প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এক ঐতিহাসিক পদক্ষেপৰ জৰিয়তে ০১ অক্টোবৰ, ২০২১ৰ পুৱা ১১ বজাত ডাঃ আম্বেদকাৰ ইণ্টাৰনেচনেল চেণ্টাৰ, নতুন দিল্লীত স্বচ্ছ ভাৰত মিছন- চহৰীয়া ২.০ আৰু ইয়াৰ লগতে কায়াকল্প তথা চহৰীয়া সংশোধনৰ বাবে অটল মিছন ২.০ৰ শুভাৰম্ভ কৰিব।

প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগী অনুসৰি, এছবিএম- ইউ ২.০ আৰু অমৃত ২.০ক আমাৰ সকলো চহৰক 'আৱৰ্জনা মুক্ত' আৰু 'জল সুৰক্ষিত' কৰিবলৈ থকা আকাংক্ষাক সাকাৰ কৰিবৰ বাবে প্ৰস্তুত কৰা হৈছে। এই আগশাৰীৰ মিছনে ভাৰতত দ্ৰুত গতিত চহৰীকৰণৰ প্ৰত্যাহ্বানবিলাক ফলপ্ৰসু ৰূপত সমাধান কৰাৰ দিশত এটা পদক্ষেপ আগবঢ়াৰ সংকেত দিয়াৰ লগতে দীৰ্ঘস্থায়ী বিকাশৰ লক্ষ্য ২০৩০ৰ উপলব্ধিত যোগদান কৰাটো সহায়ক হ'ব।

আৱাস আৰু চহৰীয়া বিষয়ৰ কেন্দ্ৰীয় মন্ত্ৰী তথা ৰাজ্য মন্ত্ৰী আৰু ৰাজ্য তথা কেন্দ্ৰীয় শাসিত প্ৰদেশসমূহৰ চহৰীয়া বিকাশ মন্ত্ৰীও এই অনুষ্ঠানত উপস্থিত থাকিব।

স্বচ্ছ ভাৰত মিছনচহৰীয়া .০ৰ বিষয়ে

এছবিএম-ইউ ২.০ই সকলো চহৰক 'আৱৰ্জনা মুক্ত' কৰিবলৈ আৰু অমৃতৰ আওতাত পৰা চহৰসমূহৰ বাহিৰে অন্য সকলো চহৰত ধূসৰ আৰু ক'লা পানীৰ প্ৰবন্ধন সুনিশ্চিত কৰা, সকলো চহৰীয়া স্থানীয় নিকায়ক অ'ডিএফ+ আৰু ১ লাখতকৈ কম জনসংখ্যা থকাক অ'ডিএফ++ৰ ৰূপত প্ৰস্তুত কৰাৰ পৰিকল্পনা কৰিছে, যাৰ জৰিয়তে চহৰীয়া ক্ষেত্ৰসমূহত সুৰক্ষিত স্বচ্ছতাৰ লক্ষ্যক সম্পূৰ্ণ কৰিব পৰা যাব। মিছনৰ জৰিয়তে গোটা অৱশিষ্টৰ স্ৰোত পৃথককৰণ, থ্ৰী-আৰ, ৰিডিউছ (কম কৰা), ৰি-ইউজ (পুনৰ ব্যৱহাৰ), ৰিছাইকল (পুনৰ প্ৰক্ৰিয়াকৰণ)ৰ সিদ্ধান্তসমূহৰ প্ৰয়োগ কৰা, সকলো ধৰণৰ চহৰীয়া গোটা আৱৰ্জনাৰ বৈজ্ঞানিক প্ৰক্ৰিয়াকৰণ আৰু প্ৰভাৱশালী গোটা অৱশিষ্ট প্ৰবন্ধনৰ বাবে ডাম্পছাইটৰ সংশোধনৰ ওপৰত মনোযোগ কেন্দ্ৰীভূত কৰা হ'ব। এছবিএম-ইউ ২.০ৰ মুঠ ব্যয় প্ৰায় ১.৪১ লাখ কোটি টকা।

অমৃত .০ৰ বিষয়ে

অমৃত ২.০ৰ লক্ষ্য প্ৰায় ২.৬৪ কোটি ছিৱেৰেজ/ছেপ্টেজ কানেকচন প্ৰদান কৰি প্ৰায় ২.৬৮ কোটি নল কানেকচন আৰু ৫০০ অমৃত চহৰত ছিৱেৰেজ আৰু ছেপ্টেজৰ এশ শতাংশ কভাৰেজ কৰি, প্ৰায় ৪,৭০০ চহৰীয়া স্থানীয় নিকায়ত সকলো ঘৰতে খোৱা পানীৰ যোগানৰ এশ শতাংশ কভাৰেজ প্ৰদান কৰা, যাৰ জৰিয়তে চহৰীয়া ক্ষেত্ৰসমূহত ১০.৫ কোটিতকৈ অধিক লোক লাভবান হ'ব। অমৃত ২.০ই চাৰ্কুলাৰ ইকনমীৰ সিদ্ধান্তসমূহ প্ৰয়োগ কৰিব আৰু উপৰিভাগৰ তথা ভূজল নিকায়সমূহৰ সংৰক্ষণ আৰু কায়াকল্পক উদগণি দিব। মিছনে নবীনতম বৈশ্বিক প্ৰযুক্তি আৰু দক্ষতাৰ সুযোগ ল'বলৈ জল প্ৰবন্ধন আৰু প্ৰযুক্তি উপ-মিছনত ডেটা আধাৰিত ব্যৱস্থাক উদগণি দিব। চহৰসমূহৰ মাজত প্ৰগতিশীল প্ৰতিযোগিতাক উদগণি দিবৰ বাবে 'পেয় জল সৰ্বেক্ষণ' আয়োজন কৰা হ'ব। অমৃত ২.০ৰ মুঠ ব্যয় প্ৰায় ২.৮৭ লাখ কোটি টকা। 

এছবিএম-ইউ আৰু অমৃতৰ প্ৰভাৱ

এছবিএম-ইউ আৰু অমৃতে যোৱা সাত বছৰত চহৰীয়া দৃশ্যপট উন্নত কৰি তোলাত গুৰুত্বপূৰ্ণ যোগদান দিছে। এই দুয়োটা আগশাৰীৰ মিছনে নাগৰিকক পানী যোগান আৰু স্বচ্ছতাৰ বুনিয়াদী সেৱাসমূহ প্ৰদান কৰাৰ ক্ষমতা বৃদ্ধি কৰিছে। স্বচ্ছতা আজি জন আন্দোলন হৈ পৰিছে। সকলো চহৰীয়া স্থানীয় নিকায়ক মুকলিত মল ত্যাগৰ পৰা মুক্ত (অ'ডিএফ) ঘোষিত কৰা হৈছে আৰু ৭০ শতাংশ গোটা আৱৰ্জনাক এতিয়া বৈজ্ঞানিক ৰূপত সংসাধিত কৰি থকা হৈছে। অমৃতে ১.১ কোটি ঘৰুৱা নল কানেকচন আৰু ৮৫ লাখ ছিৱেৰ কানেকচন সংলগ্ন কৰি জল সুৰক্ষা সুনিশ্চিত কৰাত লাগি আছে, যাৰ জৰিয়তে ৪ কোটিতকৈও অধিক লোক লাভবান হ'ব।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
First multilingual Indian speech recognition model trained on 65 languages and dialects released

Media Coverage

First multilingual Indian speech recognition model trained on 65 languages and dialects released
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
President’s address on the eve of 80th Independence Day reflects the nation’s strength and inspires renewed determination for a Viksit Bharat: PM
August 14, 2026

Prime Minister Shri Narendra Modi today lauded the address delivered by President of India, Smt. Droupadi Murmu, on the eve of 80th Independence Day noting that it was motivating and thoughtful.

The Prime Minister observed that her thoughts reflect the strength of our nation and the aspirations of every Indian. He stated that her message inspires us all to work with renewed determination for a Viksit Bharat.

In a post on X, the Prime Minister shared:

"A motivating and thoughtful address by Rashtrapati Ji on the eve of Independence Day.

Her thoughts reflect the strength of our nation and the aspirations of every Indian.

Her message inspires us all to work with renewed determination for a Viksit Bharat.

@rashtrapatibhvn"