প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সযোগে আৰ্ট অৱ লিভিং ফাউণ্ডেশ্যনে আয়োজন কৰা ‘কেম্পেইন ফৰ ড্ৰাগছ ফ্ৰী ইণ্ডিয়া’ শীৰ্ষক অনুষ্ঠানত ভিডিঅ’ বাৰ্তা প্ৰেৰণেৰে ভাষণ প্ৰদান কৰে। প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভিডিঅ’ বাৰ্তাটো আজি গুৰু জাম্বেশ্বৰ বিশ্ববিদ্যালয়ত আয়োজিত এক অনুষ্ঠানত বজোৱা হয়।

তেওঁৰ ভাষণত প্ৰধানমন্ত্ৰীয়ে শ্ৰী শ্ৰী ৰবিশংকৰ আৰু দ্য আৰ্ট অৱ লিভিং ফাউণ্ডেশ্যনে দেশৰ পৰা ড্ৰাগছৰ আসক্তি হ্ৰাস কৰাৰ বাবে কৰি অহা অবিৰত প্ৰয়াসৰো শলাগ লয় আৰু প্ৰসংশা কৰে।

নিচাজাতীয় সামগ্ৰী বা ঔষধক সমাজৰ এক বৃহৎ ব্যাধি বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি, সমগ্ৰ বিশ্বত সম্প্ৰতি ৩ কোটিতকৈও অধিক লোক ড্ৰাগছ আসক্ত।

প্ৰধানমন্ত্ৰীয়ে কয় যে ক্ৰমাৎ বহু যুৱক-যুৱতী এই ড্ৰাগছৰ প্ৰতি ব্যাপকভাৱে আসক্ত হোৱা পৰিলক্ষিত হৈছে, যিটো নিসন্দেহে অতি উদ্বেগজনক। তেওঁ কয়, “নিচাজাতীয় ঔষধ সেৱন কৰিলেই স্মাৰ্ট নহয় বা ‘কুল’ নেদেখুৱাই। ড্ৰাগছ সেৱন ষ্টাইলৰ প্ৰতিফলন বুলি ভবাটো এক ডাঙৰ ভুল।”

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ড্ৰাগছৰ প্ৰতি আসক্তিয়ে শৰীৰৰ বিভিন্ন সমস্যাৰ সৃষ্টি কৰাৰ লগতে পৰিয়ালতো কন্দল সৃষ্টি কৰিব পাৰে, ইফালে ড্ৰাগছৰ অবৈধ বেহা সমগ্ৰ দেশৰ সুৰক্ষা আৰু নিৰাপত্তাৰ ক্ষেত্ৰতেই এক বৃহৎ প্ৰত্যাহ্বান। তেওঁ লগতে কয় যে এই ড্ৰাগছৰ বেহা হৈছে দেশবিৰোধী শক্তি আৰু সন্ত্ৰাসবাদীসকলৰ ধন উপাৰ্জনৰ প্ৰধান কাৰকসমূহৰ ভিতৰত অন্যতম। আৰু এনে উপায়ে আহৰণ কৰা ধনসমূহ সদায়েই দেশৰ অহিত সাধনৰ বাবেই ব্যৱহাৰ কৰা হয়।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ যুৱ প্ৰজন্মক আহ্বান জনায় যে এক স্বাস্থসন্মত জীৱন, এক সুখী পৰিয়াল আৰু এটা সুন্দৰ ভৱিষ্যতৰ লগতে দেশৰ সুৰক্ষা আৰু নিৰাপত্তাৰ বাবে ‘ড্ৰাগছক জীৱনৰ পৰা আঁতৰ কৰক’। তেওঁ কয় যে আত্মবিশ্বাস থকা কোনো লোকেই ড্ৰাগছৰ প্ৰতি আকৰ্ষিত নহয়। তেওঁ লগতে যুৱ প্ৰজন্মক এনে ড্ৰাগছ আসক্ত লোকসকলক এই আসক্তিৰ পৰা মুক্তি প্ৰদানৰ ক্ষেত্ৰত সহায় কৰাৰো আহ্বান জনায়। কেৱল বাৰ্তালাপ, পৰামৰ্শদান, মৰম আৰু সহায়-সহযোগিতাৰেহে আমি তেনে ড্ৰাগছ আসক্ত লোকসকলক পুনঃসংস্থাপনৰ পথলৈ ওভতাই আনিব পাৰিম।

নিচাজাতীয় সামগ্ৰী বা ড্ৰাগছৰ প্ৰতি আসক্তি নাইকিয়া কৰিবৰ বাবে কেন্দ্ৰ চৰকাৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বিষয়ে উল্লখ কৰে প্ৰধানমন্ত্ৰীয়ে। এই সন্দৰ্ভত মন্তব্য কৰি প্ৰধানমন্ত্ৰীয়ে ২০১৮ চনত প্ৰযোজ্য হোৱা নিচাজাতীয় ঔষধৰ চাহিদা হ্ৰাস কৰিবৰ বাবে প্ৰস্তুত কৰা ৰাষ্ট্ৰীয় কাৰ্য প্ৰণালীৰ বিষয়েও উল্লেখ কৰে, উল্লেখ্য যে এই কাৰ্যপ্ৰণালীৰ যোগেদি সজাগতা সৃষ্টি, সামৰ্থ্য উত্তৰণ, পুনঃসংস্থাপন আৰু বিভিন্ন এলেকাত নিৰ্ধাৰিত ব্যৱস্থা গ্ৰহণেৰে নিচাজাতীয় ঔষধৰ প্ৰতি আসক্তি হ্ৰাস কৰাৰ পদক্ষেপ হাতত লোৱা হৈছে, আনকি ২০২৩ চনৰ ভিতৰত দেশত এনে ঔষধৰ চাহিদা ব্যাপক ৰূপত হ্ৰাস কৰাৰো লক্ষ্য গ্ৰহণ কৰা হৈছে।

সমগ্ৰ দেশৰ বিভিন্ন মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে প্ৰধানমন্ত্ৰী মোদীয়ে ভিডিঅ’ কনফাৰেন্সযোগে প্ৰদান কৰা এই ভাষণ শুনে, প্ৰত্যক্ষ কৰে।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
'There could be no Netflix globally without India': Ted Sarandos on growth, cricket and AI

Media Coverage

'There could be no Netflix globally without India': Ted Sarandos on growth, cricket and AI
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister Narendra Modi shares Sanskrit Subhashitam recognizing Earth as the nurturing mother of all life
August 06, 2026

The Prime Minister, Shri Narendra Modi today shared Sanskrit Subhashitam emphasising that humanity may live in harmony with the Earth, as earth is the nurturing mother of all life and the moral order that sustains her should be respected.

The Prime Minister shared a Sanskrit verse-

विश्वस्वं मातरमोषधीनां ध्रुवां भूमिं पृथिवीं धर्मणा धृताम्।

शिवां स्योनामनु चरेम विश्वहा॥

The Prime Minister posted on X:

विश्वस्वं मातरमोषधीनां ध्रुवां भूमिं पृथिवीं धर्मणा धृताम्।

शिवां स्योनामनु चरेम विश्वहा॥