শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি মহামহিম শ্ৰীযুত ৰানিল বিক্ৰমসিংঘেই প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ফোনযোগে বাৰ্তালাপ কৰে আৰু তেওঁক ঐতিহাসিক নিৰ্বাচনী বিজয়ৰ বাবে অভিনন্দন জনায়।
প্ৰধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰপতি বিক্ৰমসিংঘেক তেওঁৰ শুভেচ্ছাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। তেওঁ ভাৰতৰ সৰ্বপ্ৰথম চুবুৰীয়া নীতি আৰু সাগৰ ভিজনৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত আৰু শ্ৰীলংকাৰ মাজত শক্তিশালী সম্পৰ্ক গঢ়ি তোলাৰ বাবে ভাৰতৰ অবিৰত দায়বদ্ধতাৰ কথা প্ৰকাশ কৰে।
দুয়োগৰাকী নেতাই ২০২৩ চনৰ জুলাই মাহত ৰাষ্ট্ৰপতি বিক্ৰমসিংঘেৰ নতুন দিল্লী ভ্ৰমণৰ সময়ত প্ৰকাশ কৰা ভিজন ডকুমেণ্ট কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত হোৱা উল্লেখযোগ্য অগ্ৰগতিৰ কথাও উল্লেখ কৰে। বিশেষকৈ, দুয়োগৰাকী নেতাই পাৰস্পৰিক বিকাশ, প্ৰগতি আৰু সমৃদ্ধিত সংশোধন আনিবলৈ সৰ্বাংগীন কানেক্টিভিটি বৃদ্ধিৰ ক্ষেত্ৰত অগ্ৰগতি ত্বৰান্বিত কৰাৰ প্ৰতিশ্ৰুতি পুনৰবাৰ প্ৰকাশ কৰে।
Thank you for your call and warm wishes, President @RW_UNP. Sri Lanka is an important partner in our Neighbourhood First policy. India is proud to be a dependable partner for Sri Lanka. I look forward to realising our joint vision of enhancing connectivity in all its dimensions.
— Narendra Modi (@narendramodi) June 5, 2024


