মোৰ শ্ৰদ্ধাৰ দেশবাসী,

 

মই গোটেই দিন পাঞ্জাৱত আছিলো৷

মোৰ কৰ্তব্য যে মই আপোনালোকক পোনপটীয়াকৈ জনাও৷

 

আজি উচ্চতম ন্যায়ালয়ে এক ঐতিহাসিক ৰায়দান দিয়ে,

যিটো বিগত শ শ বছৰ এক ইতিহাস আছিল৷

 

সমগ্ৰ দেশবাসীৰ এইটো ইচ্ছা আছিল যে এই বিষয়টো লৈ সদায়েই শুনানি হওক, যিকি নহওক আজি চূড়ান্ত সিদ্ধান্ত ঘোষণা হ’ল৷ দশক দশক ধৰি চলা ন্যায় প্ৰক্ৰিয়াৰ এতিয়া শেষ হ’ল৷

বন্ধুসকল,

সমগ্ৰ বিশ্বই এইটো মানি নয় যে ভাৰত বৃহত্তম গণতান্ত্ৰিক দেশ আৰু আজি বিশ্ববাসীয়ে এইটোও জানিলে যে ভাৰতৰ গণতন্ত্ৰ কিমান জীৱন্ত আৰু শক্তিশালী৷

 

ৰায়দানৰ পাছত যিদৰে প্ৰতিটো শ্ৰেণী,

প্ৰতিটো সমূদায়,

প্ৰতিটো পন্থাৰ লোকসকল,

সমগ্ৰ দেশবাসীয়ে ইয়াক মুক্ত মনেৰে স্বীকাৰ কৰি লৈছে,

সেইটোৱে ভাৰতৰ প্ৰাচীন সংস্কৃতি,

পৰম্পৰা আৰু ভাতৃত্ববোধ মনোভাৱক প্ৰতিফলিত কৰিছে৷

 

ভাই–ভনীসকল,

ভাৰতক যাৰ বাবে জানে–ইয়াৰ অনৈক্যৰ মাজত ঐক্যতা, আজি আই মন্ত্ৰই স্পষ্ট ৰূপত পূৰ্ণতা পোৱাটো পৰিলক্ষিত হৈছে৷

 

হাজাৰ হাজাৰ বছৰৰ পাছতো কোনোবাই অনৈক্যৰ মাজত একতা,

ভাৰতৰ এই প্ৰাণৱন্তক উপলব্ধি কৰিবলৈ হ’লে আজিৰ এই ঐতিহাসিক দিনৰ,

আজিৰ ঘটনাৰ সহায় ল’ব,

যিটো আমি আজি নিজে ৰচনা কৰিছো,

নিজেই লিখিছো৷

 

বন্ধুসকল,

 

ভাৰতৰ ন্যায়পালিকাৰ ইতিহাসতো আজিৰ এই দিনটো এক স্বৰ্ণিল অধ্যায়ৰ দৰে৷

 

 

এই বিষয়টোৰ সন্দৰ্ভত ৰায়দান দিয়াৰ সময়ত উচ্চতম ন্যায়ালয়ে সকলোৰে মন্তব্য শুনে,

বহু ধৈৰ্যৰে শুনে আৰু সৰ্বসন্মতিক্ৰমে সিদ্ধান্ত ঘোষণা কৰে৷

 

এয়া সাধাৰণ কাম নহয়৷

উচ্চতম ন্যায়ালয়ে এই ৰায়দানৰ বেলিকা দৃঢ় ইচ্ছাশক্তি প্ৰদৰ্শিত কৰিছে৷

 

আৰু সেইবাবে,

 

দেশৰ ন্যায়াধীশ, ন্যায়ালয় আৰু আমাৰ ন্যায় প্ৰণালীক অভিনন্দনৰ পাত্ৰ৷

বন্ধুসকল,

৯ নৱেম্বৰ সেইটো দিন আছিল,

যেতিয়া বাৰ্লিনৰ প্ৰাচীৰ ধ্বংস হৈছিল৷

দুটা বিপৰীত ধাৰাৰ একেলগ হৈ নতুন সংকল্প লৈছিল৷

 

আজি ৯ নৱেম্বৰৰ দিনাই কাৰ্টাৰপুৰ কৰিডৰৰ আৰম্ভ হৈছে৷

ইয়াৰ ভাৰতৰো সহযোগ আছে, পাকিস্তানৰো আছে৷

 

আজি অযোধ্যা ৰায়দানৰ সমান্তৰালভাৱে ৯ নৱেম্বৰ তাৰিখত আমি একেলগ থাকি আগুৱাই যোৱা শিক্ষাও দিছে৷

 

আজিৰ দিনটোৱে আমি একেলগ হৈ জীয়াই থকাৰ বাৰ্তাও দিছে৷

 

এই বিষয়ক লৈ কেতিয়াবা ক’ৰবাত কাৰোবাৰ মনত বেয়া মনোভাৱ আছিল যদিও

আজি সেইবোৰ নাইকিয়া কৰাৰ দিন৷

 

নতুন ভাৰতত ভয়, বেয়া মনোভাৱ, নেতিবাচক চিন্তাৰ কোনো স্থান নাই৷

 

বন্ধুসকল.

সৰ্বোচ্চ ন্যায়ালয়ে আজি ৰায়দানে দেশবাসীক এই বাৰ্তাও দিলে যে অতি কঠিম বিষয়ৰ সমাধান সংবিধানৰ আওতালৈ আহে, আইনৰ আওতালে আহে৷

 

 

আমি, এই ৰায়াদানৰ পৰা শিকি লোৱা লাগে যে যদিও অলপ সময়ৰ প্ৰয়োজন হয়,

তথাপিও আমি ধৈৰ্য ধৰি থকাটো উচিত৷

 

যিকোনো পৰিস্থিতিত ভাৰতৰ সংবিধান, ভাৰতৰ ন্যায় প্ৰণালীৰ ওপৰত আমাৰ বিশ্বাস অটুট আছে, সেইটো গুৰুত্বপূৰ্ণ৷

 

বন্ধুসকল,

সৰ্ব্বোচ্চ ন্যায়ালয়ৰ এই ৰায়দানে আমাৰ বাবে এক নতুন সুৰ্যোদয় আনি দিব৷

 

এই বিবাদে কেইবাটাও প্ৰজন্মৰ ওপৰত প্ৰভাৱ পৰিলেও, কিন্তু এই ৰায়দানৰ পাছত আমি এই সংকল্প ল’ব লাগিব যে এতিয়া নতুন প্ৰজন্মই নতুন  উদ্যমেৰে নতুন ভাৰত নিৰ্মাণত যোগদান আগবঢ়াব৷

 

আঁহক এক নতুন আৰম্ভণি কৰো৷

 

এতিয়া এক নতুন ভাৰত নিৰ্মাণ কৰো৷

 

আমি আমাৰ বিশ্বাস আৰু বিকাশৰ এই  কথাৰ পৰা এইটো সুচাইছে যে মোৰ সৈতে আগুৱাব লগীয়া কোনো যাতে পিছপৰি ৰোৱা নাই৷

 

আমি সকলোকে লগত লৈ,

সকলোৰে বিকাশ সাধন কৰি আৰু সকলোকে বিশ্বাসত লৈ আগুৱাব লাগিব৷

 

বন্ধুসকল,

 

ৰাম মন্দিৰ নিৰ্মাণ ৰায়দান উচ্চতম ন্যায়ালয়ে প্ৰদান কৰিলে৷

এতিয়া দেশৰ প্ৰতিগৰাকী নাগৰিকৰ ৰাষ্ট্ৰ নিৰ্মাণৰ দায়িত্ববোধ আৰু বাঢ়িল৷

 

ইয়াৰ লগতে,

এগৰাকী নাগৰিক হিচাপে আমাৰ সকলোৰে বাবে দেশৰ ন্যায় প্ৰণালী পালন কৰা, নিয়ম–কানুনক সন্মান কৰাৰ দায়িত্বও বৃদ্ধি পালে৷

 

এতিয়া সমাজৰ খাতিৰত প্ৰতিগৰাকী ভাৰতীয়ই নিজৰ কৰ্তব্য, নিজৰ দায়িত্বক অগ্ৰাধিকাৰ দি কাম কৰিব লাগিব৷

 

আমাৰ মাজত সৌহাদ্য,

আমাৰ একতা,

আমাৰ শান্তি,

দেশৰ বিকাশৰ বাবে বহুত গুৰত্বপূৰ্ণ৷

 

আমি ভৱিষ্যতৰ দিশে চাব লাগিব, ভৱিষ্যতৰ ভাৰতৰ বাবে কাম কৰিব লাগিব৷

 

ভাৰতৰ সন্মুখত আৰু প্ৰত্যাহ্বান আছে,

লক্ষ্য আৰু সংকল্পও আছে৷

 

প্ৰতিগৰাকী ভাৰতীয়,

একত্ৰিত হৈ, একেলগে আগুৱাই এই লক্ষ্যত উপনীত হ’ম৷

 

জয় হিন্দ!

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Centre releases Rs 1.09 lakh crore tax devolution; Uttar Pradesh gets biggest share to accelerate development spending

Media Coverage

Centre releases Rs 1.09 lakh crore tax devolution; Uttar Pradesh gets biggest share to accelerate development spending
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Governor of Jharkhand meets Prime Minister
August 03, 2026