প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১ ছেপ্তেম্বৰ শনিবাৰে নতুন দিল্লীৰ তালকাটোৰা ষ্টেডিয়ামত ইণ্ডিয়া প’ষ্ট পেমেণ্টছ বেংক(আইপিপিবি)মুকলি কৰিব৷

আইপিপিবিক দেশৰ সাধাৰণ লোকৰ বাবে সহজলভ্য, সুলভ আৰু বিশ্বাসযোগ্য বেংক হিচাপে গঢ়ি তোলা হ’ব, যাতে ইয়াৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰৰ বিত্তীয় অন্তৰ্ভুক্তিৰ লক্ষ্যসমূহ দ্ৰুতগতিত পূৰণ কৰিব পৰা যায়৷ দেশৰ প্ৰতিটো প্ৰান্তত বিয়পি থকা ৩ লাখৰো অধিক প’ষ্টমেন আৰু গ্ৰামীণ ডাকসেৱাৰে সমৃদ্ধ ভাৰতীয় ডাক বিভাগৰ বৃহৎ নেটৱৰ্কে এই বেংকক শক্তিশালী কৰিব৷ এইবাবে আইপিপিবিয়ে ভাৰতীয় লোকৰ মাজত বেংকিং সেৱা আগবঢ়োৱাত উল্লেখনীয় ভূমিকা পালন কৰিব৷

দেশৰ সকলো ভিতৰুৱা অঞ্চলৰ জনাসাধাৰণে চৰকাৰী সা-সুবিধাসমূহ দ্ৰুতগতিৰে লাভ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ প্ৰচেষ্টাক আইপিপিবিৰ আৰম্ভণিয়ে উদগণি যোগাব৷

মুকলিৰ দিনা সমগ্ৰ দেশত আইপিপিবিৰ ৬৫০টা শাখা আৰু ৩২৫০টা এক্সেছ পইণ্ট থাকিব৷ এই শাখা আৰু এক্সেছ পইণ্টতো অনুৰূপ মুকলি অনুষ্ঠান আয়োজন কৰা হৈছে৷

আইপিপিবি ব্যৱস্থাৰ সৈতে দেশৰ সকলো ১.৫৫লাখ ডাকঘৰ অহা ৩১ ডিচেম্বৰ,২০১৮ত সংযুক্ত কৰা হৈছে৷

আইপিপিবিয়ে ছেভিংছ আৰু কাৰেণ্ট একাউণ্টছ, ধন ট্ৰেন্সফাৰ, প্ৰত্যক্ষ লাভ হস্তান্তৰ, বিল আৰু ইউটিলিটী পেমেণ্টছ, উদ্যোগ আৰু বাণিজ্যিক পেমেণ্টছ আদিৰ দৰে সেৱা আগবঢ়াব৷ বেংকৰ অত্যাধুনিক প্ৰযুক্তি প্লেটফ’ৰ্ম ব্যৱহাৰ কৰি কেইবাটাও মাধ্যম(কাউণ্টাৰ সেৱা, মাইক্ৰ’-এটিএম, মোবাইল বেংকিং এপছ, এছএমএছ আৰু আইভিআৰ)ৰ জৰিয়তে সেৱাসমূহ আগবঢ়োৱা হ’ব৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Jumbo Indian contingent comprising 768 athletes, support staff and officials for Asian Games

Media Coverage

Jumbo Indian contingent comprising 768 athletes, support staff and officials for Asian Games
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 4 ছেপ্টেম্বৰ 2026
September 04, 2026

Make in India, Power India, Play for India: Multi-Sector Momentum Under PM Modi’s Leadership