জলসম্পদ ব্যৱস্থাপনা আৰু সংৰক্ষণৰ ক্ষেত্ৰখনকে ধৰি সম্প্ৰদায়সমূহৰ বাবে ভাৰতৰ পৰিৱৰ্তনশীল পদক্ষেপসমূহৰ প্ৰশংসা কৰে চিছাবা ক’ৰ’ছিয়ে
বিশ্বৰ প্ৰতিষ্ঠানসমূহৰ সংস্কাৰৰ প্ৰচেষ্টাত ভাৰতক আগৰণুৱা হোৱাৰ গুৰুত্বৰ বিষয়ে উল্লেখ শ্ৰী চিছাবা ক’ৰ’ছিৰ
প্ৰধানমন্ত্ৰীয়ে বিশ্বজনীন সমস্যাৰ সমাধান বিচাৰিবলৈ বিজ্ঞান আৰু প্ৰযুক্তিৰ ওপৰত ভিত্তি কৰি গ্ৰহণ কৰা পিজিএৰ পদ্ধতিৰ শলাগ লয়
প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদকে ধৰি বহুপক্ষীয় ব্যৱস্থাটোৰ সংস্কাৰৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে যাতে সমসাময়িক ভূ-ৰাজনৈতিক বাস্তৱতাক সঁচা অৰ্থত প্ৰতিফলিত কৰিব পৰা যায়

ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ ৭৭ সংখ্যক অধিৱেশনৰ সভাপতি এইচ.ই. আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰে মিষ্টাৰ চিছাবা কোৰোছিয়ে।

বৈঠকৰ সময়ত মিষ্টাৰ চিছাবা কোৰোচিয়ে জলসম্পদ ব্যৱস্থাপনা আৰু সংৰক্ষণকে ধৰি সম্প্ৰদায়সমূহৰ বাবে ভাৰতৰ পৰিৱৰ্তনশীল পদক্ষেপসমূহৰ প্ৰশংসা কৰে। সংস্কাৰিত বহুপক্ষীয়তাবাদৰ দিশত ভাৰতৰ প্ৰচেষ্টাক স্বীকাৰ কৰি শ্ৰী চিছাবা ক’ৰ’ছিয়ে বিশ্বৰ প্ৰতিষ্ঠানসমূহৰ সংস্কাৰৰ প্ৰচেষ্টাত ভাৰতক আগৰণুৱা হোৱাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে।

প্ৰধানমন্ত্ৰীয়ে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত ভাৰতক প্ৰথমবাৰৰ বাবে দ্বিপাক্ষিক ভ্ৰমণ হিচাপে গঢ়ি তোলাৰ বাবে শ্ৰী চিছাবা ক’ৰোছি ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ বিশ্বজনীন সমস্যাৰ সমাধান বিচাৰিবলৈ বিজ্ঞান আৰু প্ৰযুক্তিৰ ওপৰত ভিত্তি কৰি মিষ্টাৰ চিছাবা ক’ৰ’ছিৰ পদ্ধতিৰ শলাগ লয়। তেওঁ ৰাষ্ট্ৰসংঘৰ ২০২৩ চনৰ জল সন্মিলনকে ধৰি ৭৭ সংখ্যক ইউএনজিএৰ সময়ত তেওঁৰ ৰাষ্ট্ৰপতিত্বৰ পদক্ষেপক ভাৰতে সমগ্ৰ সমৰ্থন আগবঢ়োৱাৰ আশ্বাস দিয়ে।

প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদকে ধৰি বহুপক্ষীয় ব্যৱস্থাৰ সংস্কাৰৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে যাতে সমসাময়িক ভূ-ৰাজনৈতিক বাস্তৱতাক সঁচা অৰ্থত প্ৰতিফলিত হয়।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Boost to small exporters, MSMEs as govt removes Rs 10-lakh cap on courier trade

Media Coverage

Boost to small exporters, MSMEs as govt removes Rs 10-lakh cap on courier trade
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 3 এপ্ৰিল 2026
April 03, 2026

India’s Sweet, Fast & High-Tech Revolution: FY26 Milestones That Signal Viksit Bharat Has Arrived