PM to attend Annual DGP Conference at BSF Academy in Tekanpur

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মধ্যপ্ৰদেশৰ টেকানপুৰস্থিত বিএছএফ একাডেমী ৭ আৰু ৮ জানুৱাৰীত অনুষ্ঠিত হ’বলগীয়া ডিজিপি আৰু আইজিপিসকলৰ বাৰ্ষিক সন্মিলনত ভাগ ল’ব।

ডিজিপি সন্মিলন হৈছে দেশৰ শীৰ্ষ আৰক্ষী বিষয়াসকলৰ এক বাৰ্ষিক অনুষ্ঠান, য’ত তেওঁলোকে বিভিন্ন বিষয়ৰ সন্দৰ্ভত মত-বিনিময় কৰাৰ লগতে আলোচনা কৰে। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৪ চনত অসমৰ গুৱাহাটীত, ২০১৫ চনত গুজৰাটৰ কচ্চৰ ৰণৰ ধৰডো আৰু ২০১৬ চনত হায়দৰাবাদৰ নেচনেল পুলিচ একাডেমীত অনুষ্ঠিত সন্মিলনত ভাগ লৈছিল।

যোৱা বছৰৰ সন্মিলনত সীমান্তৰ সন্ত্ৰাসবাদ আৰু মৌলবাদী সংগঠনৰ কাৰ্যকলাপ সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰা হৈছিল। প্ৰধানমন্ত্ৰীয়ে সেই সন্মিলনত নেতৃত্বৰ গুৰুত্ব, সুক্ষ্ম দক্ষতা আৰু সামূহিক প্ৰশিক্ষণৰ ওপৰত জোৰ দিছিল। তেওঁ বিশেষকৈ আৰক্ষী বাহিনীৰ বাবে প্ৰযুক্তি আৰু মানৱ সংযুক্তিৰ সন্দৰ্ভত উল্লেখ কৰে।

প্ৰধানমন্ত্ৰীয়ে দেশৰ ৰাজধানী চহৰৰ বাহিৰত বাৰ্ষিক জিডিপি সন্মিলন অনুষ্ঠিত কৰাৰ উদ্দেশ্য হৈছে তেওঁৰ মতে এই সন্মিলন কেৱল ৰাজধানী দিল্লীত নহয়, দেশৰ বিভিন্ন স্থানত হোৱা উচিত।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
‘Give mothers, sisters their due rights’: PM Modi pushes for women's reservation from the ramparts of Red Fort

Media Coverage

‘Give mothers, sisters their due rights’: PM Modi pushes for women's reservation from the ramparts of Red Fort
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 16 আগষ্ট 2026
August 16, 2026

Aatmanirbhar Ambitions Meet Global Alliances: The Modi Doctrine in Action