প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৭ অক্টোবৰ, ২০২০ৰ বিয়লি ৪.৪৫ বজাত ভিডিঅ’ কনফাৰেন্সযোগে ‘সতৰ্ক ভাৰত, সমৃদ্ধ ভাৰত’ শীৰ্ষক সতৰ্কতা আৰু দুৰ্নীতি বিৰোধীতাৰ সন্দৰ্ভত ৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন কৰিব৷

এই সন্মিলনৰ উদ্বোধনী অনুষ্ঠান পোনপটীয়াকৈ এই লিংকযোগে https://pmindiawebcast.nic.in/ চাব পাৰিব৷

পটভূমিঃ

প্ৰতি বছৰৰ ২৭ অক্টোবৰৰ পৰা ২ নৱেম্বৰলৈ পালন কৰা ‘সতৰ্কতা সজাগতা সপ্তাহ’ৰ সৈতে সংগতি ৰাখি কেন্দ্ৰীয় চোৰাংচোৱা সংস্থা, চিবিআয়ে এই ৰাষ্ট্ৰীয় সন্মিলনৰ আয়োজন কৰিছে৷ এই সন্মিলনৰ কাম–কাজত সতৰ্কতা সম্পৰ্কীয় বিষয়ত ধ্যান দিয়া হ’ব, য’ত জনসাধাৰণক সজাগ কৰা আৰু নাগৰিকসকলৰ সহযোগিতাৰে ৰাজহুৱা জীৱনত ঐক্যবদ্ধতা আৰু সত্যনিষ্ঠাৰে ভাৰতৰ সংকল্পক পুনৰ নিশ্চিত কৰা৷

এই তিনিদিনীয়া সন্মিলনত বিদেশত আইনী ক্ষেত্ৰৰ প্ৰত্যাহ্বান, ভষ্ট্ৰাচাৰৰ বিৰুদ্ধে প্ৰতিৰোধমূলক সতৰ্কতাৰে পদ্ধতিগতভাৱে নিয়ন্ত্ৰণ কৰা, বিত্তীয় অন্তৰ্ভূক্তিৰ পৰ্যাক্ৰমে সংস্কাৰ সাধন আৰু বেংকসমূহৰ জাতিয়াতি ৰোধ কৰা, বিকাশৰ ইঞ্জিন হিচাপে ফলপ্ৰসূ গণনাৰ বিচাৰ কৰা, সক্ষমতা গঢ় দিয়া আৰু প্ৰশিক্ষণ, ত্বৰান্বিত আৰু অধিক ফলপ্ৰসূ অনুসন্ধানৰ বাবে এজেন্সিসমূহক বহুপাক্ষিক সমন্বয় সাধন কৰা, আৰ্থিক অপৰাধৰ বৰ্ধিত গতি, চাইবাৰ অপৰাধ আৰু অপৰাধ অনুসন্ধান সংস্থাসমূহৰ মাজত অনুসন্ধান আৰু অপৰাধ প্ৰতিৰোধ কৰাৰ বাবে গ্ৰহণ কৰা নিয়মসমূহ শ্বেয়াৰ কৰা ইত্যাদি দিশবোৰ আলোচনা কৰা হ’ব৷

এই সন্মিলনত নীতি নিৰ্ধাৰক আৰু এই ধৰণৰ আইনৰ ক্ষেত্ৰত কাম কৰি থকা বৃত্তিধাৰকসকলক এক সমান মঞ্চ প্ৰদান কৰা হ’ব, যাতে তেওঁলোকে পদ্ধতিগত সংস্কাসমূহৰ সৈতে যুঁজ দিব পাৰে আৰু ইয়াৰ জৰিয়তে সুশাসন তথা জবাবদিহি প্ৰশাসন ব্যৱস্থাত উদ্গনি লাভ কৰিব৷ এয়া ভাৰতত ব্যৱসায় কৰাৰ ক্ষেত্ৰত সৰলীকৰণৰ বাবে এক গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াব৷

কেন্দ্ৰীয় উত্তৰ–পূৰ্বাঞ্চল উন্নয়ন দপ্তৰ(স্বতন্ত্ৰ দায়িত্ব), প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, কৰ্মচাৰী, ৰাজহুৱা অভিযোগ, পেন্সন, আণৱিক শক্তি আৰু মহাকাশ বিভাগৰ ৰাজ্যিক মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙেও এই উদ্বোধনী অনুষ্ঠানত ভাষণ আগবঢ়াব৷

এই সন্মিলনত দুৰ্নীতি বিৰোধী ব্যুৰ’ৰ শীৰ্ষ অধিকাৰী, সতৰ্কতা ব্যুৰ’, অৰ্থনৈতিক অপৰাধ বিভাগ/ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ চিআইডি বিষয়া, মুখ্য সৰ্তকতা বিষয়া, চিবিআইৰ বিষয়াবৰ্গৰ লগতে বিভিন্ন কেন্দ্ৰীয় সংস্থাৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব৷ সন্মিলনত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্য সচিবসকলৰ লগতে আৰক্ষীৰ সঞ্চালক প্ৰধানসকলেও অংশগ্ৰহণ কৰিব৷

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Vikas Bhi, Virasat Bhi: How JATAN, AI and Digital Archives are revolutionising India’s cultural heritage preservation

Media Coverage

Vikas Bhi, Virasat Bhi: How JATAN, AI and Digital Archives are revolutionising India’s cultural heritage preservation
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
ভাৰত ত্যাগ আন্দোলনৰ সাহসী অংশগ্ৰহণকাৰীসকলক প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি
August 09, 2026

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ঐতিহাসিক ভাৰত ত্যাগ আন্দোলনত অংশগ্ৰহণ কৰা সকলো কৰ্মীকে স্মৰণ কৰি ভাৰতৰ স্বাধীনতা সংগ্ৰামত তেওঁলোকৰ সাহস আৰু দৃঢ়তাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰী মোদীয়ে কয় যে মহাত্মা গান্ধীৰ নেতৃত্বত অনুপ্ৰাণিত হৈ ভাৰত ত্যাগ আন্দোলনৰ সুদৃঢ় আহ্বানে স্বাধীনতা সংগ্ৰামত নতুন শক্তিৰ সঞ্চাৰ ঘটাইছিল আৰু ভাৰতৰ জনসাধাৰণৰ ঔপনিৱেশিক শাসনৰ পৰা মুক্তি লাভৰ অদম্য সংকল্পক প্ৰতিফলিত কৰিছিল।

প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সত পোষ্ট কৰিছে :

ঐতিহাসিক ভাৰত ত্যাগ আন্দোলনত অংশগ্ৰহণ কৰা সকলো কৰ্মীকে স্মৰণ কৰিছো। তেওঁলোকৰ সাহস প্ৰতিজন ভাৰতীয়ৰ বাবে সদায় প্ৰেৰণাৰ উৎস হৈ থাকিব। মহাত্মা গান্ধীজীৰ নেতৃত্বত অনুপ্ৰাণিত হৈ ভাৰত ত্যাগ কৰাৰ সুদৃঢ় আহ্বানে আমাৰ স্বাধীনতা সংগ্ৰামত নতুন শক্তিৰ সঞ্চাৰ ঘটাইছিল আৰু আমাৰ জনসাধাৰণৰ ঔপনিৱেশিক শাসনৰ পৰা মুক্তি লাভৰ অদম্য সংকল্পক প্ৰতিফলিত কৰিছিল।