প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৫ ছেপ্টেম্বৰত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে বিহাৰৰ নগৰীয়া আন্তঃগাঁথনিৰে সম্পৰ্কীয় সাতটা প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। এইসমূহৰ ভিতৰত, চাৰিটা প্ৰকল্প পানী যোগানেৰে সম্পৰ্কীয়, দুটা মলজল শোধন আৰু এটা ৰিভাৰফ্ৰন্ট উন্নয়নেৰে জড়িত। এই প্ৰকল্পসমূহৰ মুঠ ব্যয় ৫৪১ কোটি টকা। এই প্ৰকল্পসমূহ ৰূপায়ণৰ দায়িত্বত আছে বিহাৰৰ নগৰীয়া উন্নয়ন আৰু গৃহ নিৰ্মাণ বিভাগৰ অধীনস্থ বিহাৰ নগৰীয়া আন্তঃগাঁথনি উন্নয়ন নিগম (BUIDCO)। এই কাৰ্যসূচীত বিহাৰৰ মুখ্য মন্ত্ৰীও উপস্থিত থাকিব।

সৱিশেষ

পাটনা পৌৰ নিগমৰদ্বাৰা নমামী গংগাৰ অধীনত বেউৰ আৰু কৰ্মলীচকত নিৰ্মিত মলজল শোধন প্লান্ট উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে।

ছিৱান পৌৰ সভা আৰু চাপ্ৰা পৌৰ নিগমৰদ্বাৰা আমৰুট অভিযানৰ অধীনত নিৰ্মিত পানী যোগান প্ৰকল্প প্ৰধানমন্ত্ৰীগৰাকীয়ে উদ্বোধন কৰিব। এই দুয়োটা প্ৰকল্পই স্থানীয় গৃহস্থীসমূহে দিনটোৰ ২৪ ঘন্টাই বিশুদ্ধ খোৱা পানী লাভত সহায় কৰিব।

প্ৰধানমন্ত্ৰীগৰাকীয়ে আমৰুট অভিযানৰ অধীনত নিৰ্মাণ কৰিবলগীয়া মাংগাৰ পানী যোগান আঁচনিৰ আধাৰশিলা স্থাপন কৰিব। এই আঁচনিৰ জৰিয়তে মাংগাৰ পৌৰ নিগমৰ এলেকাধীন গৃহস্থীসমূহে পাইপলাইনেৰে বিশুদ্ধ পানী লাভত সহায়ক হৈ উঠিব। জামালপুৰ পৌৰ সভাৰদ্বাৰা আমৰুট অভিযানৰ অধীনত নিৰ্মাণ হ’বলগীয়া জামালপুৰ পানী যোগান আঁচনিৰো আধাৰশিলা স্থাপন কৰা হ’ব।

নমামী গংগাৰ অধীনত নিৰ্মাণ হ’বলগীয়া মুজাফ্ফৰপুৰ ৰিভাৰফ্ৰন্ট উন্নয়ন আঁচনিৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে। এই প্ৰকল্পটোৰ অধীনত, মুজাফ্ফৰপুৰৰ তিনিটা ঘাট (পূব আখাডা ঘাট, সিদ্ধি ঘাট আৰু চান্দৱাৰা ঘাট)ৰ উন্নয়ন সাধন কৰা হ’ব। এই ৰিভাৰফ্ৰন্টকেইটাত টয়লেট, ইনফৰ্মেশ্যন কিয়স্ক, চেঞ্জিং ৰুম, পাথৱে’, ৱাটচ টাৱাৰৰ দৰে প্ৰাথমিক সা-সুবিধাসমূহৰ ব্যৱস্থা কৰা হ’ব। তদুপৰি এই ঘাটসমূহত যথোচিত নিৰাপত্তা ব্যৱস্থা, চাইনেজ আৰু পৰ্যাপ্ত পোহৰৰ ব্যৱস্থা কৰা যাব। ৰিভাৰফ্ৰন্টকেইটাৰ এনে উন্নয়নসাধনে পৰ্যটনত প্ৰভাৱ বিস্তাৰ কৰিব আৰু ভৱিষ্যতে ইয়াক আকৰ্ষণৰ কেন্দ্ৰবিন্দু কৰি তুলিব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India stands tall in shaky world economy as Fitch lifts FY26 growth view to 7.5%

Media Coverage

India stands tall in shaky world economy as Fitch lifts FY26 growth view to 7.5%
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 14 মাৰ্চ 2026
March 14, 2026

Heartening Resolve Meets Bold Action: PM Modi's Transformative Push for a Developed Assam.