PM to launch Gangajal Project to Provide Better and More Assured Water Supply
PM to Address a Public Gathering in Agra

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ অৰ্থাৎ ৯ জানুৱাৰী ২০১৯ তাৰিখে উত্তৰ প্ৰদেশৰ আগ্ৰা ভ্ৰমণ কৰিব৷ তাত তেওঁ গংগাজল প্ৰকল্প আৰু বিভিন্ন উন্নয়নমূলক প্ৰকল্প মুকলি কৰিব৷ তাৰোপৰি তেওঁ আগ্ৰা স্মাৰ্ট চিটীৰ বাবে ইণ্টিগ্ৰেটেড কমাণ্ড এণ্ড কণ্ট্ৰ’ল চেণ্টাৰ, এছ এন চিকিত্সা মহাবিদ্যালয়ৰ উন্নীতকৰণ ইত্যাদিৰ আধাৰশিলাও স্থাপন কৰিব৷

গংগাজল কাৰ্যসূচীত ২৮৮০ কোটি টকা ধাৰ্য কৰা হৈছে৷ ই আগ্ৰাত উন্নত আৰু নিশ্চিত পানী যোগানৰ সুবিধা প্ৰদান কৰিব৷ ইয়াৰ দ্বাৰা চহৰবাসীৰ লগতে পৰ্যটকসমূহো উপকৃত হ’ব৷ এছ এন চিকিত্সা মহাবিদ্যালয়ৰ উন্নীতৰণত ২০০ কোটি টকা ধাৰ্য কৰা হৈছে য’ত মহিলাৰ বাবে ১০০খন প্ৰসূতি বিচনাৰ সুবিধা থাকিব৷ ইয়াৰ দ্বাৰা সমাজৰ দুৰ্বল অংশৰ স্বাস্থ্য আৰু প্ৰসূতিজনিত সেৱা নিশ্চিত হ’ব৷ আগ্ৰা স্মাৰ্ট চিটীৰ বাবে ইণ্টিগ্ৰেটেড কমাণ্ড এণ্ড কণ্ট্ৰ’ল চেণ্টাৰ প্ৰকল্পত ২৮৫ কোটি টকা ধাৰ্য কৰা হৈছে৷ ইয়াৰ দ্বাৰা আগ্ৰা এক আধুনিক চহৰলৈ পৰ্যবসিত হোৱাৰ লগতে পৰ্যটকৰ বাবেও আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰিব৷

প্ৰধানমন্ত্ৰীয়ে আগ্ৰাৰ কোঠি মীনা বাজাৰত উপস্থিত জনতাক সম্বোধি ভাষণ প্ৰদান কৰিব৷ প্ৰধানমন্ত্ৰী এয়া চহৰখনলৈ দ্বিতীয় ভ্ৰমণ৷ ২০১৬ চনৰ ২০ নৱেম্বৰৰ পূৰ্বৰ ভ্ৰমণত তেওঁ প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ) আঁচনি মুকলি কৰিছিল৷ এই আঁচনিৰ অধীনত উত্তৰ প্ৰদেশত ৯.২ লাখৰ লগতে চহৰখনত ৬৫ লাখ গৃহ নিৰ্মাণ কৰা হৈছে৷ তেওঁ অঞ্চলটোৰ বাবে ৰে’ল আন্তঃগাঁথনি আৰু সেৱাসমূহো মুকলি কৰিছিল৷

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
IIT Delhi tops India in QS Rankings 2027; 52 Indian institutions feature

Media Coverage

IIT Delhi tops India in QS Rankings 2027; 52 Indian institutions feature
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 18 জুন 2026
June 18, 2026

PM Modi’s Leadership Delivers: Electronic Interlocking, Semiconductor Push & Tariff-Free UK Access