কাইলৈ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰয়াগৰাজৰ কুম্ভ ভ্ৰমণ কৰিব। কুম্ভত কাইলৈ খোৱাপানী আৰু অনাময় মন্ত্ৰালয়ৰ দ্বাৰা আয়োজিত স্বচ্ছ কুম্ভ স্বচ্ছ আভাৰ শীৰ্ষক এক অনুষ্ঠানত ভাগ ল’ব প্ৰধানমন্ত্ৰীয়ে।

এই অনুষ্ঠানতে প্ৰধানমন্ত্ৰীয়ে চাফাই কৰ্মচাৰী, স্বচ্ছাগ্ৰহী, আৰক্ষীৰ লোক আৰু নাৱিকসকলক স্বচ্ছ কুম্ভ স্বচ্ছ আভাৰ পুৰস্কাৰেৰে পুৰস্কৃত কৰিব। এই অনুষ্ঠানতে প্ৰধানমন্ত্ৰীয়ে স্বচ্ছ সেৱা সন্মান লাভালাভ পেকেজৰো ঘোষণা কৰিব।

এই পেকেজ ঘোষণাৰ পিছতে প্ৰধানমন্ত্ৰীয়ে উপস্থিত ৰাইজক সম্বোধন কৰিব।

প্ৰধানমন্ত্ৰীয়ে কাইলৈ ত্ৰিৱেণী সংগমত স্নানো কৰিব। প্ৰয়াগৰাজত ছাফাই কৰ্মীসকলৰ সৈতে মত-বিনিময়ো কৰিব প্ৰধানমন্ত্ৰীয়ে।

উল্লেখ্য যে এইবছৰ প্ৰয়াগৰাজত আয়োজন কৰা এই বিশাল আয়োজনত পৰিচ্ছন্নতা আৰু স্বচ্ছ ভাৰত অভিযানৰ ওপৰত বিশেষভাৱে নজৰ ৰখা হৈছে। এক স্বচ্ছ কুম্ভ সুনিশ্চিত কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰা লোকসকলক এই স্বচ্ছ কুম্ভ স্বচ্ছ আভাৰ বঁটা প্ৰদানেৰে সন্মান প্ৰদান কৰা হ’ব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India driving South Asia as world's brightest growth spot: WEF survey

Media Coverage

India driving South Asia as world's brightest growth spot: WEF survey
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 17 জানুৱাৰী 2026
January 17, 2026

Citizens Celebrate Unstoppable India: PM Modi's Vision of Innovation and Inclusion