প্রিয় বন্ধুসকল,

কালাশনিকভ এছল্ট ৰাইফল উৎপাদনৰ বাবে ৰাছিয়া-ভাৰত উদ্যোগৰ শুভাৰম্ভণি অনুষ্ঠানলৈ মই আপোনালোকক আদৰণি জনাইছো।

ৰাছিয়া আৰু ভাৰতৰ মাজত বিশেষ তথা সুবিধাসম্পন্ন কৌশলগত সহযোগিতাৰ গুৰুত্বপূর্ণ ক্ষেত্ৰসমূহত সামৰিক আৰু প্ৰযুক্তিগত সহযোগিতাৰ এক ঐতিহ্য আছে। ৭ দশকৰো অধিক সময় ধৰি আমি ভাৰতক বিশ্বাসযোগ্য আৰু উচ্চ গুণসম্পন্ন অস্ত্ৰশস্ত্ৰ তথা সা-সৰঞ্জাম যোগান ধৰি আহিছো। আমাৰ দেশৰ সহায়ত ভাৰতত ১৭০তকৈও অধিক সামৰিক আৰু উদ্যোগ সংস্থা গঢ় লৈ উঠিছে।

ৰাছিয়া-ভাৰতে এই নতুন যৌথ উদ্যোগৰ জৰিয়তে অত্যাধূনিক ২০০ ছিৰিজৰ বিশ্ববিখ্যাত কালাশনিকভ এছল্ট ৰাইফল নিৰ্মাণ কৰিব৷ থলুৱা প্ৰযুক্তিভিত্তিত ইয়াৰ উৎপাদন হ’বলৈ গৈ আছে। এই উদ্যোগৰ জৰিয়তে ভাৰতৰ প্ৰতিৰক্ষা উদ্যোগ খণ্ডত ৰাষ্ট্ৰীয় নিৰাপত্তা সংস্থাসমূহৰ চাহিদা পূৰণ কৰাটো সম্ভৱ হৈ পৰিব৷ একেদৰে, ৰাছিয়াৰ আধুনিক প্ৰযুক্তিৰ ওপৰত নির্ভৰ কৰি সৰু জোখৰ অস্ত্ৰ-শস্ত্ৰও নিৰ্মাণ কৰা হ’ব৷

মই আপোনালোকক দোঁহাৰিব বিচাৰিছো যে যোৱা অক্টোবৰত মোৰ চৰকাৰী ভাৰত ভ্ৰমনৰ সময়ত মই আৰু মোৰ বন্ধু শ্রী মোদীয়ে দেশত কালাশনিকভ উৎপাদনৰ ক্ষেত্ৰত সহমত পোষণ কৰিছিলো৷ অতি কম সময়ৰ ভিতৰতে সংশ্লিষ্ট ক্ষেত্ৰত আন্তঃচৰকাৰী চুক্তিসমূহৰ ৰূপৰেখা প্ৰস্তুত কৰাৰ লগতে স্বাক্ষৰৰ কাম সম্পন্ন হয়। এই ক্ষেত্ৰত মই ৰাছিয়া আৰু ভাৰতৰ বিশেষজ্ঞসকলৰ ভূমিকাক কৃতজ্ঞতা জনাইছো৷ একেদৰে, এই যৌথ উদ্যোগটো ক্ষীপ্ৰতাৰে বাস্তৱ ৰূপ দিয়াত যিসকলে অৱদান আগবঢ়ালে, তেওঁলোককো কৃতজ্ঞতা জনাইছো৷

মই নিশ্চিত যে এই নতুন উদ্যোগটোৱে ভাৰতৰ প্ৰতিৰক্ষা ক্ষেত্রৰ প্ৰভূত সম্ভাৱনাক আৰু অধিক শক্তিশালী কৰিব, ৰাষ্ট্ৰীয় অর্থনীতিত বিজ্ঞান আৰু উদ্যোগভিত্তিক বিকাশক ত্বৰান্বিত কৰিব, সুদক্ষ কর্মীবাহিনীৰ বাবে নতুন কর্মসংস্থাপন সৃষ্টি কৰাত গুৰুত্বপূর্ণ ভূমিকা পালন কৰাৰ লগতে বৃত্তিমূলক শিক্ষা তথা কর্মচাৰীৰ প্ৰশিক্ষণৰ কাম-কাজো ক্ষীপ্ৰতৰ হ’ব। এই উদ্যোগে আমাৰ দুয়োখন দেশৰ মাজত বন্ধুত্বপূৰ্ণ আৰু গঠনমূলক সহযোগিতাৰ আন এক নিদর্শন হৈ উঠিব।

মই আপোনালোকৰ সফলতা কামনা কৰাৰ লগতে শুভেচ্ছা জনালো।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Second consignment of 37.5 tonnes HADR aid reaches flood-hit Nepal; India sends 47.5 tonnes of relief material in total

Media Coverage

Second consignment of 37.5 tonnes HADR aid reaches flood-hit Nepal; India sends 47.5 tonnes of relief material in total
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 28 আগষ্ট 2026
August 28, 2026

India’s Growth Story, Grounded: Inclusion, Exports, and Infrastructure Under One Vision of PM Modi