প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি থাইলেণ্ডৰ বেংককলৈ যাত্ৰা কৰিছে৷ তাত তেওঁ এছিয়ান সম্পৰ্কীয় বিভিন্ন সন্মিলনত অংশগ্ৰহণ কৰাৰ উপৰিও এছিয়ান-ইণ্ডিয়া সন্মিলন, ইষ্ট-এছিয়া সন্মিলন আৰু আৰচিইপি মধ্যস্থতা সম্পৰ্কীয় এক বৈঠকতো অংশগ্ৰহণ কৰিব৷ প্ৰধানমন্ত্ৰীয়ে বিশ্ব নেতাসকলৰ সৈতে বিভিন্ন গুৰুত্বপূৰ্ণ দ্বিপাক্ষিক বৈঠকত অংশগ্ৰহণ কৰাৰ লগতে বিশ্বজনীন সমস্যাসমূহৰ বিষয়েও আলোচনা কৰিব৷

থাইলেণ্ডলৈ ৰাওনা হোৱাৰ মুহূৰ্তত প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতৰ বৈদেশিক নীতি আৰু আমাৰ এক্ট ইষ্ট নীতিৰ প্ৰধান উপাদান হ’ল এছিয়ান সম্বন্ধীয় সন্মিলনবোৰ৷ ইষ্ট এছিয়া সন্মিলনৰ গুৰুত্ব সম্পৰ্কে আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰত-প্ৰশান্ত মহাসাগৰ অঞ্চলত আমাৰ বীক্ষণ প্ৰতিষ্ঠাপিত কৰাৰ এয়াই হ’ল এক উপযুক্ত মঞ্চ৷

আজি সন্ধিয়া ৬ বজাত প্ৰধানমন্ত্ৰীয়ে বেংককত ‘ছোৱাছডী পিএম মোদী’’ শীৰ্ষক এক সামাজিক অনুষ্ঠানত ভাষণ প্ৰদান কৰিব৷ থাইলেণ্ডৰ ভাৰতীয় বংশোদ্ভৱ সমাজৰ অৰিহণাক প্ৰশংসা কৰি প্ৰধানমন্ত্ৰীয়ে আজি তেওঁলোকৰ সৈতে কথা পাতিবলৈ আগ্ৰহী বুলি উল্লেখ কৰে৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
‘Modi Govt’s 12 years are transformational for industry’

Media Coverage

‘Modi Govt’s 12 years are transformational for industry’
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 12 জুন 2026
June 12, 2026

Breaking Barriers, Building Bharat: PM Modi’s Historic Push for Gender Equality and Inclusive Growth