প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীৰ ৭, লোক কল্যান মাৰ্গত ১৩ জানুৱাৰী, ২০১৯ত গুৰু গোৱিন্দ সিং জীৰ স্মৃতিত এটা স্মাৰক মুদ্ৰা মুকলি কৰিব৷ গুৰু গোৱিন্দ সিং জীৰ জন্ম বাৰ্ষিকী উপলক্ষে এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে৷ এই উপলক্ষে প্ৰধানমন্ত্ৰী একাংশ বিশিষ্ট লোকক সম্বোধি ভাষণ আগবঢ়াব৷

দশমগৰাকী শিখ গুৰু- গুৰু গোৱিন্দ সিঙৰশিক্ষা আৰু আদৰ্শৰ বাবে বহু লোকৰ প্ৰেৰণাৰ উৎস আছিল৷ ২০১৭ৰ ৫ জানুৱাৰীত পাটনাত আয়োজিত শ্ৰী গুৰু গোৱিন্দ সিং জী মহাৰাজৰ ৩৫০সংখ্যক জয়ন্তী উদযাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত আছিল৷ এই উপলক্ষে তেওঁ এটা স্মাৰক ডাক টিকটো উন্মোচন কৰে৷ অনুষ্ঠানত ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে কেনেকৈ গুৰু গোৱিন্দ সিঙে খালছা সম্প্ৰদায় আৰু পঞ্চপ্যাৰছেৰে ভাৰতৰ বিভিন্ন স্থানক একত্ৰিত কৰাৰ ব্যতিক্ৰমী প্ৰয়াস কৰিছিল৷ তেওঁ কয় যে গুৰু গোৱিন্দ সিং জীয়ে জ্ঞানক তেওঁৰ শিক্ষাৰ আধাৰ হিচাপে লৈছিল৷

সমাজৰ দুৰ্বল শ্ৰেণীৰ বাবে গুৰু গোৱিন্দ সিঙৰ যুঁজক স্মৰণ কৰি ৩০ ডিচেম্বৰ, ২০১৮ত আকাশবাণী যোগে সম্প্ৰসাৰিত তেওঁৰ মন কী বাত অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে কয় যে গুৰু গোৱিন্দ সিং জীয়ে বিশ্বাস কৰিছিল যে সমাজৰ দুৰ্বল শ্ৰেণীৰ বাবে কৰা কামেই আটাইতকৈ ডাঙৰ সেৱা৷ তেওঁ গুৰু গোৱিন্দ সিং জীৰ বীৰত্ব, ত্যাগ আৰু সমৰ্পনৰ ভূয়সী প্ৰশংসা কৰে৷

২০১৬ৰ ১৮ অক্টোবৰত লুধিয়ানা ৰাষ্টীয় এমএছএমই বঁটা প্ৰদান অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে গুৰু গোৱিন্দ সিঙৰ প্ৰাতঃস্মৰণীয় এক বাৰ্তা স্মৰণ কৰি কয় যে সকলো জনসাধাৰণে সমগ্ৰ মানৱ জীৱনত এটা কথা বিবেচনা কৰিব লাগে যে ডাঙৰ অথবা সৰু বুলি একো নাই, কোনো স্পৃশ্য-অস্পৃশ্য নাই৷ ২০১৬ৰ ১৫ আগষ্টত প্ৰধানমন্ত্ৰীয়ে স্বাধীনতা দিৱসৰ ভাষণত দেশৰ বাবে ত্যাগৰ গাঁথাক উল্লেখ কৰি শিখ গুৰুসকলৰ পৰম্পৰাক স্মৰণ কৰে৷

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India solar capacity to quadruple, wind to triple over decade: Power ministry adviser

Media Coverage

India solar capacity to quadruple, wind to triple over decade: Power ministry adviser
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 20 মাৰ্চ 2026
March 20, 2026

Viksit Bharat in Action: PM Modi’s Vision Transforming Culture, Commerce, Education & Global Resilience