প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২১ ৰ ১৯ ফেব্ৰুৱাৰীৰ বিয়লি ৪:৩০ বজাত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে কেৰালাৰ শক্তি আৰু নগৰীয়া খণ্ডৰ প্ৰধান প্ৰকল্পসমূহৰ উদ্বোধন আৰু শিলান্যাস কৰিব। এই কাৰ্যসূচীত কেৰালাৰ মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় শক্তি আৰু নতুন ও নৱীকৰণযোগ্য শক্তি আৰু হাউছিং ও নগৰ পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব) উপস্থিত থাকিব।

পুগালুৰ- ত্রিশূৰ পাৱাৰ ট্ৰেন্সমিশ্যন প্ৰকল্প

প্ৰধানমন্ত্ৰীয়ে ৩২০ কেভি পুগালুৰ (তামিল নাডু)- ত্ৰিশূৰ (কেৰালা) পাৱাৰ ট্ৰেন্সমিশ্যন প্ৰকল্প উদ্বোধন কৰিব। ই হৈছে ভল্টেজ চ’ৰ্চ কনভাৰ্টাৰ (VSC) নিৰ্ভৰ হাই ভল্টেজ ডাইৰেক্ট কাৰেন্ট (HVDC) প্ৰকল্প আৰু ইয়াত আছে ভাৰতৰ প্ৰথম এইচভিডিচি লিংক বৈশিষ্ট্যযুক্ত অত্যাধুনিক ভিএছচি প্ৰযুক্তি। ৫০৭০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা, এই প্ৰকল্পটোৱে উত্তৰ অঞ্চলৰপৰা ২০০০ মেগাৱাট শক্তি স্থানান্তৰ সুচলতৰ কৰিব আৰু কেৰালাৰ জনসাধাৰণৰ অৰ্থে ল’ডৰ বৃদ্ধিৰো মোকাবিলা কৰাত সহায় আগবঢ়াব। এই ভিএছচি নিৰ্ভৰ প্ৰণালীটোক অ’ভাৰহেড লাইনৰ সৈতে এইচভিডিচি এক্সএলপিই (ক্ৰছ-লিংকড পলিথিলেন) কেব’লেৰে সংহত কৰা হৈছে যিয়ে গতানুগতিক এইচভিডিচি প্ৰণালীৰ তুলনাত ৰাইট-অৱ-ৱে তথা একেদৰে ৩৫-৪০% নিম্ন লেণ্ড ফুটপ্ৰিন্ট ৰাহি কৰে।

কাচাৰগড় সৌৰ শক্তি প্ৰকল্প

প্ৰধানমন্ত্ৰীয়ে ৫০ মেগাৱাটৰ কাচাৰগড় সৌৰ শক্তি প্ৰকল্প ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব। ৰাষ্ট্ৰীয় সৌৰ শক্তি অভিযানৰ অধীনত ইয়াক স্থাপন কৰা হৈছে। কাচাৰগড় জিলাৰ পাইভালিকে, মিঞ্জা আৰু চিপ্পাৰ গাঁৱৰ ২৫০ ৰোধিক একৰ ভূমিত স্থাপন কৰা এই প্ৰকল্পটোত কেন্দ্ৰীয় চৰকাৰে প্ৰায় ২৮০ কোটি টকা বিনিয়োগ কৰিছে।

সংহত কামাণ্ড আৰু কনট্ৰ’ল কেন্দ্ৰ

প্ৰধানমন্ত্ৰীয়ে তিৰুবনন্তপুৰমত সংহত কামাণ্ড আৰু কনট্ৰ’ল কেন্দ্ৰৰ শিলান্যাস কৰিব। ৯৪ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া এই প্ৰকল্পই তিৰুবনন্তপুৰম পৌৰ নিগমৰ অৰ্থে স্মাৰ্ট চলুচনৰ পথ প্ৰশস্ত কৰিব আৰু সমন্বিত কৰ্মক সুচলতৰ কৰি তুলিবলৈ জৰুৰীকালীন পৰিস্থিতিৰ সময়ছোৱাত কাৰ্যৰ কমন পইন্টৰ ভূমিকা পালন কৰিব।

স্মাৰ্ট পথ প্ৰকল্প

প্ৰধানমন্ত্ৰীয়ে তিৰুবনন্তপুৰমত স্মাৰ্ট পথ প্ৰকল্পৰ শিলান্যাস কৰিব। ৪২৭ কোটি টকা আনুমানিক ব্যয় সাপেক্ষে এই প্ৰকল্পটোৰ নিৰ্মাণ আৰম্ভ কৰা হ’ব। এই প্ৰকল্পটোৰ লক্ষ্য হৈছে তিৰুবনন্তপুৰমৰ বৰ্তমানে থকা ৩৭ কিঃমিঃ পথক সকলো উৰ্ধ্বস্থ উপযোগিতাক নিম্নদেশলৈ নি তথা পথ আৰু সংযোগস্থলসমূহৰ উন্নয়ন সাধনৰদ্বাৰা বিশ্ব মানৰ স্মাৰ্ট পথলৈ ৰূপান্তৰিত কৰা।

অৰবিক্কাৰত পানী শোধন প্ৰকল্প

প্ৰধানমন্ত্ৰীয়ে অমৰুট অভিযানৰ অধীনত অৰবিক্কাৰত নিৰ্মাণ কৰা ৭৫ এমএলডি (প্ৰতি দিনে নিযুত লিটাৰ) পানী শোধন প্ৰকল্প উদ্বোধন কৰিব। এই প্ৰকল্পই তিৰুবনন্তপুৰমৰ জনসাধাৰণলৈ পানী যোগানত উদ্দীপনা যোগাব অৰবিক্কাৰত বৰ্তমানে থকা শোধন প্ৰকল্পসমূহৰ মেৰামতি কাৰ্য চলি থকাৰ সময়ত চহৰখনলৈ খোৱা পানী যোগানত ব্যাঘাত জন্মাৰ দৰে ঘটনা ৰোধত সহায় আগবঢ়াব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
'Wed in India’ Initiative Fuels The Rise Of NRI And Expat Destination Weddings In India

Media Coverage

'Wed in India’ Initiative Fuels The Rise Of NRI And Expat Destination Weddings In India
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister Congratulates Indian Squash Team on World Cup Victory
December 15, 2025

Prime Minister Shri Narendra Modi today congratulated the Indian Squash Team for creating history by winning their first‑ever World Cup title at the SDAT Squash World Cup 2025.

Shri Modi lauded the exceptional performance of Joshna Chinnappa, Abhay Singh, Velavan Senthil Kumar and Anahat Singh, noting that their dedication, discipline and determination have brought immense pride to the nation. He said that this landmark achievement reflects the growing strength of Indian sports on the global stage.

The Prime Minister added that this victory will inspire countless young athletes across the country and further boost the popularity of squash among India’s youth.

Shri Modi in a post on X said:

“Congratulations to the Indian Squash Team for creating history and winning their first-ever World Cup title at SDAT Squash World Cup 2025!

Joshna Chinnappa, Abhay Singh, Velavan Senthil Kumar and Anahat Singh have displayed tremendous dedication and determination. Their success has made the entire nation proud. This win will also boost the popularity of squash among our youth.

@joshnachinappa

@abhaysinghk98

@Anahat_Singh13”