নেতাদ্বয়ে অব্যাহত ঘনিষ্ঠ যোগাযোগৰ প্ৰয়োজনীয়তা সম্পৰ্কে আলোকপাত কৰে
ইউক্ৰেইনত অব্যাহত সংঘাতক লৈ প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ জন-কেন্দ্ৰিক দৃষ্টিভংগী সম্পৰ্কে আলোকপাত কৰে আৰু ভাৰতৰ আলোচনা তথা কূটনীতিৰ আহ্বানৰ কথা পুনৰবাৰ উল্লেখ কৰে

ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি মহামহিম ভলোদিমিৰ জেলেনস্কিয়ে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক শেহতীয়াকৈ অনুষ্ঠিত হোৱা সাধাৰণ নিৰ্বাচনত সফলতা লাভৰ বাবে ফোন কৰি অভিনন্দন জনায়।

তেওঁক ধন্যবাদ জনাই প্ৰধানমন্ত্ৰীয়ে ইউক্ৰেইনৰ সৈতে অংশীদাৰিত্ব অধিক সুদৃঢ়কৰণৰ বাবে ভাৰতৰ অংগীকাৰ পুনৰ দৃঢ় কৰে।

দুয়োগৰাকী নেতাই দুয়োখন দেশৰ জনসাধাৰণৰ সুবিধাৰ্থে নিৰন্তৰ ঘনিষ্ঠ সংযোগ আৰু নতুন ক্ষেত্ৰত পাৰস্পৰিকভাৱে লাভজনক সহযোগিতা বৰ্ধনৰ প্ৰয়োজনীয়তাত আলোকপাত কৰে।

ইউক্ৰেইনত অব্যাহত সংঘাত সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ জন-কেন্দ্ৰিক দৃষ্টিভংগীৰ ওপৰত আলোকপাতেৰে আলোচনা আৰু কূটনীতিৰ জৰিয়তে সংঘাতৰ আগতীয়া, শান্তিপূৰ্ণ আৰু স্থায়ী সমাধানৰ প্ৰচেষ্টাৰ প্ৰতি ভাৰতৰ সমৰ্থনৰ কথা পুনৰবাৰ উল্লেখ কৰে।

দুয়োগৰাকী নেতাই যোগাযোগ অব্যাহত ৰাখিবলৈ আগ্ৰহ প্ৰকাশ কৰে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Budget 2026-27 lays blueprint for a future-ready digital ecosystem

Media Coverage

Budget 2026-27 lays blueprint for a future-ready digital ecosystem
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Chief Minister of Haryana meets Prime Minister
February 02, 2026

Chief Minister of Haryana, Shri Nayab Saini met the Prime Minister, Shri Narendra Modi, at New Delhi, today.

The Prime Minister posted on X:

"Chief Minister of Haryana, Shri @NayabSainiBJP met Prime Minister @narendramodi."

@cmohry