৭ জুলাই চত্তীশগড় আৰু উত্তৰপ্ৰদেশ; ৮ জুলাইত তেলেংগানা আৰু ৰাজস্থান ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
ৰায়পুৰত প্ৰায় ৭,৫০০ কোটি টকা মূল্যৰ প্ৰকল্প ৰাষ্ট্ৰৰ নামত উচৰ্গা আৰু আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে
আন্তঃগাঁথনি খণ্ডত বৃহৎ উদ্গনি যোগাই চত্তীশগড়ত পাঁচটা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্প ৰাষ্ট্ৰৰ নামত উচৰ্গা আৰু আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে
গোৰখপুৰত গীতা প্ৰেছৰ শতবৰ্ষ উদযাপনৰ সামৰণী অনুষ্ঠানত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে
গোৰখপুৰ-লক্ষ্ণৌ আৰু যোধপুৰ-আমহেদাবাদ (সবৰমতি) সংযোগী দুখন বন্দে ভাৰত ৰে’ল শুভাৰম্ভ কৰিব প্ৰধানমন্ত্ৰীয়ে
ৰোগখপুৰ ৰে’লৱে ষ্টেচনৰ পুনৰ উন্নয়নৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে
বাৰাণসীত ১২,১০০ কোটি টকাতকৈ অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৭-৮ জুলাইত চাৰিখন ৰাজ্য ভ্ৰমণ কৰিব। ৭ জুলাইত প্রথমে তেওঁ চত্তীশগড় আৰু উত্তৰ প্রদেশ ভ্রমণ কৰিব৷ ৮ জুলাইত তেলেংগানা আৰু ৰাজস্থানলৈ যাব প্ৰধানমন্ত্ৰী।
৮ জুলাইৰ পুৱা প্ৰায় ১০-৪৫ বজাত তেলেংগানাৰ ৱাৰংগলত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী। তাত এক অনুষ্ঠানত তেওঁ কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। সন্ধিয়া ৪-১৫ বজাৰ পৰা বিকানেৰত শ্ৰী মোদীয়ে ৰাজস্থানৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব।
বিলাসপুৰৰ পৰা পাত্ৰপল্লীলৈ নতুনকৈ নিৰ্মিত এই অংশটোৱে চত্তীশগড় আৰু উত্তৰ প্ৰদেশৰ মাজত সংযোগ উন্নত কৰিব। এই অংশই সংশ্লিষ্ট অঞ্চলৰ কয়লা খনিৰ পৰা উঠা কয়লা পৰিবহণৰ সুবিধা হ’ব।
এই প্ৰকল্পসমূহ কাৰ্যকৰী হ’লে ধামটাৰী অঞ্চলৰ ধান কলৰ পৰা উৎপাদিত চাউল, কাংকাৰৰ পৰা বক্সাইট আৰু কোণ্ডাগাঁৱৰ পৰা হস্তশিল্পৰ পৰিবহণত সুবিধা হ’ব। ফলত সংশ্লিষ্ট অঞ্চলটোৰ আৰ্থ-সামাজিক উত্থান হ’ব।
গোৰখপুৰত গীতা প্ৰেছৰ শতবাৰ্ষিকী উদযাপনৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে। এই উপলক্ষে তেওঁ চিত্ৰময় শিৱ পুৰাণ গ্ৰন্থ উদ্বোধন কৰাৰ লগতে গীতা প্ৰেছৰ লীলাচিত্ৰ মন্দিৰ পৰিদৰ্শন কৰিব।
শ্ৰী মোদীয়ে গোৰখপুৰ ৰে’লৱে ষ্টেচনৰ পৰা লক্ষ্ণৌ অভিমুখী বন্দে ভাৰত এক্সপ্ৰেছ শুভাৰম্ভ কৰিব। লগতে এই উপলক্ষে যোধপুৰ আৰু আহমেদাবাদ (সবৰমতী)ৰ মাজত আন এখন বন্দে ভাৰত এক্সপ্ৰেছ উদ্বোধন কৰিব।
গোৰখপুৰ ৰে’লৱে ষ্টেচনৰ পুনৰ উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে। ৪৯৮ কোটি টকা ব্যয় সাপেক্ষে আন্তঃৰাষ্ট্ৰীয় মানদণ্ডত নিৰ্মাণ কৰা হ’ব এই ষ্টেচন।
বাৰাণসীত এখন ৰাজহুৱা সভাত প্ৰধানমন্ত্ৰীয়ে ১২,১০০ কোটিৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰি আধাৰশিলা স্থাপন কৰিব।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৭-৮ জুলাইত চাৰিখন ৰাজ্য ভ্ৰমণ কৰিব। ৭ জুলাইত প্রথমে তেওঁ চত্তীশগড় আৰু উত্তৰ প্রদেশ ভ্রমণ কৰিব৷ ৮ জুলাইত তেলেংগানা আৰু ৰাজস্থানলৈ যাব প্ৰধানমন্ত্ৰী।

৭ জুলাইত ৰায়পুৰত পুৱা ১০-৪৫ বজাত প্ৰধানমন্ত্ৰীয়ে বিভিন্ন প্ৰকল্প উদ্বোধন কৰাৰ লগতে আধাৰশিলা স্থাপন কৰিব। তাৰ পিছত দিনৰ ২-৩০ বজাত উত্তৰ প্ৰদেশৰ গোৰখপুৰত গীতা প্ৰেছৰ শতবাৰ্ষিকী উদযাপনৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰিব। তেওঁ গোৰখপুৰ ৰে’ল ষ্টেচনৰ পৰা  বন্দে ভাৰত এক্সপ্ৰেছৰ যাত্ৰা আৰম্ভ কৰিব। সন্ধিয়া ৫ বজাত বাৰাণসীত এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিব শ্ৰী মোদীয়ে। এই উপলক্ষে তেওঁ বাৰাণসীত একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব।

৮ জুলাইৰ পুৱা প্ৰায় ১০-৪৫ বজাত তেলেংগানাৰ ৱাৰংগলত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী। তাত এক অনুষ্ঠানত তেওঁ কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। সন্ধিয়া ৪-১৫ বজাৰ পৰা বিকানেৰত শ্ৰী মোদীয়ে ৰাজস্থানৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব।

ৰায়পুৰত প্ৰধানমন্ত্ৰী

আন্তঃগাঁথনি খণ্ডক অগ্ৰাধিকাৰ দি ৬,৪০০ কোটি টকাৰ ৫টা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে। ইয়াৰ ভিতৰত জবলপুৰ-জগদলপুৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ৩৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ ফ’ৰলেনৰ ৰায়পুৰ-কোডেবৰ অংশও অন্তৰ্ভুক্ত আছে। এই প্ৰকল্পটো ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰি নিজ নিজ অঞ্চলৰ পৰ্যটন উদ্যোগৰ সম্প্ৰসাৰণ ঘটিব। জগদলপুৰৰ সমীপৱৰ্তী বিভিন্ন তীখা কাৰখানাৰ কেঁচামাল আৰু নিৰ্মিত সামগ্ৰী পৰিবহণৰ ক্ষেত্ৰত সুবিধা থাকিব। ১৩০নং ৰাষ্ট্ৰীয় ঘাইপথৰ বিলাসপুৰ-অম্বিকাপুৰ অংশত ৫৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ ফ’ৰলেন ৰাষ্ট্ৰীয় ঘাইপথ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে। বিলাসপুৰৰ পৰা পাত্ৰপল্লীলৈ নতুনকৈ নিৰ্মিত এই অংশটোৱে চত্তীশগড় আৰু উত্তৰ প্ৰদেশৰ মাজত সংযোগ উন্নত কৰিব। এই অংশই সংশ্লিষ্ট অঞ্চলৰ কয়লা খনিৰ পৰা উঠা কয়লা পৰিবহণৰ সুবিধা হ’ব।

ছয় লেনযুক্ত গ্ৰীণফিল্ড ৰায়পুৰ-বিশাখাপট্টনম কৰিড’ৰৰ চত্তীশগড় শাখাৰ অন্তৰ্গত তিনিটা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে। ইয়াৰ ভিতৰত আছে-১৩০নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৪৩ কিলোমিটাৰ দৈৰ্ঘ্য ছয় লেনযুক্ত ঝাংকি-ছাৰ্গী শাখা, ৫৭ কিলোমিটাৰ দৈৰ্ঘ্য ছয় লেনযুক্ত ছাৰ্গি-বনশ্বাহী শাখা, ২৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ ছয়লেনযুক্ত বনছোৱাহী-মৰাংপুৰী শাখা ১৩০নং ৰাষ্ট্ৰীয় ঘাইপথ। এই অংশৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হ’ল ২.৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ ২৭টা বন্যপ্ৰাণীৰ পাছ, উধন্টি অভয়াৰণ্যত নিৰ্বিঘ্নে বন্যপ্ৰাণীৰ চলাচলৰ বাবে ১৭টা আশ্ৰয় শিবিৰ। এই প্ৰকল্পসমূহ কাৰ্যকৰী হ’লে ধামটাৰী অঞ্চলৰ ধান কলৰ পৰা উৎপাদিত চাউল, কাংকাৰৰ পৰা বক্সাইট আৰু কোণ্ডাগাঁৱৰ পৰা হস্তশিল্পৰ পৰিবহণত সুবিধা হ’ব। ফলত সংশ্লিষ্ট অঞ্চলটোৰ আৰ্থ-সামাজিক উত্থান হ’ব।

৭৫০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা ১০৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰায়পুৰ-খৰিয়াৰ পথ ৰে’ল প্ৰকল্প প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰিব। ফলত চত্তীশগড়ৰ বাবে বন্দৰৰ পৰা কয়লা, তীখা, সাৰকে ধৰি বিভিন্ন সামগ্ৰী অনাটো সুবিধাজনক হ’ব। তেওঁ কেঅ’টি-অন্তাগড়ৰ মাজত ১৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ নতুন ৰে’ল লাইন উদ্বোধন কৰিব। ২৯০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা এই ৰে’ল প্ৰকল্পই ভিলাই তীখা উদ্যোগ আৰু ডাল্লী ৰাজহৰা আৰু ৰাওঘাট অঞ্চলৰ লোহা খনিৰ সংযোগ আৰু অধিক উন্নত কৰিব। এই ৰে’ল প্ৰকল্পই দক্ষিণ চত্তীশগড়ৰ বনাঞ্চলসমূহো সংযোগ কৰিব।

কোৰবাত ১৩০কোটি টকা ব্যয়েৰে নিৰ্মিত ভাৰতীয় তেল নিগমৰ বটলিং প্লাণ্ট উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে। ইয়াৰ পৰা প্ৰতি বছৰে ৬০ হাজাৰ মেট্ৰিক টন গেছ চিলিণ্ডাৰ হিচাপে নিৰ্মাণ কৰা হ’ব। লগতে এই উপলক্ষে আয়ুষ্মান ভাৰত আঁচনিৰ অধীনত হিতাধিকাৰীক ৭৫ লাখ কাৰ্ড প্ৰদান কৰিব।

গোৰখপুৰত প্ৰধানমন্ত্ৰী

গোৰখপুৰত গীতা প্ৰেছৰ শতবাৰ্ষিকী উদযাপনৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে। এই উপলক্ষে তেওঁ চিত্ৰময় শিৱ পুৰাণ গ্ৰন্থ উদ্বোধন কৰাৰ লগতে গীতা প্ৰেছৰ লীলাচিত্ৰ মন্দিৰ পৰিদৰ্শন কৰিব।

শ্ৰী মোদীয়ে গোৰখপুৰ ৰে’লৱে ষ্টেচনৰ পৰা লক্ষ্ণৌ অভিমুখী বন্দে ভাৰত এক্সপ্ৰেছ শুভাৰম্ভ কৰিব। লগতে এই উপলক্ষে যোধপুৰ আৰু আহমেদাবাদ (সবৰমতী)ৰ মাজত আন এখন বন্দে ভাৰত এক্সপ্ৰেছ উদ্বোধন কৰিব।

বন্দে ভাৰত এক্সপ্ৰেছখন গোৰখপুৰ-লক্ষ্ণৌ পথত অযোধ্যাৰ মাজেৰে পাৰ হ’ব। ইয়াৰ ফলত নিজ নিজ অঞ্চলৰ যোগাযোগ ব্যৱস্থাৰ উন্নতি ঘটিব যিটো পৰ্যটন উদ্যোগৰ বাবে সহায়ক হ’ব। যোধপুৰ-সবৰমতী বেণ্ডত যোধপুৰ, আবু ৰোড আৰু আহমেদাবাদৰ দৰে বিখ্যাত অঞ্চলৰ মাজত যাত্ৰা কৰিব বন্দে ভাৰত এক্সপ্ৰেছ। ফলত নিজ নিজ অঞ্চলৰ আৰ্থ-সামাজিক বিকাশ ত্বৰান্বিত হ’ব।

গোৰখপুৰ ৰে’লৱে ষ্টেচনৰ পুনৰ উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে। ৪৯৮ কোটি টকা ব্যয় সাপেক্ষে আন্তঃৰাষ্ট্ৰীয় মানদণ্ডত নিৰ্মাণ কৰা হ’ব এই ষ্টেচন।

বাৰাণসীত প্ৰধানমন্ত্ৰী

বাৰাণসীত এখন ৰাজহুৱা সভাত প্ৰধানমন্ত্ৰীয়ে ১২,১০০ কোটিৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰি আধাৰশিলা স্থাপন কৰিব।

উচৰ্গিত মালাবাহী কৰিড’ৰৰ অধীনত পণ্ডিত দীনদয়াল উপাধ্যায় জংচন আৰু সোন নগৰৰ মাজত নিৰ্মিত অংশটো শ্ৰী মোদীয়ে ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰিব। ৬,৭৬০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা এই প্ৰকল্পই সামগ্ৰী পৰিবহণত সহায় কৰিব। এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে ৯৯০ কোটি টকা ব্যয় সাপেক্ষে আৰু তিনিটা ৰে’ল প্ৰকল্প উদ্বোধন কৰিব। গাজীপুৰ চহৰ-আউনৰিহাৰ, আউনৰিহাৰ-জৌনপুৰ আৰু ভাটনি-আউনৰিহাৰৰ মাজৰ ৰে’লপথৰ বিদ্যুতীকৰণৰ লগে লগে উত্তৰ প্ৰদেশত ৰে’লপথৰ ১০০ শতাংশ বিদ্যুতীকৰণ সম্পূৰ্ণ হৈছে।

প্ৰধানমন্ত্ৰীয়ে ৫৬নং ৰাষ্ট্ৰীয় ঘাইপথৰ বাৰাণসী-জৌনপুৰ শাখাৰ ফ’ৰলেন পথটো ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰিব। ২,৭৫০ কোটি টকা ব্যয়সাপেক্ষ এই প্ৰকল্পটোৱে বাৰাণসী আৰু লক্ষ্ণৌৰ মাজত অহা-যোৱা কৰাটো অধিক আৰামদায়ক কৰি তুলিব।

বাৰাণসীত মোদীয়ে উদ্বোধন কৰিবলগীয়া প্ৰকল্পসমূহৰ ভিতৰত–লোকনিৰ্মাণ বিভাগে নিৰ্মাণ কৰা ১৮টা পথ প্ৰকল্প, বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ আন্তঃৰাষ্ট্ৰীয় ছাত্ৰী আৱাস ভৱন, কৰসৰাত চিপেটৰ বৃত্তিমূলক প্ৰশিক্ষণ কেন্দ্ৰ, সিন্ধৌৰা থানা, পিএচি ভূলনপুৰ, পিণ্ড্ৰাত অগ্নিনিৰ্বাপক বাহিনীৰ ষ্টেচন, চৰকাৰী আৱাসিক বিদ্যালয়, অৰ্থনৈতিক অপৰাধ গৱেষণা প্ৰতিষ্ঠানৰ ভৱন, মোহন কাত্ৰৰ পৰা কন্যা ঘাটৰ মাজত নিষ্কাশন ব্যৱস্থা, ৰামনাত অত্যাধুনিক নলা ব্যৱস্থাপনা, ৩০টা এলইডি লাইটৰ খুঁটা, এনডিডিবিত বায়’ গেছ প্লাণ্ট ৰামনগৰত দুগ্ধ প্ৰকল্প, দাসস্বমেধ ঘাটত গাৰ্মেণ্ট গংগা নদীত গা ধুবলৈ অহা তীৰ্থযাত্ৰীৰ সুবিধাৰ্থে বিশেষ সুবিধা আদি উল্লেখযোগ্য।

প্ৰধানমন্ত্ৰীয়ে ছৌখণ্ডি, কাদিপুৰ আৰু হৰদত্তপুৰ ৰে’ল ষ্টেচনত তিনিখন ৰে’ল অভাৰব্ৰীজ, ব্যাসনগৰ-পণ্ডিত দীনদয়াল উপাধ্যায় জংচন ৰে’ল উৰণীয়া সেতু আৰু কৰ্ম বিভাগৰ ১৫টা পথ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। এই প্ৰকল্পসমূহৰ নিৰ্মাণৰ বাবে ৭৮০ কোটি টকা ব্যয় কৰা হ’ব।

প্ৰধানমন্ত্ৰীয়ে গ্ৰামাঞ্চলৰ বাবে ১৯২টা জল প্ৰকল্প উদ্বোধন কৰিব। জল জীৱন মিছনৰ অধীনত এই প্ৰকল্পসমূহ নিৰ্মাণৰ বাবে ৫৫০ কোটি টকা ব্যয় হ’ব। ফলত ১৯২ খন গাঁৱৰ ৭ লাখ নাগৰিকে বিশুদ্ধ খোৱাপানী লাভ কৰিব।

প্ৰধানমন্ত্ৰীয়ে মণিকৰ্ণিকা আৰু হৰিশ চন্দ্ৰ ঘাট পুনৰ নিৰ্মাণ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। ইয়াৰ দ্বাৰা নিজ নিজ ঘাটত কাঠ মজুত কৰাত সুবিধা হ’ব আৰু শ্মশানৰ পৰিৱেশ অনুকূল ব্যৱস্থাপনা গঢ়ি তোলা হ’ব।

স্থাপন কৰিবলগীয়া আন আন প্ৰকল্পসমূহৰ ভিতৰত আছে বাৰাণসীৰ ছটা ধৰ্মীয়ভাৱে গুৰুত্বপূৰ্ণ স্থানত সাজপাৰ সলোৱাৰ বাবে ভাসমান ঘৰ, কাৰ্ছাৰৰ চিপেট কেম্পাছত হোষ্টেল নিৰ্মাণ।

এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে উত্তৰ প্ৰদেশৰ পিএম স্বনিধি আঁচনিৰ ঋণ, পিএমএৱাই গ্ৰামীণ আঁচনিৰ অধীনত নিৰ্মিত ঘৰৰ হিতাধিকাৰীক চাবি আৰু আয়ুষ্মান কাৰ্ড বিতৰণ কৰিব। ফলত ৫ লাখ পৰিয়ালক পিএমএৱাই আঁচনিৰ অধীনত ঘৰৰ সুবিধা নিশ্চিত কৰা হ’ব। ২ কোটি ৮৮ লাখ আয়ুষ্মান কাৰ্ড বিতৰণৰ উপৰিও ১ লাখ ২৫ হাজাৰ লোকক পিএম স্বনিধি ঋণ প্ৰদান কৰা হ’ব। লগতে ২ কোটি ৮৮ লাখ আয়ুষ্মান কাৰ্ড বিতৰণ কৰা হ'ব।

ৱাৰংগলত প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰীয়ে ৬,১০০ কোটি টকা ব্যয়েৰে তেলেংগানাত এক গোট উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব৷ তেওঁ ৫,৫৫০ কোটিতকৈ অধিক মূল্যৰ ১৭৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বিভিন্ন প্ৰকল্প উদ্বোধন কৰিব। ইয়াৰ ভিতৰত উল্লেখযোগ্য হৈছে নাগপুৰ-বিজয়ৱাৰা কৰিড’ৰৰ ১০৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ মানচেৰিয়েল-ৱাৰংগল শাখা। যদি এই প্ৰকল্প কাৰ্যকৰী হয় তেন্তে মানচেৰিয়াল আৰু ৱাৰংগলৰ মাজৰ দূৰত্ব ৩৪ কিলোমিটাৰ হ্ৰাস পাব। ৫৬৩ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৬৮ কিলোমিটাৰ দৈৰ্ঘ্য কৰিমনগৰ-ৱাৰংগল শাখাৰ ফ’ৰলেনিঙৰ আধাৰশিলা স্থাপন কৰাৰ উপৰিও কাজিপেটত এটা ৰে’লৱে সামগ্ৰী নিৰ্মাণ কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰিব। ইয়াৰ বাবে ৫০০ কোটি টকা ধাৰ্য কৰা হৈছে। নিজ নিজ কেন্দ্ৰত ৰবটিক্সৰ সহায়ত ৰে’ল ৱেগনত ৰং কৰিব পাৰি। ইয়াৰ ফলত নিজ নিজ অঞ্চলৰ উন্নয়ন আৰু কৰ্মসংস্থাপনৰ সৃষ্টি হ’ব।

বিকানেৰত প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰীয়ে বিকানেৰত ২৪,৩০০ কোটি টকাৰো অধিক মূল্যৰ এলানি উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। ফলত সংশ্লিষ্ট অঞ্চলৰ আন্তঃগাঁথনি উন্নীত কৰা হ’ব।

প্ৰধানমন্ত্ৰীয়ে অমৃতসৰ-জামনগৰ অৰ্থনৈতিক কৰিড’ৰৰ ছয় লেনযুক্ত গ্ৰীণফিল্ড এক্সপ্ৰেছৱে ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰিব। হনুমানগড় জিলাৰ ঝকদাৱালী গাঁও আৰু জালৌৰ জিলাৰ খেটলাৱাছৰ মাজত ৫০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ নিৰ্মাণৰ বাবে ১১,১২৫ কোটি টকা ব্যয় কৰা হৈছে। ইয়াৰ দ্বাৰা গুৰুত্বপূৰ্ণ চহৰ আৰু উদ্যোগিক কৰিড’ৰৰ সৈতে উন্নত সংযোগ সম্ভৱ হ’ব। এই প্ৰকল্পৰ জৰিয়তে সামগ্ৰীৰ পৰিবহণ ক্ষিপ্ৰ হ’ব। ইয়াৰ দ্বাৰা পৰ্যটন আৰু বিত্তীয় উন্নয়নো ত্বৰান্বিত হ’ব।

প্ৰধানমন্ত্ৰীয়ে বিদ্যুৎ খণ্ড শক্তিশালী কৰাৰ বাবে আন্তঃৰাজ্যিক বিদ্যুৎ যোগান লাইনৰ প্ৰথম পৰ্যায়ৰ উদ্বোধন কৰিব। এই প্ৰকল্পত ১০,৯৫০ কোটি টকা ব্যয় কৰা হৈছে। এই প্ৰকল্পৰ জৰিয়তে ৬ গিগাৱাট নবীকৰণযোগ্য বিদ্যুৎ উৎপাদন হ’ব যিটো পৰিৱেশ অনুকূল। পশ্চিম অঞ্চলৰ নবীকৰণযোগ্য শক্তি আৰু তাপ শক্তি কেন্দ্ৰৰ মাজতো ভাৰসাম্য ৰক্ষা কৰা হ’ব। লগতে উত্তৰ অঞ্চলত উৎপাদিত জলবিদ্যুৎ অন্য ঠাইত যোগান ধৰা হ’ব। বিকানেৰ আৰু ভীৱাড়ীৰ মাজত বিদ্যুৎ যোগান লাইন উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে। এই প্ৰকল্পৰ নিৰ্মাণৰ বাবে ১,৩৪০ কোটি টকা ব্যয় কৰা হৈছে। বিকানেৰৰ পৰা ভীৱাড়ীলৈ যোগান লাইনত বিদ্যুৎ সঞ্চাৰণ কৰিলে ৰাজস্থানত ৮.১ গিগাৱাট সৌৰশক্তিৰ উৎপাদন সম্ভৱ হ’ব।

প্ৰধানমন্ত্ৰীয়ে বিকানেৰত কৰ্মচাৰী ভৱিষ্যনিধি সংস্থাৰ বাবে ৩০খন বিছনাযুক্ত চিকিৎসালয় উদ্বোধন কৰিব। ফলত এই চিকিৎসালয়খনত ১০০খন বিচনা উপলব্ধ হ’ব। এই চিকিৎসালয়খনে স্থানীয় ৰাইজক স্বাস্থ্য সেৱা আগবঢ়োৱাত সহায়ক হ’ব।

লগতে বিকানেৰ ৰে’লৱে ষ্টেচন পুনৰ উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। ৪৫০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণৰ কাম সম্পূৰ্ণ হোৱাৰ পিছত সংশ্লিষ্ট ৰে’ল ষ্টেচনলৈ যাতায়ত সুবিধা হ’ব।

শ্ৰী মোদীয়ে চাৰু আৰু ৰাতংগৰ মাজৰ ৪৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰে’লপথৰ দ্বিতীয় লাইনৰ আধাৰশিলা স্থাপন কৰিব। এই ৰে’ল প্ৰকল্প কাৰ্যকৰী হ’লে জীপচাম, চূণশিল, খাদ্য শস্য, সাৰকে ধৰি বিভিন্ন সামগ্ৰী দেশৰ অন্যান্য প্ৰান্তলৈ পৰিবহণৰ সুবিধা হ’ব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
'Best Never The Loudest': Bear Grylls Gives Shoutout To ‘Powerful Leader’ PM Modi

Media Coverage

'Best Never The Loudest': Bear Grylls Gives Shoutout To ‘Powerful Leader’ PM Modi
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Cabinet approves infrastructure projects between National Highway-19 and Varanasi Ring Road in Uttar Pradesh worth Rs.14447.64 crore
July 15, 2026

The Cabinet Committee on Economic Affairs, chaired by the Prime Minister Shri Narendra Modi, today has approved the development of a Link/Connector Corridor between National Highway-19 (NH-19) and the Varanasi Ring Road with riverbank connectivity along the River Ganga for the decongestion of Varanasi City in Uttar Pradesh. The 46.039 km project, comprising a six-lane elevated main carriageway, an iconic cable-stayed bridge, an extradosed Foot Over Bridge-cum-Major Bridge, loops, ramps, link roads and service roads, will be implemented under the Hybrid Annuity Model (HAM) at a total capital cost of Rs.14,447.64 crore including a civil construction cost of Rs.6,037.85 crore (including utility shifting, excluding GST) and a land acquisition cost of Rs.541.11 crore under NH(O).

The project will provide seamless connectivity between NH-19 and the Varanasi Ring Road, significantly decongesting the city’s road network and improving urban mobility. Designed for an operating speed of 80–100 km/h, it is expected to reduce the average travel time across the project influence area from approximately 60 minutes to 20 minutes, representing a reduction of nearly 67 per cent. Travel time between NH-19 and Kashi Railway Station will be reduced from approximately 50 minutes to about 25 minutes, resulting in a saving of about 25 minutes (nearly 50 per cent).

Aligned with the PM Gati Shakti National Master Plan, the corridor will strengthen multimodal connectivity by providing seamless access to major highways, railway stations, Lal Bahadur Shastri Airport and Ramnagar IWAI Port, while significantly improving connectivity to key religious, educational and cultural landmarks, including the Kashi Vishwanath Temple, Banaras Hindu University (BHU), Namo Ghat, Ramnagar Fort and the Ghats of Varanasi. By linking important economic, social and logistics nodes, the project will improve logistics efficiency, enhance road safety, facilitate tourism and pilgrimage, and support sustainable regional economic growth across eastern Uttar Pradesh.

The corridor has been conceived as a transformative urban mobility project to decongest the road network of Varanasi & Chandauli by providing a high-speed, access-controlled connection between NH-19, the Varanasi Ring Road (NH-135B), Ramnagar/ BHU and other major urban destinations. With more than 15 crore tourists and pilgrims visiting Varanasi every year, the project will significantly improve connectivity to major religious, educational and cultural landmarks, including the Kashi Vishwanath Temple, Banaras Hindu University (BHU), Namo Ghat, Ramnagar Fort, the Ghats of Varanasi, and Kashi Railway Station, while substantially reducing congestion on the existing city road network. An elevated spur between BHU/Lanka and Samne Ghat will further ease traffic congestion at the heavily trafficked Lanka Junction by separating through traffic from local traffic movements.

The project will improve road safety through controlled-access movement, reduce vehicle operating costs and emissions, enhance travel reliability, and facilitate the efficient movement of passenger and freight traffic. It will also decongest NH-19, the BHU-Ramnagar Corridor and NH-35 by diverting through traffic away from the densely developed urban core.

The project incorporates several landmark engineering features, including an iconic 910 m cable-stayed bridge across the River Ganga, a 1.32 km extradosed Foot Over Bridge-cum-Major Bridge with travelators providing seamless pedestrian connectivity to the Kashi Vishwanath Temple, a Rail Over Bridge over the existing/proposed Malviya Bridge, dedicated emergency parking bays, noise barriers, façade lighting and architectural elements inspired by the cultural heritage of Varanasi. These features will not only improve transportation efficiency but also enhance the city’s urban landscape, create an iconic addition to Varanasi’s skyline, and reinforce its position as one of India’s foremost religious and cultural destinations.

Planned in accordance with the PM Gati Shakti National Master Plan, the corridor will strengthen multimodal connectivity by linking one Economic Node (Chandauli SEZ), one Social Node (Chandauli Aspirational District) and six major Logistics Nodes, namely Lal Bahadur Shastri Airport, Kashi Railway Station, Banaras Railway Station, Varanasi City Railway Station, Pt. Deen Dayal Upadhyay Junction and Ramnagar IWAI Port. By providing seamless connectivity between these transport hubs and key destinations such as the Kashi Vishwanath Temple, Banaras Hindu University (BHU), Namo Ghat, Ramnagar Fort and the Ghats of Varanasi, the project will enhance multimodal integration, improve logistics efficiency, facilitate tourism and pilgrimage, and support sustainable regional economic development across eastern Uttar Pradesh.

Overall, the proposed Ganga Elevated Corridor will create a modern, high-capacity urban transport corridor that transforms mobility in Varanasi by providing faster, safer and more reliable connectivity, significantly reducing congestion, strengthening multimodal integration, enhancing tourism and pilgrimage infrastructure, and supporting sustainable economic growth in line with the vision of PM Gati Shakti and Viksit Bharat.

Map of Corridor: