লাখৱাৰ বহুমুখী প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হৈছে, প্ৰথমবাৰৰ বাবে ১৯৭৬ চনত এই প্ৰকল্পৰ পৰিকল্পনা কৰা হৈছিল আৰু বহু বছৰ ধৰি ৰৈ আছিল; এই প্ৰকল্পই ছয়খন ৰাজ্যক লাভান্বিত কৰিব
৮৭০০ কোটি টকাৰ পথ খণ্ডৰ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰা হ’ব; এই প্ৰকল্পই প্ৰত্যন্ত, গ্ৰাম্য আৰু সীমান্ত অঞ্চলত যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ বাবে প্ৰধানমন্ত্ৰীৰ পৰিকল্পনাক বাস্তৱায়িত কৰিব; কৈলাশ মানস সৰোবৰ যাত্ৰা পথত উন্নত যাতায়াত ব্যৱস্থা গঢ়ি উঠিব
উধম সিং নগৰত এইমছ ঋষিকেশ উপগ্ৰহ কেন্দ্ৰ আৰু পিথোৰাগড়ৰ জগজীৱন ৰাম চৰকাৰী চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰা হ’ব; দেশৰ সকলো প্ৰান্ততে বিশ্বমানৰ চিকিৎসা সুবিধা প্ৰদানৰ বাবে প্ৰধানমন্ত্ৰীৰ সপোন এই প্ৰকল্পৰ জৰিয়তে পূৰণ হ’ব
প্ৰধানমন্ত্ৰীয়ে কাশীপুৰত এৰোমা পাৰ্ক আৰু চিতাৰগঞ্জত প্লাষ্টিক ঔদ্যোগিক উদ্যানৰ আধাৰশিলা স্থাপন কৰিব আৰু ৰাজ্যজুৰি গৃহ, অনাময় আৰু খোৱা পানী যোগানৰ ক্ষেত্ৰত অন্যান্য একাধিক পদক্ষেপ ল’ব

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২১ চনৰ ৩০ ডিচেম্বৰত উত্তৰাখণ্ডৰ হালদৱানী ভ্ৰমণ কৰিব। তেওঁ ১৭৫০০ কোটি টকাৰ অধিক মূল্যৰ ২৩ টা প্ৰকল্পৰ আধাৰশিলা উদ্বোধন কৰিব। ২৩ টা প্ৰকল্পৰ ভিতৰত ১৪১০০ কোটি টকাৰ অধিক মূল্যৰ ১৭ টা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হ’ব। এই প্ৰকল্পসমূহে জলসিঞ্চন, পথ, গৃহ, স্বাস্থ্য আন্তঃগাঁথনি, উদ্যোগ, অনাময়, খোৱা পানীযোগানকে ধৰি সমগ্ৰ ৰাজ্যৰ বিভিন্ন খণ্ড/এলেকা সামৰি লয়। এই কাৰ্যসূচীত একাধিক পথ প্ৰশস্তকৰণ প্ৰকল্প, পিথোৰাগড়ত জলবিদ্যুৎ প্ৰকল্প আৰু নাইনিতালত নৰ্দমা নেটৱৰ্ক উন্নত কৰাৰ প্ৰকল্পকে ধৰি ৬ টা প্ৰকল্পৰ উদ্বোধন কৰা হ’ব। উদ্বোধন কৰা প্ৰকল্পসমূহৰ সামগ্ৰিক ব্যয় ৩৪০০ কোটি টকাতকৈও অধিক।

প্ৰধানমন্ত্ৰীয়ে প্ৰায় ৫৭৫০ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ'বলগীয়া লাখৱাৰ বহুমুখী প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। এই প্ৰকল্পটো প্ৰথমবাৰৰ বাবে ১৯৭৬ চনত এই প্ৰকল্পৰ পৰিকল্পনা কৰা হৈছিল  আৰু বহু বছৰ ধৰি ৰৈ আছিল। দীৰ্ঘদিনধৰি পৰি ৰোৱা প্ৰকল্পসমূহৰ কাম শীঘ্ৰে শেষ কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে লোৱা প্ৰচেষ্টাৰ অংশ হিচাপে এই প্ৰকল্পটোৰ আধাৰশিলা স্থাপন কৰা হ’ব। ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ এই প্ৰকল্পটোৱে প্ৰায় ৩৪,০০০ হেক্টৰ অতিৰিক্ত ভূমি জলসিঞ্চন, ৩০০ মেগাৱাট জলবিদ্যুৎ উৎপাদন আৰু উত্তৰাখণ্ড, উত্তৰ প্ৰদেশ, হাৰিয়ানা, দিল্লী, হিমাচল প্ৰদেশ আৰু ৰাজস্থানৰ ছয়খন ৰাজ্যলৈ খোৱা পানী যোগান ধৰিব।

দেশৰ প্ৰত্যন্ত স্থানসমূহত যোগাযোগ উন্নত কৰাৰ বাবে প্ৰধানমন্ত্ৰীৰ পৰিকল্পনাৰ সৈতে সংগতি ৰাখি প্ৰায় ৮৭০০ কোটি টকাৰ একাধিক পথ খণ্ডৰ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰা হ’ব।

যিবোৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হ’ব তাৰ ভিতৰত আছে ৪০০০ কোটি টকাৰ অধিক ব্যয়েৰে নিৰ্মাণ হ'বলগীয়া ৮৫ কিলোমিটাৰ মোৰাদাবাদ-কাশীপুৰ পথৰ চাৰি লেন; গদৰপুৰ-দিনেশপুৰ-মাদকোটা-হালদৱানী পথৰ (এছএইচ-৫) ২২ কিলোমিটাৰ অংশ আৰু কিচ্চাৰ পৰা পন্তনগৰলৈ ১৮ কিলোমিটাৰ অংশ (এছএইচ-৪৪); উধম সিং নগৰত ৮ কিলোমিটাৰ দীঘল খতিমা বাইপাছ নিৰ্মাণ; ১৭৫ কোটিতকৈও অধিক ব্যয়েৰে নিৰ্মাণ কৰা চাৰি লেনৰ ৰাষ্ট্ৰীয় ঘাইপথ (এনএইচ১০৯ডি) নিৰ্মাণ। এই পথ প্ৰকল্পসমূহে গড়ৱাল, কুমাওন আৰু তেৰাই অঞ্চলৰ যোগাযোগ ব্যৱস্থা উন্নত কৰিব আৰু লগতে উত্তৰাখণ্ড আৰু নেপালৰ মাজত যোগাযোগ উন্নত কৰিব। উন্নত সংযোগে ৰুদ্ৰপুৰ আৰু লালকুৱানৰ ঔদ্যোগিক এলেকাসমূহকো লাভান্বিত কৰিব আৰু লগতে জিম কৰ্বেট ৰাষ্ট্ৰীয় উদ্যানৰ যোগাযোগ ব্যৱস্থা উন্নত কৰিব।

তদুপৰি, প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনাৰ অধীনত সমগ্ৰ ৰাজ্যতে একাধিক পথ প্ৰকল্পৰ আধাৰশিলাও প্ৰধানমন্ত্ৰীয়ে স্থাপন কৰিব। প্ৰকল্পসমূহৰ ভিতৰত আছে ৬২৫ কোটি টকাতকৈ অধিক ব্যয় সাপেক্ষে মুঠ ১১৫৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ ১৩৩টা গ্ৰাম্য পথ স্থাপন আৰু প্ৰায় ৪৫০ কোটি টকা ব্যয়েৰে ১৫১ খন দলং নিৰ্মাণ কৰা।

প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰা পথ প্ৰকল্পসমূহৰ ভিতৰত আছে ২৫০০ কোটি টকাৰ অধিক ব্যয়েৰে নিৰ্মাণ কৰা নাগিনাৰ পৰা কাশীপুৰলৈ (ৰাষ্ট্ৰীয় ঘাইপথ-৭৪) ৯৯ কিলোমিটাৰ পথ প্ৰশস্তকৰণৰ প্ৰকল্প আৰু ৭৮০ কোটিতকৈও অধিক ব্যয়েৰে নিৰ্মাণ কৰা কৌশলগত দিশৰ পৰা গুৰুত্বপূৰ্ণ তনকপুৰ-পিথোৰাগড় পথৰ (ৰাষ্ট্ৰীয় ঘাইপথ ১২৫) তিনিটা অংশত পথ বহল কৰাৰ প্ৰকল্প। তিনিটা অংশ চ্যুৰানীৰ পৰা আনচোলি (৩২ কিলোমিটাৰ), বিলখেতৰ পৰা চম্পাৱতলৈ (২৯ কিলোমিটাৰ) আৰু টিলনৰ পৰা চ্যুৰানীলৈ (২৮ কিলোমিটাৰ) আছে। পথ প্ৰশস্তকৰণ প্ৰকল্পসমূহে কেৱল প্ৰত্যন্ত অঞ্চলসমূহৰ যাতায়াত উন্নত কৰাই নহয়, অঞ্চলটোত পৰ্যটন, ঔদ্যোগিক আৰু বাণিজ্যিক কাৰ্যকলাপকো উৎসাহিত কৰিব। কৌশলগত দিশৰ পৰা গুৰুত্বপূৰ্ণ  তনকপুৰ-পিথোৰাগড় পথত এতিয়া সকলো সময়তে যাতায়াত উপলব্ধ থাকিব যিয়ে সীমান্ত অঞ্চললৈ সেনাৰ বাধাহীন চলাচল আৰু কৈলাশ মানস সৰোবৰ যাত্ৰাৰ বাবে উন্নত যাতায়াতৰ সুবিধা প্ৰদান কৰিব।

ৰাজ্যখনৰ চিকিৎসা আন্তঃগাঁথনি সম্প্ৰসাৰিত কৰা আৰু দেশৰ সকলো প্ৰান্তৰ লোকসকলক বিশ্বমানৰ চিকিৎসা সুবিধা প্ৰদান কৰাৰ পৰিকল্পনাৰে প্ৰধানমন্ত্ৰীয়ে উধম সিং নগৰ জিলাৰ এইমছ ঋষিকেশ উপগ্ৰহ কেন্দ্ৰ আৰু পিথোৰাগড়ত জগজীৱন ৰাম চৰকাৰী চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব। এই দুখন চিকিৎসালয় ক্ৰমান্বয়ে প্ৰায় ৫০০ কোটি আৰু ৪৫০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হৈছে। উন্নত চিকিৎসা আন্তঃগাঁথনিয়ে কেৱল কুমাওঁ আৰু তেৰাই অঞ্চলৰ লোকসকলকেই সহায় নকৰে, ইয়ে উত্তৰ প্ৰদেশৰ সীমান্তৱৰ্তী অঞ্চলসমূহকো সহায় কৰিব।

প্ৰধানমন্ত্ৰীয়ে উধম সিং নগৰ জিলাৰ চিতাৰগঞ্জ আৰু কাশীপুৰ চহৰত অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণীৰ বাবে প্ৰায় ২৪০০ টা ঘৰৰ আধাৰশিলা স্থাপন কৰিব। এই ঘৰবোৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা (নগৰ)ৰ অধীনত ১৭০ কোটিতকৈও অধিক ব্যয়ত নিৰ্মাণ কৰা হ’ব।

ৰাজ্যখনৰ গ্ৰাম্য অঞ্চলসমূহত পানী যোগান উন্নত কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে জল জীৱন মিছনৰ অধীনত ৰাজ্যখনৰ ১৩ খন জিলাত ৭৩টা পানী যোগান আঁচনিৰ আধাৰশিলা স্থাপন কৰিব। আঁচনিসমূহৰ বাবে প্ৰায় ১২৫০ কোটি টকা ব্যয় হ’ব আৰু ৰাজ্যখনৰ ১.৩ লাখতকৈও অধিক গ্ৰাম্য পৰিয়াল উপকৃত হ’ব। লগতে হৰিদ্বাৰ আৰু নাইনিতালৰ দৰে নগৰাঞ্চলত নিয়মীয়াকৈ পানীৰ যোগান নিশ্চিত কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে এই দুখন চহৰৰ বাবে পানী যোগান আঁচনিৰ আধাৰশিলা স্থাপন কৰিব। এই আঁচনিসমূহে হৰিদ্বাৰত প্ৰায় ১৪৫০০ সংযোগ আৰু হালদৱানীত ২৪০০ৰো অধিক সংযোগ প্ৰদান কৰিব, যাৰ ফলত হৰিদ্বাৰৰ প্ৰায় এক লাখ জনসংখ্যা আৰু হালদৱানীৰ প্ৰায় ১২০০ লোক উপকৃত হ’ব।

এই অঞ্চলৰ বিভিন্ন অন্তৰ্নিহিত সম্ভাৱনাক কামত লগোৱাৰ বাবে প্ৰধানমন্ত্ৰীয়ে তেওঁৰ নানা পৰিকল্পনা বাস্তৱায়িত কৰাৰ বাবে কাশীপুৰত ৪১ একৰৰ এৰোমা পাৰ্ক আৰু চিতাৰগঞ্জত ৪০ একৰৰ প্লাষ্টিক ঔদ্যোগিক উদ্যানৰ আধাৰশিলা স্থাপন কৰিব। এই প্ৰকল্প দুটা ৰাজ্যিক আন্তঃগাঁথনি আৰু ঔদ্যোগিক উন্নয়ন নিগম উত্তৰাখণ্ড লিমিটেডে (এছআইআইডিচিইউএল) প্ৰায় ১০০ কোটি ব্যয়েৰে বিকশিত কৰিব। এৰোমা পাৰ্কে উত্তৰাখণ্ডৰ অনন্য ভৌগোলিক পৰিস্থিতিৰ বাবে ফুল খেতিৰ বিকাশৰ অপৰিসীম সুযোগ কঢ়িয়াব। প্লাষ্টিক ঔদ্যোগিক উদ্যানখন ৰাজ্যখনৰ ঔদ্যোগিক দক্ষতা প্ৰতিষ্ঠা কৰা আৰু জনসাধাৰণৰ বাবে নিয়োগৰ সুযোগ সৃষ্টি কৰাৰ এক পদক্ষেপ হ’ব।

প্ৰধানমন্ত্ৰীয়ে নাইনিতালৰ ৰামনগৰত প্ৰায় ৫০ কোটি ব্যয়েৰে নিৰ্মাণ কৰা ৭ এমএলডি আৰু ১.৫ এমএলডি ক্ষমতাৰ দুটা নৰ্দমা শোধন প্ৰকল্পও উদ্বোধন কৰিব। লগতে, প্ৰধানমন্ত্ৰীয়ে উধম সিং নগৰত প্ৰায় ২০০ কোটি ব্যয়েৰে নিৰ্মাণ হ'বলগীয়া নটা নৰ্দমা শোধন প্ৰকল্প (এছটিপি) নিৰ্মাণৰ আৰু নাইনিতালত নৰ্দমা প্ৰণালী উন্নীতকৰণৰ বাবে ৭৮ কোটিৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব।

প্ৰধানমন্ত্ৰীয়ে প্ৰায় ৫০ কোটি টকা ব্যয়েৰে পিথোৰাগড় জিলাৰ মুনচিয়াৰীত উত্তৰাখণ্ড জল বিদ্যুৎ নিগম (ইউজেভিএন) লিমিটেডে নিৰ্মাণ কৰা নদী জলবিদ্যুৎ প্ৰকল্পৰ ৫ মেগাৱাট ক্ষমতাৰ সুৰিংগাদ-২ প্ৰকল্পটোও উদ্বোধন কৰিব।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Government eases defence export SOP to help local manufacturers tap global market

Media Coverage

Government eases defence export SOP to help local manufacturers tap global market
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister extends greetings on National Sports Day
August 29, 2026

The Prime Minister, Shri Narendra Modi has extended his greetings to all sports lovers on National Sports Day. Shri Modi said that the dedication, passion and determination of sportspersons make the entire nation proud.

The Prime Minister also paid homage to the legendary Major Dhyan Chand Ji, whose brilliance and contribution to Indian hockey continue to inspire generations.

Shri Modi posted on X:

“To every sports lover…your dedication, passion and determination make everyone proud.

We also pay homage to the legendary Major Dhyan Chand Ji, whose brilliance inspires generations.

#NationalSportsDay”