প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে ভিডিঅ’ কনফাৰেন্সযোগে ২২ ডিচেম্বৰ, ২০২০ৰ বিয়লি ৪.৩০ বজাত ভাৰত আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান উৎসৱ (আইআইএছএফ) ২০২০ত উদ্বোধনী ভাষণ আগবঢ়াব৷ কেন্দ্রীয় মন্ত্রী ডঃ হর্ষ বর্ধন এই অনুষ্ঠানত উপস্থিত থাকিব৷

আইআইএছএফ বিষয়ে

বিজ্ঞান আৰু প্রযুক্তি আৰু ভূ-বিজ্ঞান মন্ত্ৰালয়ে বিজ্ঞান ভাৰতীৰ সহযোগত সমাজত বিজ্ঞানমনস্কতা গঢ়ি তোলাৰ লক্ষ্যৰে ভাৰত আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান উৎসৱৰ আৰম্ভ কৰিছিল। বিজ্ঞান আৰু প্রযুক্তিৰ প্রসাৰ ঘটোৱাৰ বাবে ২০১৫ চনৰ পৰা আইআইএফচি আৰম্ভ হয়। জনসাধাৰণক বিজ্ঞানৰ সৈতে জড়িত কৰি, বিজ্ঞানৰ আনন্দ উপভোগ কৰোৱা আৰু বিজ্ঞান, প্রযুক্তি, অভিযান্ত্ৰিক আৰু গণিতে কিদৰে জীৱনৰ মান উন্নয়ন ঘটোৱাত বিভিন্ন সমস্যাৰ সমাধান কৰিব, সেয়া জনোৱাটোৱেই এই উৎসৱৰ উদ্দেশ্য। বৈজ্ঞানিক জ্ঞান, সৃষ্টিশীলতা, জটিল বিষয়ক লৈ চিন্তা-চৰ্চা কৰাৰ ক্ষমতা গঢ় দিয়া, বিভিন্ন সমস্যাৰ সমাধান কৰা আৰু দলগতভাৱে কাম কৰাৰ জৰিয়তে যুৱসম্প্রদায়ক দক্ষতাৰ দিশত একবিংশ শতিকাৰ উপযোগী কৰি তোলাই ২০২০ৰ আইআইএছএফৰ লক্ষ্য। ছাত্র-ছাত্রীসকলক বিজ্ঞানৰ বিভিন্ন বিষয়ত পৰীক্ষা-নিৰীক্ষা কৰি কাম কৰিবলৈ উৎসাহিত কৰাও এই উৎসৱৰ দীর্ঘম্যাদী পৰিকল্পনাৰে অংশ৷।

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Led by iPhones, India sees highest Q1 smartphone exports by value

Media Coverage

Led by iPhones, India sees highest Q1 smartphone exports by value
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 29 জুলাই 2026
July 29, 2026

Aatmanirbhar & Eco-Conscious: PM Modi’s Record of Results in Conservation, Banking, Exports & Beyond