প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদী ১৭মার্চৰ দুপৰীয়া ১২ বজাত ভিডিঅ’ কনফাৰেন্সিংযোগে লালবাহাদুৰ শাস্ত্রী নেচনেল একাডেমী অফ এডমিনিষ্ট্ৰেচন(এলবিএছএনএএ)ৰ ৯৬সংখ্যক কমন ফাউণ্ডেশ্যন কোৰ্চৰ বিদায়ী অনুষ্ঠানত ভাষণ আগবঢ়াব৷ অনুষ্ঠানত তেওঁ নতুন ক্ৰীড়া চৌহদ আৰু নতুন ৰূপত সজ্জিত হেপী ভেলী কমপ্লেক্স দেশবাসীৰ নামত উৎসৰ্গা কৰিব৷

এলবিএছএনএএত মিচন কর্মযোগী নীতি অনুসৰণ কৰি প্রথম কমন ফাউণ্ডেশ্যন কোৰ্চ হিচাপে ৯৬সংখ্যক ফাউণ্ডেশ্যন কোৰ্চ পৰিচালনা কৰা হৈছে৷ এই পাঠক্রম নতুন শিক্ষা নীতি অনুসৰণ কৰে প্ৰস্তুত কৰা হৈছে৷ ৯৬সংখ্যক ফাইণ্ডেশ্যন কোৰ্চত ১৬টা বিভাগৰ ৪৮৮গৰাকী প্ৰশিক্ষণৰত বিষয়াৰ উপৰি ৰয়েল ভুটান ছার্ভিচৰ (প্রশাসন, আৰক্ষী আৰু বন) তিনিগৰাকী বিষয়াও আছে৷

যুৱ সম্প্রদায়ৰ দুঃসাহসিক অভিযানৰ মানসিকতাৰ প্ৰতি লক্ষ্য ৰাখি এই বেটচত কিছু নতুনত্ব অনা হৈছে৷ মিচন কর্মযোগীৰ নীতি অনুসৰণ কৰি নতুন যি শিক্ষা ব্যৱস্থা গঢ়ি তোলা হৈছে, য’ত এজন ছাত্র/নাগৰিকৰ পৰা প্ৰশিক্ষণৰত বিষয়া হৈ উঠাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে৷ এজন সমাজসেৱক হৈ উঠাৰ বাবে সবকা প্রয়াস ভাৱনাৰে পদ্ম সন্মান প্রাপকসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে গ্রামীণ ভাৰতৰ সন্দৰ্ভত ধাৰণা পোৱাৰ বাবে গাঁৱলৈ যোৱা ব্যৱস্থা কৰা হৈছে৷ দুৰ্গম আৰু সীমান্তৱর্তী অঞ্চলৰ গাঁওসমূহ ভ্ৰমণ কৰি প্ৰশিক্ষণৰত বিষয়াসকলে সেই সকলো অঞ্চলৰ বিভিন্ন সমস্যা সম্পর্কে বুজাৰ চেষ্টা কৰিছে৷ ক্ৰমান্বয়ে জ্ঞান লাভ আৰু নিজা অভিজ্ঞতাৰ পৰা শিকাৰ নীতিৰে পাঠক্রমত মডিউলাৰ ব্যৱস্থাৰ প্রচলন কৰা হৈছে৷ স্বাস্থ্য পৰীক্ষাৰ লগতে ফিটনেচ পৰীক্ষাৰ জৰিয়তে প্ৰশিক্ষণৰত বিষয়াসকলৰ পৰীক্ষাৰ বোজাৰে ভাৰাক্রান্ত ছাত্রৰ পৰিৱৰ্তে সুস্থ আৰু তাৰুণ্যভৰা অসামৰিক সেৱাত পৰিণত কৰা হৈছে৷ ৪৮৮জন বিষয়া প্ৰশিক্ষাৰ্থীৰ প্রত্যেককে আত্মৰক্ষাৰ জন্য কৌশল(ক্ৰভ মেগা)ৰ প্রথম পর্যায়ৰ প্রশিক্ষণসহ বিভিন্ন খেলাধুলাৰ সৈতে পৰিচিত কৰোৱা হৈছে৷

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
‘Give mothers, sisters their due rights’: PM Modi pushes for women's reservation from the ramparts of Red Fort

Media Coverage

‘Give mothers, sisters their due rights’: PM Modi pushes for women's reservation from the ramparts of Red Fort
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 16 আগষ্ট 2026
August 16, 2026

Aatmanirbhar Ambitions Meet Global Alliances: The Modi Doctrine in Action