎপাদিত সামগ্ৰী শৃংখলাক প্ৰভাৱশালী কৰাত ব্যয় কৰা হ’ব৷

কম্বোডিয়াত আমি উৎকৃষ্ট তথ্য আৰু জনসংযোগ কেন্দ্ৰৰ লগতে জনসংযোগৰ সৈতে জড়িত সেৱাৰ ব্যৱস্থা কৰিম৷

বিগত প্ৰায় পাঁচ দশক ধৰি ভাৰত এক সক্ৰিয় সদস্যৰূপে ভাৰতীয় প্ৰযুক্তি আৰু অৰ্থনৈতিক সহযোগিতা অনুষ্ঠানত কম্বোডিয়াৰ সহযোগী হৈ আছে৷

১৪০০ত কৈও অধিক কম্বোডিয়ান নাগৰিকে এই অনুষ্ঠানৰ জৰিয়তে ক্ষমতা বিকাশৰ প্ৰশিক্ষণ লাভ কৰিছে৷

আমি এই অনুষ্ঠান/পাঠ্যক্ৰম ভৱিষ্যতলৈ অব্যাহত ৰাখিম আৰু পৰৱৰ্তী সময়ত কম্বোডিয়াত নিয়োগৰ ব্যৱস্থাও কৰা হ’ব৷

বন্ধুসকল,

আমাৰ দুয়োখন দেশৰ মাজত থকা গভীৰ সহযোগিতাৰে আমি আন্তঃৰাষ্ট্ৰীয় মঞ্চৰ লগতে পাৰস্পৰিক সম্পৰ্কৰে আন বহুতো স্থানীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত একেলগে অৱস্থান গ্ৰহণ কৰিছোঁ৷

ভাৰত আৰু কম্বোডিয়াৰ মাজত থকা বুজাপৰাৰ লগতে এখন দেশে আনখনক সহযোগ কৰাৰ এই প্ৰক্ৰিয়া অব্যাহত থাকিব৷

সামৰণিত আমাৰ দেশৰ এজন অভিন্ন বন্ধু তথা সন্মানীয় অতিথি হিচাপে ভাৰত ভ্ৰমণলৈ অহা প্ৰধানমন্ত্ৰী হান চেনক ধন্যবাদ জ্ঞাপন কৰিছোঁ৷

লগতে মই এই কথাও ক’ব বিচাৰো যে অদূৰ ভৱিষ্যতলৈও ভাৰত আৰু কম্বোডিয়াৰ সম্পৰ্ক এতিয়াতকৈও অধিক সহযোগিতাৰে সুদৃঢ় কৰি তুলিব আৰু দুয়োখন দেশৰ জনসাধাৰণৰ সম্পৰ্কও দৃঢ় কৰিব৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s jewellery exports rise 2.4% to $9.17 billion; studded gold emerges as bright spot

Media Coverage

India’s jewellery exports rise 2.4% to $9.17 billion; studded gold emerges as bright spot
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
বিভাজনৰ বিভীষিকাময় স্মৃতি দিৱসত বিভাজনে প্ৰভাৱিত কৰা লোকসকলৰ সাহসক স্মৰণ প্ৰধানমন্ত্ৰীৰ
August 14, 2026
কঠোৰ পৰিশ্ৰম আৰু মানৱীয় প্ৰচেষ্টাৰ শক্তিৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীৰ সংস্কৃত সুভাশিতম শ্বেয়াৰ

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কয় যে আমি বিভাজন বিভীষিকাময় স্মৃতি দিৱস উদযাপন কৰাৰ সময়ত এই বিভাজনৰ দ্বাৰা প্ৰভাৱিতসকলৰ সাহসক স্মৰণ কৰিছো। তেওঁ কয় যে এয়া ইতিহাসৰ এনে এটা মুহূৰ্ত, য’ত বহুতো জীৱন ছিন্ন-ভিন্ন হৈ পৰিছিল, য’ত পৰিয়ালসমূহ উৎখাত হৈছিল, বহুতে প্ৰিয়জনক হেৰুৱাইছিল আৰু অপৰিসীম কষ্ট সহ্য কৰিছিল।

প্ৰধানমন্ত্ৰীয়ে কয় যে একে সময়তে এই বিভীষিকাময় সময় অতিক্ৰম কৰি জনসাধাৰণে শূন্যৰ পৰা পুনৰ তেওঁলোকৰ জীৱন আৰম্ভ কৰিছিল, প্ৰতিকূল অৱস্থাক সাফল্যলৈ ৰূপান্তৰিত কৰিছিল আৰু ৰাষ্ট্ৰৰ প্ৰগতিৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগাইছিল। তেওঁ কয় যে তেওঁলোকৰ জীৱন যাত্ৰাই আমাক অপৰিসীম মানসিক শক্তিৰ কথা সোঁৱৰাই দিয়ে। শ্ৰী মোদীয়ে আশা প্ৰকাশ কৰে যে এই দিনটোৱে ৰাষ্ট্ৰত সম্প্ৰীতি আৰু ভাতৃত্ববোধ বৰ্তাই ৰখাৰ বাবে আমাৰ সংকল্পক গভীৰ কৰাৰ লগতে এখন বিকশিত ভাৰত গঢ়ি তোলাৰ দিশত সামূহিকভাৱে কাম কৰিব পাৰে।

সেই দুৰ্বিসহ সময়ৰ পৰা ওলাই আহি দেশৰ প্ৰগতিৰ বাবে অমূল্য অৱদান আগবঢ়োৱা সকলো দেশবাসীলৈ প্ৰধানমন্ত্ৰীয়ে আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁ কয় যে নিজৰ সাহস আৰু সামৰ্থ্যৰ জৰিয়তে তেওঁলোকে দেখুৱাইছে যে প্ৰতিকূল পৰিস্থিতিতো কেনেদৰে সংকল্প সম্পূৰ্ণ কৰা হয়। শ্ৰী মোদীয়ে সদিচ্ছা আৰু সংহতিৰ ৰাষ্ট্ৰীয় মনোভাৱ অধিক শক্তিশালী কৰিবলৈ সকলোৰে প্ৰতি আহ্বান জনায়।

এটা সুভাশিতম শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে কঠোৰ পৰিশ্ৰম, উদ্যম আৰু সমৰ্পিত প্ৰচেষ্টাৰ জৰিয়তে বিভিন্ন কলা, বিজ্ঞান, প্ৰযুক্তিগত দক্ষতা, কাৰুশিল্প আৰু উদ্ভাৱন বিকশিত হয়, যাৰ ফলত সফলতাৰ পথ প্ৰশস্ত হয়। তেওঁ লগতে কয় যে সেয়েহে সকলোৱে ভাগ্যৰ ওপৰত নিৰ্ভৰশীল হৈ নাথাকি সাহস, অধ্যৱসায় আৰু নিৰন্তৰ প্ৰচেষ্টাৰে নিজৰ লক্ষ্যৰ দিশত স্থিৰভাৱে আগবাঢ়িব লাগে, কিয়নো মানৱীয় প্ৰচেষ্টাই ভাগ্য গঢ় দিয়ে।

এক্সৰ এলানি পোষ্টত প্ৰধানমন্ত্ৰীয়ে লিখিছেঃ

‘আজি আমি #PartitionHorrorsRemembranceDay সোঁৱৰণ কৰিছো। বিভাজনৰ ফলত প্ৰভাৱিত সকলোৰে সাহসক আমি স্মৰণ কৰিছো। এইটো ইতিহাসৰ এনে এটা মুহূৰ্ত আছিল, য’ত বিভিন্ন জীৱন ছিন্ন-ভিন্ন হৈ পৰিছিল, পৰিয়ালবোৰ উৎখাত হৈছিল, বহু লোকে প্ৰিয়জনক হেৰুৱাইছিল আৰু অপৰিসীম কষ্ট সহ্য কৰিছিল।

একে সময়তে এইসমূহ অতিক্ৰম কৰি মানুহে তেওঁলোকৰ জীৱন শূন্যৰ পৰা পুনৰ আৰম্ভ কৰিছিল, প্রতিকূলতাক সাফল্যলৈ ৰূপান্তৰিত কৰিছিল আৰু ৰাষ্ট্ৰৰ প্ৰগতিৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগাইছিল। তেওঁলোকৰ জীৱন যাত্ৰাই আমাক অপৰিসীম মানসিক শক্তিৰ কথা সোঁৱৰাই দিয়ে।

এই দিনটোৱে ৰাষ্ট্ৰত সম্প্ৰীতি আৰু ভাতৃত্ববোধ বৰ্তাই ৰখাৰ বাবে আমাৰ সংকল্প গভীৰ কৰাৰ লগতে এখন বিকশিত ভাৰত গঢ়ি তোলাৰ দিশত সামূহিকভাৱে কাম কৰাত সহায় কৰক।’

‘বিভাজন বিভীষিকাময় স্মৃতি দিৱসত সেই ভয়ংকৰ সময়ৰ পৰা ওলাই অহাৰ পিছত দেশৰ প্ৰগতিৰ ক্ষেত্ৰত অমূল্য অৱদান আগবঢ়োৱা সকলো দেশবাসীলৈ আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। তেওঁলোকে নিজৰ সাহস আৰু শক্তিৰে দেখুৱাইছিল যে কেনেকৈ প্ৰতিকূল পৰিস্থিতিতো সংকল্পবোৰ ৰূপায়ণ কৰিব পৰা যায়। আহক, আমি সদিচ্ছা আৰু সংহতিৰ ৰাষ্ট্ৰীয় মনোভাৱ অধিক শক্তিশালী কৰো।

उद्यमस्य प्रसादेन दृश्यन्ते विविधाः कलाः।
कातरा एव जल्पन्ति यद् भाव्यं तद् भविष्यति॥’

কঠোৰ পৰিশ্ৰম, উদ্যম আৰু সমৰ্পিত প্ৰচেষ্টাৰ জৰিয়তে বিভিন্ন কলা, বিজ্ঞান, প্ৰযুক্তিগত দক্ষতা, কাৰুশিল্প আৰু উদ্ভাৱন বিকশিত হয়, যাৰ ফলত সফলতাৰ পথ প্ৰশস্ত হয়। সেয়েহে সকলোৱে ভাগ্যৰ ওপৰত নিৰ্ভৰশীল হৈ নাথাকি সাহস, অধ্যৱসায় আৰু নিৰন্তৰ প্ৰচেষ্টাৰে নিজৰ লক্ষ্যৰ দিশত স্থিৰভাৱে আগবাঢ়িব লাগে, কিয়নো মানৱীয় প্ৰচেষ্টাই ভাগ্য গঢ় দিয়ে।