Credit for pro-incumbency must go to the team of officials:PM
Mandate reflects the will and aspirations of the people to change the status quo, and seek a better life for themselves.:PM
All Ministries must focus on steps to improve "Ease of Living": PM

 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি লোককল্যাণ মাৰ্গত ভাৰত চৰকাৰৰ সকলো সচিবৰ সৈতে মত-বিনিময়ত ভাগ লয়৷

কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ৰাজনাথ সিং, শ্ৰী অমিত শ্বাহ, শ্ৰীমতী নিৰ্মলা সীতাৰমণ আৰু ড০ জিতেন্দ্ৰ সিঙো অনুষ্ঠানত উপস্থিত আছিল৷

মতবিনিময় অনুষ্ঠানৰ আঁত ধৰি কেবিনেট সচিব শ্ৰী পি.কে সিনহাই স্মৰণ কৰে কিদৰে প্ৰধানমন্ত্ৰীয়ে বিগত কাৰ্যকালত অধ্যক্ষ, উপ-সচিব পৰ্যায়লৈ সকলো বিষয়াৰ সৈতে পোনপটীয়াকৈ মতবিনিময়ত ভাগ লৈছিল৷

মতবিনিময়ৰ সময়ত বিভিন্ন সচিবে প্ৰশাসনিক সিদ্ধান্ত গ্ৰহণ, কৃষি, গ্ৰাম্য উন্নয়ন আৰু পঞ্চায়তী ৰাজ, তথ্য-প্ৰযুক্তিগত পদক্ষেপ, শিক্ষাৰ সংস্কাৰ, স্বাস্থ্যসেৱা, ঔদ্যোগিক নীতি, অৰ্থনৈতিক বিকাশ, দক্ষতা বিকাশ আদিৰ দৰে বিষয়ত নিজৰ দৃষ্টি আৰু ধাৰণাসমূহ সকলোৰে আগত উপস্থাপন কৰে৷

২০১৪ৰ জুনত সচিবসকলৰ সৈতে এইদৰে মতবিনিময় কৰাৰ কথা সোঁৱৰণ কৰি প্ৰধানমন্ত্ৰীয়ে অনুষ্ঠানত কয় যে সদ্যসমাপ্ত লোকসভা নিৰ্বাচনত দেশৰ জনতাৰ মাজত কোনো প্ৰতিষ্ঠান-বিৰোধী ঢৌ নাছিল আৰু ইয়াৰ বাবে সকলো বিষয়ববীয়া কৃতিত্বৰ অধিকাৰী৷ যোৱা পাঁচ বছৰত তেওঁলোকে কঠোৰ পৰিশ্ৰমেৰে চৰকাৰৰ আঁচনি আৰু পদক্ষেপসমূহ সঠিক ৰূপত জনতাৰ মাজলৈ লৈ গৈছে৷ তেওঁ পুনৰ কয় যে এইবাৰৰ নিৰ্বাচনৰ উল্লেখনীয় দিশ আছিল ইতিবাচক ভোট, যি আছিল সাধাৰণ লোকৰ আস্থাৰ ওপৰত প্ৰতিষ্ঠিত৷

প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতীয় ভোটাৰে পৰৱৰ্তী ৫ বছৰৰ বাবে এক লক্ষ্য নিৰ্ধাৰিত কৰিছে, আৰু  এতিয়া আমাৰ সন্মুখত এয়া এক সুযোগ৷ জনসাধাৰণৰ বৃহৎ প্ৰত্যাশাক প্ৰত্যাহ্বান হিচাপে গণ্য নকৰি এক সুযোগ হিচাপে গণ্য কৰা উচিত৷ জনাদেশে এয়া প্ৰতিফলিত কৰিছে যে মানুহে বৰ্তমানৰ স্থিতি সলনি হোৱাতো বিচাৰে আৰু নিজৰ জীৱন-ধাৰণৰ মান উন্নত কৰিব বিচাৰে৷

জনসংখ্যাৰ বিভাজন সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয় যে জনসংখ্যাক দক্ষতাৰে ব্যৱহাৰ কৰাতো অতি প্ৰয়োজনীয় বিষয়৷ ভাৰতক এখন ৫ ট্ৰিলিয়ন ডলাৰৰ অৰ্থনীতিৰ দেশ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিটো বিভাগ আৰু ৰাজ্যৰ প্ৰতিখন জিলাৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে৷ দেশৰ প্ৰগতিৰ বাবে ‘মেক ইন ইণ্ডিয়া’ আঁচনিৰ প্ৰয়োজনীয়তা সন্দৰ্ভতো প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে ‘ব্যৱসায়িক সূচলতা’ত ভাৰতৰ অগ্ৰগতি দেশৰ ক্ষুদ্ৰ ব্যৱসায় আৰু উদ্যোগ ক্ষেত্ৰত প্ৰতিফলিত হোৱা উচিত৷ চৰকাৰৰ প্ৰতিটো মন্ত্ৰালয়ে জীৱন-ধাৰণৰ মান সৰল আৰু উন্নত কৰাত গুৰুত্ব দিব লাগে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে জল, মীনপালন আৰু পশুপালনো চৰকাৰৰ গুৰুত্বপূৰ্ণ বিষয় হ’ব৷

তেওঁ কয় যে দেশক আগুৱাই নিবলৈ সচিবসকলৰ পৰ্যাপ্ত লক্ষ্য, সংকল্প আৰু উদ্যম আছে৷ সচিবসকলক লৈ তেওঁ গৌৰৱান্বিত বুলিও প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে৷ প্ৰতিটো বিভাগকে উন্নত আৰু কাৰ্যক্ষম কৰিবলৈ প্ৰযুক্তিৰ ব্যৱহাৰ কৰিবলৈ তেওঁ সকলোকে আহ্বান জনায়৷

প্ৰধানমন্ত্ৰীয়ে কয় যে সকলো বিভাগে দেশৰ স্বাধীনতাৰ ৭৫ বৰ্ষপূৰ্তিৰ লক্ষ্যত উপনীত হ’বলৈ নিষ্ঠাসহকাৰে কাম কৰা উচিত৷ ইয়ে জনসাধাৰণক দেশৰ কল্যাণৰ হকে কাম কৰিবলৈ অনুপ্ৰাণিত কৰিব৷ প্ৰধানমন্ত্ৰীয়ে সচিবসকলক আহ্বান জনায় যে জনসাধাৰণৰ আশা-আকাংক্ষা পূৰণ কৰিবলৈ সকলোৱে কঠোৰ পৰিশ্ৰমেৰে আগবঢ়া উচিত৷

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
'Make in India' radar programme to help Tejas track targets gets Rs 2,205 crore boost

Media Coverage

'Make in India' radar programme to help Tejas track targets gets Rs 2,205 crore boost
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 01 আগষ্ট 2026
August 01, 2026

Aatmanirbhar Bharat Delivers: Indigenous Power, Farmer Prosperity & Blue Economy